--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেৰ মাহৰ পিছত আৰম্ভ হ’ব আই পি এল। সেই প্ৰতিযোগিতাত তেওঁক পুনৰ দেখা যাব চিনাকি ৭ নম্বৰৰ জাৰ্চি পিন্ধি। শেহতীয়াকৈ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ জাৰ্চি উন্মোচন কৰা হৈছে য’ত তেওঁৰ নাম লিখা আছে। আই পি এলৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ৭ নম্বৰক কিয় ইমান ভাল পায় তাৰ কাৰণ উল্লেখ কৰিছিল। চি এছ কেৰ অধিনায়কগৰাকীয়ে লগতে কয় যে তেওঁ কিয় ৭ নম্বৰটো পছন্দ কৰে।

ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ সৈতে যেনেকৈ ১০ নম্বৰৰ সম্পৰ্ক আছে, ঠিক তেনেদৰে ৭ নম্বৰৰ সৈতে ধোনীৰ অবিচ্ছেদ্য সম্পৰ্ক আছে। চেন্নাইৰ অনুৰাগীসকল তেওঁক লৈ বৰ পাগল। বহুতে ভাৰতীয় দলৰ পৰা ৭ নম্বৰৰ জাৰ্চি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

শুকুৰবাৰে এক অনুষ্ঠানত ভাষণ দি ধোণীয়ে কয়, ‘সেই সময়তে মোৰ পিতৃ-মাতৃয়ে মোক পৃথিৱীলৈ আনিছিল। মোৰ জন্ম হৈছিল জুলাই মাহৰ ৭ তাৰিখে। জুলাই মাহতো সপ্তম মাহ। মোৰ জন্ম বছৰৰ শেষৰ দুটা সংখ্যা ৮১। ৮ ৰ পৰা ১ বিয়োগ কৰিলে ৭ পোৱা যায়। গতিকে যেতিয়া মোক প্ৰথমবাৰৰ বাবে সোধা হৈছিল, ‘আপুনি কি নম্বৰৰ জাৰ্চি বিচাৰে’, তেতিয়া মোৰ উত্তৰ আছিল অতি সহজ।"

অহা মাহত পুনৰ খেলপথাৰত দেখা যাব ধোনীক। তেওঁ চি এছ কেৰ ষষ্ঠ ট্ৰফী লাভ কৰাৰ লক্ষ্য ৰাখিব। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়েও প্রস্তুতি আৰম্ভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু