--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৰুণাচলত ভাৰত- চীন সীমান্ত ভাৰতীয় সেনাৰ শক্তি প্ৰদৰ্শন। চীনলৈ সতৰ্কবাণী দিলে ভাৰতীয় সেনাই। টাৱাং সীমান্তত বিধ্বংসী টেংক ধ্বংস কৰি পৰাক্ৰম দেখুৱালে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই যুদ্ধৰ অনুশীলনত এই শক্তি প্ৰদৰ্শন কৰি এইবাৰ ৰঙা চীনক দেখুৱালে ৰঙা চকু। ভাৰতীয় সেনাৰ সীমান্তত এই অনুশীলনৰ ভিডিঅ’ প্ৰকাশ কৰা হৈছে। টেংকধ্বংসী ক্ষেপণাস্ত্ৰ শক্তি প্ৰদৰ্শনৰ উপৰি টাৱাং সীমান্তত বফোৰ্ছ কামান বন্দুক, এছল্ট ৰাইফল, ঘাতক এণ্টী-ড্ৰোণ ছিষ্টেমো প্ৰদৰ্শন কৰা হয় এই অনুশীলনত।


স্বাভাৱিকতে এই অস্ত্ৰশস্ত্ৰ আৰু টেংকধ্বংসী ক্ষেপণাস্ত্ৰই সীমান্তত শক্তি বৃদ্ধি কৰিছে ভাৰতীয় সেনাৰ। আনহাতে, সুৰংগৰ সহায়ত চীন ক প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভাৰতবৰ্ষ। অৰুণাচল প্ৰদেশৰ ১৪ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে সুৰংগ। এই সুৰংগৰ নাম চিলা টাৰ্নেল। ২০২২ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব সমৰ কৌশলী এই সুৰংগ। এই সুৰংগৰ ফলত প্ৰতিকূল বতৰৰ মাজতো টাৱাঙৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ অস্ত্ৰ-শস্ত্ৰ নিয়াত সুবিধা হ’ব। চেলা সুৰংগৰ নিৰ্মাণ ব্যয় ৭০০ কোটি টকা। ১৪ হাজাৰ ফুট উচ্চতাত এইটো বিশ্বৰ দীৰ্ঘতম সুৰংগ। এই সুৰংগটোৱে চীনা সীমান্তলৈ যাতায়ত ১ ঘণ্টা হ্ৰাস কৰিব। চীনৰ সীমান্তত সেনা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ, খাদ্য বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত শীতৰ সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যা এই সুৰংগৰ জৰিয়তে বহু পৰিমাণে লাঘৱ হ’ব।

২০১৮ত আৰম্ভ কৰা এই সুৰক্ষাৰ সুৰংগৰ দৈৰ্ঘ্য হৈছে ১৫৫৫ মিটাৰ। হ্ৰস্ব সুৰংগৰ দৈৰ্ঘ্য ৯৮০ মিটাৰ। এই সুৰংগ বালিপৰা-চাৰিদুৱাৰ টাৱাঙৰ পথৰ অংশত থাকিব। সম্পূৰ্ণ অষ্ট্রিয়ান প্ৰযুক্তি ব্যৱহাৰ কৰি এই সুৰংগ নিৰ্মাণ কৰা হৈছে।
ভাৰত-চীন সীমান্তত বিগত বৰ্ষৰ পৰাই নানা উত্তেজনা আৰু সংঘাতময় পৰিস্থিতি অব্যাহত থকাৰ মাজতে ভাৰতৰ এই শক্তি প্ৰদৰ্শন বিশেষ তাতপৰ্যপূৰ্ণ হৈ পৰিছে। সময়ে সময়ে আগ্ৰাসন চলাবলৈ চেষ্টা কৰি থকা চীনক ভাৰতেও যে পূৰ্ণশক্তিৰে
প্ৰত্যাহ্বান জনাব তাৰেই ইংগিত দিছে এই অনুশীলনে। সীমান্তৱৰ্তী টাৱাঙত ভাৰত চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপ চীনৰ বাবে এতিয়া হৈ পৰিছে মূৰৰ কামোৰণি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক