--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনে প্ৰায়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। নিত্য নতু চমকপ্ৰদ সৃষ্টিয়ে পৃথিৱীখনকে সংকুচিত কৰি আনিছে ক্ৰমশঃ । এইবাৰ বিজ্ঞানৰ আন উদ্ভাৱন। এদিন বা দুদিনৰ বাবে মহাকাশলৈ গৈ এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰাটো সহজ কথা নহয়। এইবাৰ মহাকাশত, পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ বাবে এটা ষ্টুডিঅ' স্থাপন কৰাৰ বাতৰি পোহৰলৈ আহিছে। কেৱল ফিল্ম ষ্টুডিঅ’ই নহয় এখন বিশাল ক্ৰীড়া ক্ষেত্ৰও নিৰ্মাণ কৰা হৈছে মহাকাশত। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰত ১৫ ৰ পৰা ১৬ বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতে এই ফিল্ম ষ্টুডিঅ’ আৰু স্পোৰ্টছ এৰিনাখন নিৰ্মাণ কৰা হৈছে। মহাকাশৰ পটভূমিত নিৰ্মিত অভিনেতা, পৰিচালক, প্ৰযোজক টম ক্ৰুজৰ চলচ্চিত্ৰৰ সহ-প্ৰযোজক কোম্পানী স্পেছ এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজয়ে মহাকাশ কেন্দ্ৰৰ প্ৰথমখন ফিল্ম ষ্টুডিঅ' আৰু স্পৰ্টছ এৰিনা নিৰ্মাণ কৰা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা পৃথিৱীতে নিৰ্মাণ কৰা হ'ব বুলি স্পেছ এণ্টাৰটেইনমেন্ট এণ্টাৰপ্রাইজে সদৰী কৰিছে। দুয়োটা এটা মডিউলত স্থাপন কৰা হ'ব। যাৰ নাম 'এছই-১'। তাৰপাছত এই মডিউলটো মহাকাশযানত লোড কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ইয়াক প্ৰেৰণ কৰা হ'ব। এছ.ই.-১ মডিউলটো মহাকাশ কেন্দ্ৰৰ বাণিজ্যিক অংশ এক্সিয়ম ষ্টেচনত অৱতৰণ কৰিব। মহাকাশত প্ৰথমটো ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা ইয়াতেই স্থাপন কৰা হ'ব। স্পেছ এণ্টাৰটেইনমেন্ট এণ্টাৰপ্রাইজে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ফিল্ম ষ্টুডিঅ' আৰু স্পোৰ্টছ এৰিনা মহাকাশলৈ প্ৰেৰণ কৰিব বিচাৰিছে। এছইয়ে লগতে কয়, ‘এই চলচ্চিত্ৰ ষ্টুডিঅ'ত যিকোনো দেশৰ অভিনেতা, পৰিচালক তথা প্ৰযোজকে তেওঁলোকৰ নিজৰ চলচ্চিত্ৰ বা ধাৰাবাহিকৰ বাবে দৃশ্যগ্ৰহণ কৰিব পাৰিব।’ অৱশ্যে, এই পৰীক্ষা কেন্দ্ৰটো ২০২৮ চনৰ পাছত মহাকাশ কেন্দ্ৰৰ পৰা পৃথকীকৃত কৰা হ’ব। তেতিয়াৰ পৰা, এক্সিয়ম ষ্টেচনটোৱে স্বাধীনভাৱে পৃথিৱীক প্ৰদক্ষিণ কৰিব। অভিনেতা টম ক্ৰুজেও চলিত বৰ্ষত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে মহাকাশ কেন্দ্ৰলৈ যাব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক