--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পত্নীয়ে বিবাহৰ বহু বছৰৰ পাছতো স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাছিল। পত্নীয়ে স্বামীক কৈছিল যে তেওঁ ব্ৰহ্মচৰ্য নিয়ম পালন কৰি আছে সেয়েহে তেওঁ স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হব নোৱাৰে। স্বামী আৰু পত্নী পেছাত দুয়ো চিকিৎসক।

ইয়াৰ বাবে অশান্তি পাই স্বামীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলগীয়া হ’ল। আদালতে সকলো যুক্তি শুনি স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি দি ন্যায় প্ৰদান কৰে।

পৰিয়ালৰ ইচ্ছামতে ২০০৯ চনত দুয়োৰে বিবাহ হয় আৰু পাৰস্পৰিক মতানৈক্যৰ বাবে ২০১২ চনত পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে। আবেদনত স্বামীয়ে কয় যে বিয়াৰ পিছত পত্নীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাই আৰু পত্নীয়ে ইয়াৰ কাৰণ সন্দৰ্ভত ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ কথা কয়। 

আবেদনখনত স্বামীয়ে লিখিছে যে পত্নীয়ে তেওঁক ভাবুকি দিছিল যে যদি তেওঁক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা দিয়া হয় তেন্তে তেওঁ আত্মহত্যা কৰিব। স্বামীয়ে আবেদনত লগতে লিখিছে যে বিয়াৰ পূৰ্বে পত্নীৰ স্কিজ’ফ্ৰেনিয়া ৰোগৰ বিষয়ে তেওঁক একো কোৱা হোৱা নাছিল। লগতে যোৱা ১২ বছৰ ধৰি শহুৰৰ ঘৰৰ পৰা আঁতৰত থাকি কোনো ধৰণৰ বৈবাহিক দায়িত্ব পালন কৰা নাই পত্নীয়ে।

২০১৮ চনত পৰিয়াল আদালতে স্বামীৰ আবেদন নাকচ কৰি পত্নীৰ যুক্তি মানি লৈছিল। ইয়াৰ পিছতে স্বামীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয়। ইয়াত তেওঁ পত্নীৰ কিছুমান চিকিৎসা প্ৰতিবেদন দাখিল কৰে। লগতে ২০১১ চনৰ পৰা শহুৰেকৰ ঘৰত পত্নী থকা নাই বুলি আদালতত কয়।

উচ্চ ন্যায়ালয়ে স্বামীৰ যুক্তি আৰু পত্নীৰ চিকিৎসা প্ৰতিবেদন বিবেচনা কৰে। আদালতে কয় যে চিকিৎসাৰ অৱস্থা, শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰা আৰু ১২ বছৰ শহুৰেকৰ ঘৰৰ পৰা আঁতৰত থকা...এই সকলোবোৰ কথাই প্ৰমাণ কৰে যে এই দুয়োৰে বৈবাহিক সম্পৰ্ৰক কেতিয়াবাই ভাঙি গৈছে। ইয়াৰ পাছত আদালতে স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে। এই ঘটনা গুজৰাটৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু