--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰিয়ানৰ সৈতে ধেমালিতে গাঞ্জাৰ কথা পাতিছিল অনন্যা পাণ্ডেই। নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ দীঘলীয়া জেৰাত কান্দি-কাটি তাকেই ক’লে উদীয়মান তাৰকাৰগৰাকীয়ে। কিন্তু এই ধেমালিয়েই এতিয়া কালল হ’বলৈ গৈ আছে তাৰকাৰ বাবে। আৰিয়ান খানৰ হোৱাটছএপৰ চাটৰ আঁত ধৰি অনন্যাক জেৰাৰ বাবে মাতিছিল তদন্তকাৰী সংস্থাটোৱে।

তেওঁৰ ঘৰতো চলিছিল তালাচী। প্ৰথমে নিষিদ্ধ নিচাৰ সৈতে তেওঁৰ একো সম্পৰ্ক নাই বুলি কোৱা অনন্যাক এনচিবিৰ চতুৰ বিষয়াই তেওঁৰ হোৱাটছএপ চাট দেখুৱাই পাকত পেলায়। য’ত তেওঁ শ্বাহৰুখ তনয় আৰিয়ানৰ সৈতে গাঞ্জা খোৱাৰ কথা পতাটো স্পষ্ট হোৱা বুলি কোৱা হৈছে। আৰিয়ানে গাঞ্জা পোৱা যাব নেকি সোধাত অনন্যাই মই যোগাৰ কৰি দিম বুলি উত্তৰ দিছিল বুলি অভিযোগ উঠিছে। এনে পৰিপ্ৰেক্ষিতত অনন্যাৰ প্ৰতি সন্দেহ গাঢ় হয় এনচিবিৰ। তেওঁক অধিক জেৰা কৰাত বিব্ৰত হৈ তেওঁ সেয়া ধেমালিতে পতা কথা আছিল বুলি মন্তব্য কৰে।
উল্লেখ্য যে, বৃহস্পতিবাৰে দুঘণ্টা ধৰি অনন্যাক জেৰা কৰিছিল সংস্থাটোৱে। তেওঁৰ মোবাইল ফোন আৰু লেপটপো জব্দ কৰিছিল এনচিবি-এ। শুকুৰবাৰে তেওঁক পুনৰ ৪ঘণ্টা জেৰা কৰা হয়। ইয়াতেই ক্ষান্ত নহৈ তেওঁক পুনৰ সোমবাৰে জেৰাৰ বাবে মতা হ’ব বুলি প্ৰকাশ কৰিছে সংস্থাটোৰ এক সূত্ৰই।

এনচিবিৰ বিষয়াই অনন্যাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল যে, আপোনাৰ হোৱাটছএপ চাটৰ পৰা এই কথা প্ৰমাণ হয় যে, আপোনালোকৰ মাজত ড্ৰাগছ কিনা সন্দৰ্ভত কথা পাতিছিল। আপোনালোকে কিমানবাৰ এনেদৰে কথা পাতিছিল। যি ড্ৰাগছৰ কথা আপোনালোকে পাতিছিল সেয়া কোনে যোগান ধৰিছিল? আপোনালোকে পোনপটীয়াকৈ কোনো সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল নেকি? কিমান পৰিমাণৰ ড্ৰাগছ আপোনালোকে কিনিছিল? আৰিয়ানৰ সৈতে কিমানবাৰ আপুনি ড্ৰাগছ লৈছিল? আপোনাৰ সৈতে আৰু কোন আছিল? সৰবৰাহকাৰীক কিদৰে জানিছিল, ধনৰ লেনদেন কেনেকৈ হৈছিল, ক’ত লগ হৈছিল? আদি প্ৰশ্নেৰে অনন্যাক ব্যতিব্যস্ত কৰি তোলে এনচিবিৰ বিষয়াই। এটা সূত্ৰই প্ৰকাশ কৰা মতে অনন্যাক এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ কেবিনত জেৰা কৰা হৈছিল। এইবোৰ প্ৰশ্নৰ উত্তৰত তেওঁ একো কথা নাজানো বুলিয়েই কৈছে যদিও অনন্যাৰ জিভা পিছলিলেই আৰিয়ান খানৰ বিপদ বৃদ্ধিৰ আশংকা বাঢ়িছে।

ইফালে, জেৰাৰ দুয়ো দিনেই অনন্যাৰ পিতৃ, অভিনেতা ছাংকী পাণ্ডে তেওঁৰ সৈতে এনচিবিৰ কাৰ্যালয়ত উপস্থিত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। জেৰাৰ পৰা ওলাই আহি অনন্যাই পিতৃ সাবটি কান্দোনত ভাঙি পৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক