--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ৰত্নৰে সন্মানিত কৰা হ’ব দুই প্ৰাক্তন  প্ৰধানমন্ত্ৰীক।  প্ৰাক্তন  প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও আৰু চৌধাৰী চৰণ সিঙক ভাৰতৰত্ন প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী  পিভি নৰসিংহ ৰাও আৰু চৌধাৰী চৰণ সিঙক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে  নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্বৰ  বজাৰৰ বাবে পথ  মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছিল।টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ“জনাবলৈ পাই আনন্দিত হৈছো যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওক ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব৷এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাৱে বিভিন্ন পদবীত থাকি  ভাৰতৰ প্ৰতি অপৰিসীম সেৱা আগবঢ়াইছিল।’’ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়ক হিচাপে বহু বছৰ ধৰি কৰা কামৰ বাবে তেওঁক সমানেৰে স্মৰণ কৰা হয়। তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক অৰ্থনৈতিকভাৱে উন্নত কৰি তোলাত সহায় কৰিছিল, দেশৰ সমৃদ্ধি আৰু বৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাৱে ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষা খণ্ডলৈ অমূল্য অৱদান আগবঢ়াইছিল।একেদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙকো প্ৰদান কৰা হ’ব ভাৰত ৰত্ন। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী  চৌধাৰী চৰণ সিঙক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷প্ৰ

য়াত নেতাগৰাকীয়ে সমগ্ৰ জীৱন কৃষকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যানৰ নামত উৎসৰ্গা কৰা বুলি প্ৰশংসা কৰে৷টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ“আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙক ভাৰতৰত্নৰে সন্মানিত কৰা হৈছে। এই সন্মান দেশলৈ তেওঁ আগবঢ়োৱা অতুলনীয় অৱদানৰ নামত উৎসৰ্গিত। তেওঁ গোটেই জীৱন কৃষকৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেই হওক বা দেশৰ গৃহমন্ত্ৰী হিচাপেই হওক আৰু আনকি এগৰাকী বিধায়ক হিচাপেও তেওঁ সদায় ৰাষ্ট্ৰ নিৰ্মাণক গতি প্ৰদান কৰিছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সমগ্ৰ দেশৰ বাবে প্ৰেৰণাদায়ক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু