--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী শৰীৰৰ বাবে স্বাস্থ্যকৰ উপাদান। পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। গৰম পানী খোৱাৰ ফলত মানুহৰ শৰীৰে অনেক সুফল লাভ কৰে। গৰম পানী খালে শৰীৰৰ বহু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱা যায়। প্ৰতিদিনে পুৱা গৰম পানী খালে বহু ৰোগৰ পৰা মুক্তি পোৱা যায়। গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১)পাচনতন্ত্ৰ শক্তিশালী হয়ঃ হজম শক্তিৰ লগত জড়িত সমস্যাত গৰম পানী অতি উপকাৰী। ই মেটাবলিজম উন্নত কৰে। শৰীৰত গৈ ক্ষতিকাৰক বেক্টেৰিয়া মাৰি পেলায়। গৰম পানীয়ে হজম প্ৰক্ৰিয়া শক্তিশালী কৰে। ইয়াৰ বাবেই পেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। সঠিককৈ হজম হ’লে বহু সমস্যা নিজে নিজে আঁতৰি যায়।

২)হৃদযন্ত্ৰৰ সমস্যা আঁতৰি যায়ঃ বহুতে কয় যে দৈনিক লঘু গৰম পানী খালে কলেষ্টেৰল কমি যায়। কলেষ্টেৰলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ সৃষ্টি কৰে, গতিকে এনেদৰে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰিব পৰা যায়।

৩)ঠাণ্ডা আৰু ডিঙিৰ বিষঃ ডিঙিৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰিব লাগে। ইয়াৰ ফলত ডিঙিয়ে আৰাম পায় আৰু বিষৰ পৰা উপশম পায়। গৰম পানী খালে ডিঙিৰ বিষো ভাল হয়। গৰম পানী খালে চৰ্দিতো তৎক্ষণাত সকাহ পোৱা যায়।

৪)ওজন হ্ৰাস হয়ঃ মৌ মিহলাই গৰম পানী প্ৰতিদিনে খালী পেটত খাব লাগে। ইয়াৰ ফলত অতিৰিক্ত চৰ্বি কমি যায় আৰু মেদবহুলতা দূৰ হয়। নেমু মিহলাই দৈনিক গৰম পানী খালেও মেদবহুলতা দূৰ হয়।

৫)ছাল জিলিকি উঠেঃ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে পাৰ্লাৰত ফেচ ট্ৰিটমেণ্ট কৰাৰ পিছত ভাপ দিয়া হয়, ই মুখলৈ জিলিকনি আনে। গৰম পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়। বিষাক্ত পদাৰ্থ ওলাই যোৱাৰ বাবে ছালখন জিলিকি উঠে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক