--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰিয়ানৰ সৈতে ধেমালিতে গাঞ্জাৰ কথা পাতিছিল অনন্যা পাণ্ডেই। নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ দীঘলীয়া জেৰাত কান্দি-কাটি তাকেই ক’লে উদীয়মান তাৰকাৰগৰাকীয়ে। কিন্তু এই ধেমালিয়েই এতিয়া কালল হ’বলৈ গৈ আছে তাৰকাৰ বাবে। আৰিয়ান খানৰ হোৱাটছএপৰ চাটৰ আঁত ধৰি অনন্যাক জেৰাৰ বাবে মাতিছিল তদন্তকাৰী সংস্থাটোৱে।

তেওঁৰ ঘৰতো চলিছিল তালাচী। প্ৰথমে নিষিদ্ধ নিচাৰ সৈতে তেওঁৰ একো সম্পৰ্ক নাই বুলি কোৱা অনন্যাক এনচিবিৰ চতুৰ বিষয়াই তেওঁৰ হোৱাটছএপ চাট দেখুৱাই পাকত পেলায়। য’ত তেওঁ শ্বাহৰুখ তনয় আৰিয়ানৰ সৈতে গাঞ্জা খোৱাৰ কথা পতাটো স্পষ্ট হোৱা বুলি কোৱা হৈছে। আৰিয়ানে গাঞ্জা পোৱা যাব নেকি সোধাত অনন্যাই মই যোগাৰ কৰি দিম বুলি উত্তৰ দিছিল বুলি অভিযোগ উঠিছে। এনে পৰিপ্ৰেক্ষিতত অনন্যাৰ প্ৰতি সন্দেহ গাঢ় হয় এনচিবিৰ। তেওঁক অধিক জেৰা কৰাত বিব্ৰত হৈ তেওঁ সেয়া ধেমালিতে পতা কথা আছিল বুলি মন্তব্য কৰে।
উল্লেখ্য যে, বৃহস্পতিবাৰে দুঘণ্টা ধৰি অনন্যাক জেৰা কৰিছিল সংস্থাটোৱে। তেওঁৰ মোবাইল ফোন আৰু লেপটপো জব্দ কৰিছিল এনচিবি-এ। শুকুৰবাৰে তেওঁক পুনৰ ৪ঘণ্টা জেৰা কৰা হয়। ইয়াতেই ক্ষান্ত নহৈ তেওঁক পুনৰ সোমবাৰে জেৰাৰ বাবে মতা হ’ব বুলি প্ৰকাশ কৰিছে সংস্থাটোৰ এক সূত্ৰই।

এনচিবিৰ বিষয়াই অনন্যাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল যে, আপোনাৰ হোৱাটছএপ চাটৰ পৰা এই কথা প্ৰমাণ হয় যে, আপোনালোকৰ মাজত ড্ৰাগছ কিনা সন্দৰ্ভত কথা পাতিছিল। আপোনালোকে কিমানবাৰ এনেদৰে কথা পাতিছিল। যি ড্ৰাগছৰ কথা আপোনালোকে পাতিছিল সেয়া কোনে যোগান ধৰিছিল? আপোনালোকে পোনপটীয়াকৈ কোনো সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল নেকি? কিমান পৰিমাণৰ ড্ৰাগছ আপোনালোকে কিনিছিল? আৰিয়ানৰ সৈতে কিমানবাৰ আপুনি ড্ৰাগছ লৈছিল? আপোনাৰ সৈতে আৰু কোন আছিল? সৰবৰাহকাৰীক কিদৰে জানিছিল, ধনৰ লেনদেন কেনেকৈ হৈছিল, ক’ত লগ হৈছিল? আদি প্ৰশ্নেৰে অনন্যাক ব্যতিব্যস্ত কৰি তোলে এনচিবিৰ বিষয়াই। এটা সূত্ৰই প্ৰকাশ কৰা মতে অনন্যাক এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ কেবিনত জেৰা কৰা হৈছিল। এইবোৰ প্ৰশ্নৰ উত্তৰত তেওঁ একো কথা নাজানো বুলিয়েই কৈছে যদিও অনন্যাৰ জিভা পিছলিলেই আৰিয়ান খানৰ বিপদ বৃদ্ধিৰ আশংকা বাঢ়িছে।

ইফালে, জেৰাৰ দুয়ো দিনেই অনন্যাৰ পিতৃ, অভিনেতা ছাংকী পাণ্ডে তেওঁৰ সৈতে এনচিবিৰ কাৰ্যালয়ত উপস্থিত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। জেৰাৰ পৰা ওলাই আহি অনন্যাই পিতৃ সাবটি কান্দোনত ভাঙি পৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়