--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৰুণাচলত ভাৰত- চীন সীমান্ত ভাৰতীয় সেনাৰ শক্তি প্ৰদৰ্শন। চীনলৈ সতৰ্কবাণী দিলে ভাৰতীয় সেনাই। টাৱাং সীমান্তত বিধ্বংসী টেংক ধ্বংস কৰি পৰাক্ৰম দেখুৱালে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই যুদ্ধৰ অনুশীলনত এই শক্তি প্ৰদৰ্শন কৰি এইবাৰ ৰঙা চীনক দেখুৱালে ৰঙা চকু। ভাৰতীয় সেনাৰ সীমান্তত এই অনুশীলনৰ ভিডিঅ’ প্ৰকাশ কৰা হৈছে। টেংকধ্বংসী ক্ষেপণাস্ত্ৰ শক্তি প্ৰদৰ্শনৰ উপৰি টাৱাং সীমান্তত বফোৰ্ছ কামান বন্দুক, এছল্ট ৰাইফল, ঘাতক এণ্টী-ড্ৰোণ ছিষ্টেমো প্ৰদৰ্শন কৰা হয় এই অনুশীলনত।

স্বাভাৱিকতে এই অস্ত্ৰশস্ত্ৰ আৰু টেংকধ্বংসী ক্ষেপণাস্ত্ৰই সীমান্তত শক্তি বৃদ্ধি কৰিছে ভাৰতীয় সেনাৰ। আনহাতে, সুৰংগৰ সহায়ত চীন ক প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভাৰতবৰ্ষ। অৰুণাচল প্ৰদেশৰ ১৪ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে সুৰংগ। এই সুৰংগৰ নাম চিলা টাৰ্নেল। ২০২২ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব সমৰ কৌশলী এই সুৰংগ। এই সুৰংগৰ ফলত প্ৰতিকূল বতৰৰ মাজতো টাৱাঙৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ অস্ত্ৰ-শস্ত্ৰ নিয়াত সুবিধা হ’ব। চেলা সুৰংগৰ নিৰ্মাণ ব্যয় ৭০০ কোটি টকা। ১৪ হাজাৰ ফুট উচ্চতাত এইটো বিশ্বৰ দীৰ্ঘতম সুৰংগ। এই সুৰংগটোৱে চীনা সীমান্তলৈ যাতায়ত ১ ঘণ্টা হ্ৰাস কৰিব। চীনৰ সীমান্তত সেনা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ, খাদ্য বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত শীতৰ সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যা এই সুৰংগৰ জৰিয়তে বহু পৰিমাণে লাঘৱ হ’ব।

২০১৮ত আৰম্ভ কৰা এই সুৰক্ষাৰ সুৰংগৰ দৈৰ্ঘ্য হৈছে ১৫৫৫ মিটাৰ। হ্ৰস্ব সুৰংগৰ দৈৰ্ঘ্য ৯৮০ মিটাৰ। এই সুৰংগ বালিপৰা-চাৰিদুৱাৰ টাৱাঙৰ পথৰ অংশত থাকিব। সম্পূৰ্ণ অষ্ট্রিয়ান প্ৰযুক্তি ব্যৱহাৰ কৰি এই সুৰংগ নিৰ্মাণ কৰা হৈছে।
ভাৰত-চীন সীমান্তত বিগত বৰ্ষৰ পৰাই নানা উত্তেজনা আৰু সংঘাতময় পৰিস্থিতি অব্যাহত থকাৰ মাজতে ভাৰতৰ এই শক্তি প্ৰদৰ্শন বিশেষ তাতপৰ্যপূৰ্ণ হৈ পৰিছে। সময়ে সময়ে আগ্ৰাসন চলাবলৈ চেষ্টা কৰি থকা চীনক ভাৰতেও যে পূৰ্ণশক্তিৰে
প্ৰত্যাহ্বান জনাব তাৰেই ইংগিত দিছে এই অনুশীলনে। সীমান্তৱৰ্তী টাৱাঙত ভাৰত চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপ চীনৰ বাবে এতিয়া হৈ পৰিছে মূৰৰ কামোৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা