--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী শৰীৰৰ বাবে স্বাস্থ্যকৰ উপাদান। পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। গৰম পানী খোৱাৰ ফলত মানুহৰ শৰীৰে অনেক সুফল লাভ কৰে। গৰম পানী খালে শৰীৰৰ বহু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱা যায়। প্ৰতিদিনে পুৱা গৰম পানী খালে বহু ৰোগৰ পৰা মুক্তি পোৱা যায়। গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১)পাচনতন্ত্ৰ শক্তিশালী হয়ঃ হজম শক্তিৰ লগত জড়িত সমস্যাত গৰম পানী অতি উপকাৰী। ই মেটাবলিজম উন্নত কৰে। শৰীৰত গৈ ক্ষতিকাৰক বেক্টেৰিয়া মাৰি পেলায়। গৰম পানীয়ে হজম প্ৰক্ৰিয়া শক্তিশালী কৰে। ইয়াৰ বাবেই পেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। সঠিককৈ হজম হ’লে বহু সমস্যা নিজে নিজে আঁতৰি যায়।

২)হৃদযন্ত্ৰৰ সমস্যা আঁতৰি যায়ঃ বহুতে কয় যে দৈনিক লঘু গৰম পানী খালে কলেষ্টেৰল কমি যায়। কলেষ্টেৰলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ সৃষ্টি কৰে, গতিকে এনেদৰে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰিব পৰা যায়।

৩)ঠাণ্ডা আৰু ডিঙিৰ বিষঃ ডিঙিৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰিব লাগে। ইয়াৰ ফলত ডিঙিয়ে আৰাম পায় আৰু বিষৰ পৰা উপশম পায়। গৰম পানী খালে ডিঙিৰ বিষো ভাল হয়। গৰম পানী খালে চৰ্দিতো তৎক্ষণাত সকাহ পোৱা যায়।

৪)ওজন হ্ৰাস হয়ঃ মৌ মিহলাই গৰম পানী প্ৰতিদিনে খালী পেটত খাব লাগে। ইয়াৰ ফলত অতিৰিক্ত চৰ্বি কমি যায় আৰু মেদবহুলতা দূৰ হয়। নেমু মিহলাই দৈনিক গৰম পানী খালেও মেদবহুলতা দূৰ হয়।

৫)ছাল জিলিকি উঠেঃ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে পাৰ্লাৰত ফেচ ট্ৰিটমেণ্ট কৰাৰ পিছত ভাপ দিয়া হয়, ই মুখলৈ জিলিকনি আনে। গৰম পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়। বিষাক্ত পদাৰ্থ ওলাই যোৱাৰ বাবে ছালখন জিলিকি উঠে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement