--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰম্ভ হোৱাৰ ১৬টা ছিজন পাৰ হৈ গ’ল৷ বেংগালুৰুৱে এতিয়াও ট্ৰফী লাভ কৰিব পৰা নাই। বিৰাট কোহলীয়ে কেতিয়াও ট্ৰফী লাভ কৰা নাই। ইয়াৰ ওপৰত বহু চৰ্চা কৰা হৈছে। এইবাৰ ক্ৰিকেট তাৰকা কলিন ডি গ্ৰেণ্ডহমে এই বিষয়ে নতুন মতামত দিলে। তেওঁৰ মতে, দলৰ গঠন সঠিক নোহোৱাৰ বাবে বেংগালুৰুৱে ট্ৰফী লাভ কৰিব পৰা নাই।

ক্ৰীছ গেইল, এ বি ডি ভিলিয়াৰ্ছৰ দৰে ক্ৰিকেটাৰ বিগত কেইবছৰমানৰ পৰা আৰ চি বিৰ হৈ খেলিছে। কোহলী নিজেই আছে। কিন্তু তেওঁৰ ব্যক্তিগত দক্ষতাইও দলটোক ট্ৰফী লাভ কৰিব নোৱাৰিলে। দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰি পৰাস্ত হয়। আলজাৰী জোচেফ, ইয়াছ দয়াল, টম কাৰেন আৰু লকি ফাৰ্গুচনৰ দৰে ক্ৰিকেটাৰক এইবাৰ নিলামত তুলি লোৱা হৈছে।

এটা ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত গ্ৰেণ্ডহমে কয়, ‘আৰচিবিয়ে কেতিয়াও মুম্বাই ইণ্ডিয়ানছৰ দৰে দল গঢ়িব নোৱাৰিলে। মুম্বাইৰ দলত যথেষ্ট ভাৰসাম্য আছে। সেইবাবেই তেওঁলোকে প্ৰতি বছৰে ভাল খেলি আহিছে। আৰ চি বিও বেয়া দল নহয়। কিন্তু তেওঁলোকে জয়ী হ’ব নোৱাৰে কাৰণ তেওঁলোকে প্ৰতিবাৰেই দুজন বা তিনিজন ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰশীল। সেইবাবেই দলত তেওঁলোকৰ ভাৰসাম্য নাই।"

নিউজিলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে বিশ্বাস কৰে যে ভাৰতে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰাৰ যোগ্য। তেওঁৰ ভাষাত, “ভাৰত নিশ্চিতভাৱে শীৰ্ষ চাৰিটাৰ ভিতৰত থাকিব। তেওঁলোক এটা ডাঙৰ দল। হয়তো অষ্ট্ৰেলিয়াও থাকিব। যিকোনো দলতকৈ অধিক আত্মবিশ্বাসী আৰু যিকোনো দলক পৰাস্ত কৰিব পাৰে। যদি নিউজিলেণ্ডে নিজৰ মিল ৰাখিব পাৰে তেন্তে শীৰ্ষ চাৰিটাত থাকিব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু