--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰসৱ বেদনাত ভুগি আছিল মহিলাগৰাকী। বৰফৰে আবৃত ৰাস্তাপাৰ হৈ চিকিৎসালয়লৈ যোৱাৰ কোনো ক্ষমতা নাছিল তেওঁৰ। এই খবৰ পাইছিল ভাৰতীয় সেনাই । সেনাই অলপো সময় নষ্ট নকৰাকৈ গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰণ কৰে।  প্ৰতিকূল পৰিস্থিতিৰ মাজতে সেনাই মহিলাগৰাকীক  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

তেওঁক সুৰক্ষিতভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। কাশ্মীৰৰ কুপৱাৰাত আকৌ এবাৰ সেনাৰ এনে মহানুভৱতাই বহুতকে আকৃষ্ট কৰিছে। শনিবাৰে নিশা প্ৰায় ১০.৪০ বজাত ভিলগামৰ সেনা শিবিৰত হঠাতে খবৰ আহিল যে  এগৰাকী গৰ্ভৱতী মহিলাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। তেওঁক লগে লগে উদ্ধাৰ কৰিব লাগে আৰু চিকিৎসা আৰম্ভ কৰিব লাগে। কিন্তু বৰফৰ বাবে যোৱা দুদিন ধৰি ভিলগামৰ পৰা খানবাললৈ যোৱা পথটো বন্ধ হৈ আছে। ফলস্বৰূপে  গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰ কৰাটো প্ৰায় অসম্ভৱ।
 
কিন্তু  ভাৰতীয় সেনাইআৰু হাত সাৱটি বহি থকা নাছিল। সেনাৰ জোৱানসকলে  নিৰন্তৰ তুষাৰপাতৰ মাজতে  মহিলাগৰাকীৰ ওচৰলৈ যাবলৈ নিজৰ জীৱন বিপদ পেলায়ো  অগ্ৰসৰ হ’ল। এটাসময়ত সেনাৰ জোৱানে বৰফৰ মাজৰে গৈ মহিলাগৰাকীৰ ঘৰত উপস্থিত হ’ল আৰু মহিলাগৰাকীক  ষ্ট্ৰেচ্ছাৰত তুলি  বাহিৰলৈ লৈ আহিল। । তাৰ পিছত দীঘলীয়া পথৰ যাত্ৰাৰৰ অন্তত মহিলাগৰাকীক  সুৰক্ষিতভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভাৰতীয় সেনাই গৰ্ভৱতী মহিলাগৰাকীক কেনেদৰে বৰফৰে আবৃত পথত উদ্ধাৰ কৰিছিল  তাৰ এটা ভিডিঅ' মুকলি কৰিছে। 

সেনাৰ এনে সেৱা এয়াই  প্ৰথম  নহয়। অতীততো  সেনাই গৰ্ভৱতী মহিলাগৰাকীক একেধৰণে উদ্ধাৰ কৰিছিল। যোৱা বছৰ ভাৰতীয় সেনা আৰু বায়ুসেনাই কাশ্মীৰৰ কিষ্ণৱাৰৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি  জিলা চিকিৎসালয়ত ভৰ্তি কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক