--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ৰত্নৰে সন্মানিত কৰা হ’ব দুই প্ৰাক্তন  প্ৰধানমন্ত্ৰীক।  প্ৰাক্তন  প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও আৰু চৌধাৰী চৰণ সিঙক ভাৰতৰত্ন প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী  পিভি নৰসিংহ ৰাও আৰু চৌধাৰী চৰণ সিঙক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে  নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্বৰ  বজাৰৰ বাবে পথ  মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছিল।টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ“জনাবলৈ পাই আনন্দিত হৈছো যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওক ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব৷এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাৱে বিভিন্ন পদবীত থাকি  ভাৰতৰ প্ৰতি অপৰিসীম সেৱা আগবঢ়াইছিল।’’ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়ক হিচাপে বহু বছৰ ধৰি কৰা কামৰ বাবে তেওঁক সমানেৰে স্মৰণ কৰা হয়। তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক অৰ্থনৈতিকভাৱে উন্নত কৰি তোলাত সহায় কৰিছিল, দেশৰ সমৃদ্ধি আৰু বৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাৱে ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষা খণ্ডলৈ অমূল্য অৱদান আগবঢ়াইছিল।একেদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙকো প্ৰদান কৰা হ’ব ভাৰত ৰত্ন। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী  চৌধাৰী চৰণ সিঙক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷প্ৰ

য়াত নেতাগৰাকীয়ে সমগ্ৰ জীৱন কৃষকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যানৰ নামত উৎসৰ্গা কৰা বুলি প্ৰশংসা কৰে৷টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ“আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙক ভাৰতৰত্নৰে সন্মানিত কৰা হৈছে। এই সন্মান দেশলৈ তেওঁ আগবঢ়োৱা অতুলনীয় অৱদানৰ নামত উৎসৰ্গিত। তেওঁ গোটেই জীৱন কৃষকৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেই হওক বা দেশৰ গৃহমন্ত্ৰী হিচাপেই হওক আৰু আনকি এগৰাকী বিধায়ক হিচাপেও তেওঁ সদায় ৰাষ্ট্ৰ নিৰ্মাণক গতি প্ৰদান কৰিছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সমগ্ৰ দেশৰ বাবে প্ৰেৰণাদায়ক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান