--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰসৱ বেদনাত ভুগি আছিল মহিলাগৰাকী। বৰফৰে আবৃত ৰাস্তাপাৰ হৈ চিকিৎসালয়লৈ যোৱাৰ কোনো ক্ষমতা নাছিল তেওঁৰ। এই খবৰ পাইছিল ভাৰতীয় সেনাই । সেনাই অলপো সময় নষ্ট নকৰাকৈ গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰণ কৰে।  প্ৰতিকূল পৰিস্থিতিৰ মাজতে সেনাই মহিলাগৰাকীক  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

তেওঁক সুৰক্ষিতভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। কাশ্মীৰৰ কুপৱাৰাত আকৌ এবাৰ সেনাৰ এনে মহানুভৱতাই বহুতকে আকৃষ্ট কৰিছে। শনিবাৰে নিশা প্ৰায় ১০.৪০ বজাত ভিলগামৰ সেনা শিবিৰত হঠাতে খবৰ আহিল যে  এগৰাকী গৰ্ভৱতী মহিলাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। তেওঁক লগে লগে উদ্ধাৰ কৰিব লাগে আৰু চিকিৎসা আৰম্ভ কৰিব লাগে। কিন্তু বৰফৰ বাবে যোৱা দুদিন ধৰি ভিলগামৰ পৰা খানবাললৈ যোৱা পথটো বন্ধ হৈ আছে। ফলস্বৰূপে  গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰ কৰাটো প্ৰায় অসম্ভৱ।
 
কিন্তু  ভাৰতীয় সেনাইআৰু হাত সাৱটি বহি থকা নাছিল। সেনাৰ জোৱানসকলে  নিৰন্তৰ তুষাৰপাতৰ মাজতে  মহিলাগৰাকীৰ ওচৰলৈ যাবলৈ নিজৰ জীৱন বিপদ পেলায়ো  অগ্ৰসৰ হ’ল। এটাসময়ত সেনাৰ জোৱানে বৰফৰ মাজৰে গৈ মহিলাগৰাকীৰ ঘৰত উপস্থিত হ’ল আৰু মহিলাগৰাকীক  ষ্ট্ৰেচ্ছাৰত তুলি  বাহিৰলৈ লৈ আহিল। । তাৰ পিছত দীঘলীয়া পথৰ যাত্ৰাৰৰ অন্তত মহিলাগৰাকীক  সুৰক্ষিতভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভাৰতীয় সেনাই গৰ্ভৱতী মহিলাগৰাকীক কেনেদৰে বৰফৰে আবৃত পথত উদ্ধাৰ কৰিছিল  তাৰ এটা ভিডিঅ' মুকলি কৰিছে। 

সেনাৰ এনে সেৱা এয়াই  প্ৰথম  নহয়। অতীততো  সেনাই গৰ্ভৱতী মহিলাগৰাকীক একেধৰণে উদ্ধাৰ কৰিছিল। যোৱা বছৰ ভাৰতীয় সেনা আৰু বায়ুসেনাই কাশ্মীৰৰ কিষ্ণৱাৰৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰি  জিলা চিকিৎসালয়ত ভৰ্তি কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু