--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনে প্ৰায়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। নিত্য নতু চমকপ্ৰদ সৃষ্টিয়ে পৃথিৱীখনকে সংকুচিত কৰি আনিছে ক্ৰমশঃ । এইবাৰ বিজ্ঞানৰ আন উদ্ভাৱন। এদিন বা দুদিনৰ বাবে মহাকাশলৈ গৈ এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰাটো সহজ কথা নহয়। এইবাৰ মহাকাশত, পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ বাবে এটা ষ্টুডিঅ' স্থাপন কৰাৰ বাতৰি পোহৰলৈ আহিছে। কেৱল ফিল্ম ষ্টুডিঅ’ই নহয় এখন বিশাল ক্ৰীড়া ক্ষেত্ৰও নিৰ্মাণ কৰা হৈছে মহাকাশত। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰত ১৫ ৰ পৰা ১৬ বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতে এই ফিল্ম ষ্টুডিঅ’ আৰু স্পোৰ্টছ এৰিনাখন নিৰ্মাণ কৰা হৈছে। মহাকাশৰ পটভূমিত নিৰ্মিত অভিনেতা, পৰিচালক, প্ৰযোজক টম ক্ৰুজৰ চলচ্চিত্ৰৰ সহ-প্ৰযোজক কোম্পানী স্পেছ এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজয়ে মহাকাশ কেন্দ্ৰৰ প্ৰথমখন ফিল্ম ষ্টুডিঅ' আৰু স্পৰ্টছ এৰিনা নিৰ্মাণ কৰা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা পৃথিৱীতে নিৰ্মাণ কৰা হ'ব বুলি স্পেছ এণ্টাৰটেইনমেন্ট এণ্টাৰপ্রাইজে সদৰী কৰিছে। দুয়োটা এটা মডিউলত স্থাপন কৰা হ'ব। যাৰ নাম 'এছই-১'। তাৰপাছত এই মডিউলটো মহাকাশযানত লোড কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ইয়াক প্ৰেৰণ কৰা হ'ব। এছ.ই.-১ মডিউলটো মহাকাশ কেন্দ্ৰৰ বাণিজ্যিক অংশ এক্সিয়ম ষ্টেচনত অৱতৰণ কৰিব। মহাকাশত প্ৰথমটো ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা ইয়াতেই স্থাপন কৰা হ'ব। স্পেছ এণ্টাৰটেইনমেন্ট এণ্টাৰপ্রাইজে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা মহাকাশলৈ প্ৰেৰণ কৰিব বিচাৰিছে। এছইয়ে লগতে কয়, ‘এই চলচ্চিত্ৰ ষ্টুডিঅ'ত যিকোনো দেশৰ অভিনেতা, পৰিচালক তথা প্ৰযোজকে তেওঁলোকৰ নিজৰ চলচ্চিত্ৰ বা ধাৰাবাহিকৰ বাবে দৃশ্যগ্ৰহণ কৰিব পাৰিব।’ অৱশ্যে, এই পৰীক্ষা কেন্দ্ৰটো ২০২৮ চনৰ পাছত মহাকাশ কেন্দ্ৰৰ পৰা পৃথকীকৃত কৰা হ’ব। তেতিয়াৰ পৰা, এক্সিয়ম ষ্টেচনটোৱে স্বাধীনভাৱে পৃথিৱীক প্ৰদক্ষিণ কৰিব। অভিনেতা টম ক্ৰুজেও চলিত বৰ্ষত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে মহাকাশ কেন্দ্ৰলৈ যাব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান