--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যিকোনো ব্যক্তিৰ ভাগ্য আৰু কৰ্মত গ্ৰহ-নক্ষত্ৰৰ বিশেষ অৱদান থাকে। যদি গ্ৰহবোৰৰ অৱস্থান শুদ্ধ নহয়, তেন্তে বহু চেষ্টা কৰিও ব্যক্তিজনে সফলতা লাভ কৰিবলৈ সক্ষম নহয়। জ্যোতিষত এনে বহুতো প্ৰতিকাৰৰ কথা কোৱা হৈছে, যাৰ দ্বাৰা জীৱনৰ প্ৰতিটো সমস্যা দূৰ কৰিব পৰা যায়। এই প্ৰতিকাৰে কেৰিয়াৰ, চাকৰি, ব্যৱসায় আৰু প্ৰেমত সফলতা আনে। এই সহজ পদক্ষেপবোৰ কৰিলে ঘৰত সুখ-শান্তিয়ে বিৰাজ কৰে। বিশেষকৈ যদি আপুনি কোনো ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে, তেন্তে জ্যোতিষৰ এই প্ৰতিকাৰ আপোনাৰ বাবে কেনেধৰণৰ ফলপ্ৰসূ হয় জানি লওক-

 ১. সহজ জ্যোতিষৰ টিপছ-

প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পাছত প্ৰথমে দুয়োখন হাতৰ তলুৱালৈ চাই একেলগে ঘঁহিব লাগে। এতিয়া দুয়োখন তলুৱা তিনি-চাৰিবাকৈ মুখখন মচি দিয়ক। জ্যোতিষশাস্ত্ৰৰ মতে তলুৱাৰ ওপৰৰ অংশত দেৱী লক্ষ্মী, মাজত সৰস্বতী দেৱী আৰু তলৰ অংশত ভগৱান বিষ্ণু বাস কৰে। পুৱাই তেওঁলোকৰৰ দৰ্শনৰ পৰা ভাগ্য সহজে জিলিকিবলৈ আৰম্ভ কৰে।

২. শনিবাৰে শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলাই চাকৰিৰ লগত জড়িত সকলো সমস্যা দূৰ হয়। ইয়াৰ উপৰি ধন-সন্তুষ্টি লাভ কৰা হয় আৰু আৰ্থিক সংকট দূৰ হয়।

৩. পাৰিবাৰিক বিবাদ আৰু কাজিয়া সঘনাই হৈ থাকিলে নিমখৰ পানীৰে সপ্তাহত তিনি-চাৰিদিন ঘৰটো মচি পেলাওক। জ্যোতিষশাস্ত্ৰৰ মতে এই প্ৰতিকাৰ কৰিলে ঘৰৰ ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰ সঞ্চাৰিত হয় আৰু ঘৰৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি বাঢ়িবলৈ ধৰে।

৪. ভাগ্য জিলিকাব বিচাৰে তেন্তে প্ৰতিদিনে পৰুৱাক চেনিৰ লগত মিহলাই আটা খুৱাব। ইয়াৰ উপৰি আটাৰ বড়ি মাছক খুৱালেও ভাগ্য মুকলি হোৱাৰ লগতে মালক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে এয়াই সৰ্বোত্তম আৰু সহজ উপায়। ইয়াৰ উপৰি প্ৰতিদিনে সন্ধিয়া আঁহত গছত গাখীৰ মিশ্ৰিত পানী ঢালি এগচি ঘিউৰ চাকি জ্বলালেও সকলো মনোকামনা পূৰণ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ