--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেসঃহেমন্ত ছোৰেনৰ  পদত্যাগৰ পিছত পুনৰ স্থায়ী  চৰকাৰ  ঘূৰি আহিছে ঝাৰখণ্ডলৈ। বুধবাৰে নিশা ইডিয়ে হেমন্ত ছোৰেনক  গ্ৰেপ্তাৰ কৰাৰ ঠিক আগে আগে  ছোৰেনে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে  চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।চম্পাই ছোৰেনে  সোমবাৰে বিধানসভাত আস্থা ভোটত জয়লাভ কৰি  চৰকাৰ  গঠনৰ বাট মোকলাই ল’লে।

 চম্পাই ছোৰেনে  ৪৭ জন বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ২৯ জন বিধায়কে মুখ্যমন্ত্ৰী আস্থাভোটত চম্পাই ছোৰেনৰ  বিৰোধিতা কৰে। কিন্তু সমৰ্থন কৰা বিধায়কৰ সংখ্যা বেছি হোৱাত চম্পাই ছোৰেন মুখ্যমন্ত্ৰীৰ পদত বাহাল থকাটো নিশ্চিত হৈ পৰে। উল্লেখ্য চম্পাই ছোৰেনে  শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। ঝাৰখণ্ডৰ তদানীন্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে ঝাৰখণ্ডৰ ৰাজনীতিত অস্থিৰতা আৰম্ভ হয়। কংগ্ৰেছ, আৰজেডি আৰু অন্যান্য সহযোগী দলৰ সন্মতিত চম্পাই ছোৰেনক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছিল। 

হেমন্তৰ পদত্যাগৰ ৩৬ ঘণ্টা পিছত চম্পাই ছোৰেনে  মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।কিন্তু শপত লোৱাৰ পাছতো শংকাৰ  ডাৱৰ আঁতৰি যোৱা নাছিল। মিত্ৰজোঁটৰ বিধায়কসকলক  হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা কৰিবলৈ কংগ্ৰেছ শাসিত তেলেংগানালৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য ভূমি কেলেংকাৰীৰ  গোচৰৰ সন্দৰ্ভত বুধবাৰে নিশা ইডিয়ে হেমন্ত ছোৰেনক  গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা  হেমন্ত ছোৰেনে  জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক  ৰাঁচীৰ এখন বিশেষ আদালতে এদিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। শুক্ৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ত হেমন্তৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে উচ্চতম ন্যায়ালয়ে  গোচৰটোৰ শুনানিৰ বিষয়ত  আগ্ৰহী নহয়। 

ইয়াৰ পৰিৱৰ্তে শিবু ছোৰেনৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে। অধিবক্তা কপিল চিবাল হেমন্ত ছোৰেনৰ  হৈ আদালতত  উপস্থিত থাকে।  এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো  গুৰুত্বপূৰ্ণ কথা বুলি ছোৰেনৰ অধিবক্তাই আদালতত কৈছিল। । ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয় যে দেশৰ আদালতসমূহ সকলো লোকৰ বাবে মুকলি। উচ্চ ন্যায়ালয়েও সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি কাম কৰে।

ইপিনে  ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  জামিনৰ আবেদন  দাখিল কৰাৰ আগতেই  ৰাঁচীৰ এখন আদালতে হেমন্তক পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে, শিবু ছোৰেনৰ পুত্ৰ হেমন্ত ছোৰেনে  এতিয়াও ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  গ্ৰেপ্তাৰৰ বিৰুদ্ধে আবেদন  কৰাৰ পথ  মুকলি হৈ আছে। চম্পাই ছোৰেনে শুক্ৰবাৰে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement