--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুখ আমাৰ শৰীৰৰ মুখ্য অংগ। ইয়াৰ পৰা যি খাদ্য-পানীয় ভিতৰলৈ যায়, ই আমাৰ শৰীৰৰ স্বাস্থ্যৰ সৃষ্টি কৰে বা অৱনতি ঘটায়। যদি আমি ভাল বস্তু খাওঁ তেন্তে আমাৰ শৰীৰটো সুস্থ হ’ব আৰু অস্বাস্থ্যকৰ বস্তুৱে আমাৰ স্বাস্থ্য বিনষ্ট কৰিব। আপুনি যেনেকৈ আপোনাৰ ঘৰৰ মূল গেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লয়, ঠিক সেইদৰে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লোৱা অথতি প্ৰয়োজন। যাতে শৰীৰৰ ভিতৰত কোনো সমস্যা নহয়। জানো আহক মুখৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ কেইটামান ঘৰুৱা উপায়।

 ১. মৌ সেৱনঃ-মুখ পৰিষ্কাৰ, দাঁত সুস্থ আৰু মজবুত কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা আৰু গধূলি এচামুচ মৌ খাব লাগে। মৌ খোৱাৰ পাছত প্ৰায় ২০ মিনিটলৈকে একো খাব নালাগে। এনে কৰিলে সঘনাই পিয়াহ লগা সমস্যাৰ পৰা উপশম পোৱা যায় লগতে মুখখন সুস্থ হৈ থাকে।

 ২. তিলঃ-যদি আপোনাৰ দাঁত ওলায়, অৰ্থাৎ দাঁতৰ কোনো সমস্যা থাকে, তেতিয়া আপুনি তিল পিহি তাৰ পেষ্ট দাঁতত লগাব পাৰে। ইয়াৰ দ্বাৰা অতি সোনকালেই আপুনি এনে সমস্যা পৰা সকাহ পাব। দাঁত লৰচৰ কৰাৰ ফলত হোৱা অস্বস্তি আৰু দাঁতৰ বিষতো এই তিলৰ পেষ্ট অতি উপকাৰী। আপুনি তিল পিহি ব্যৱহাৰ কৰি এনে যিকোনো সমস্যাৰ পৰা সকাহ পাব পাৰে।

 ৩. লৱণ সেৱনঃ-ডিঙিত জ্বলা-পোৰা, মুখৰ দুৰ্গন্ধ হ’লে বা ডিঙিটো অতি সংবেদনশীল হ’লে মুখত লৱণ দি মিঠাইৰ দৰে চুহি থাকিব। চাৰি-পাঁচ ঘণ্টা এই কাম কৰিব পাৰে আৰু ইচ্ছা কৰিলে মুখত লৱণ লগাই দাঁতৰ তলত বা জিভাৰ তলত ৰাখি নিশা শুব পাৰে।

 ৪. গাখীৰঃ-আপুনি বাৰে বাৰে পিঁয়াহ অনুভৱ কৰি আছে আৰু পানী খোৱাৰ পাছতো সকাহ পোৱা নাই। যদি আপোনাৰ মুখখন সকলো সময়তে শুকান হৈ থাকে, তেন্তে আপুনি স্বাভাৱিক গৰম গাখীৰ খোৱা উচিত। শীতকালত যদি এই সমস্যা হয় তেন্তে গৰম গাখীৰ খাব পাৰে আৰু এনে গাখীৰে তাৎক্ষণিক উপকাৰ দিয়ে।

 ৫. বিশুদ্ধ দেশী ঘিঁউঃ-মুখত ফোহা, জ্বলা-পোৰা, মছলাযুক্ত খাদ্য খোৱাৰ পাছত তীব্ৰ জ্বলা-পোৰা হোৱা ইত্যাগি। গৰুৰ ঘিউ লগালে এই সকলোবোৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ পাব।

 ৬. গৰম পানীঃ-মুখখন শুকান অনুভৱ হোৱা আৰু মুখৰ পৰা দুৰ্গন্ধৰ সমস্যা হয়। এই দুয়োটা সমস্যাৰ পৰা হাত সাৰিবলৈ কুহুমীয়া পানী খাব লাগে। তৎক্ষণাত সকাহ পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ