--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেৰ মাহৰ পিছত আৰম্ভ হ’ব আই পি এল। সেই প্ৰতিযোগিতাত তেওঁক পুনৰ দেখা যাব চিনাকি ৭ নম্বৰৰ জাৰ্চি পিন্ধি। শেহতীয়াকৈ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ জাৰ্চি উন্মোচন কৰা হৈছে য’ত তেওঁৰ নাম লিখা আছে। আই পি এলৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ৭ নম্বৰক কিয় ইমান ভাল পায় তাৰ কাৰণ উল্লেখ কৰিছিল। চি এছ কেৰ অধিনায়কগৰাকীয়ে লগতে কয় যে তেওঁ কিয় ৭ নম্বৰটো পছন্দ কৰে।

ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ সৈতে যেনেকৈ ১০ নম্বৰৰ সম্পৰ্ক আছে, ঠিক তেনেদৰে ৭ নম্বৰৰ সৈতে ধোনীৰ অবিচ্ছেদ্য সম্পৰ্ক আছে। চেন্নাইৰ অনুৰাগীসকল তেওঁক লৈ বৰ পাগল। বহুতে ভাৰতীয় দলৰ পৰা ৭ নম্বৰৰ জাৰ্চি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

শুকুৰবাৰে এক অনুষ্ঠানত ভাষণ দি ধোণীয়ে কয়, ‘সেই সময়তে মোৰ পিতৃ-মাতৃয়ে মোক পৃথিৱীলৈ আনিছিল। মোৰ জন্ম হৈছিল জুলাই মাহৰ ৭ তাৰিখে। জুলাই মাহতো সপ্তম মাহ। মোৰ জন্ম বছৰৰ শেষৰ দুটা সংখ্যা ৮১। ৮ ৰ পৰা ১ বিয়োগ কৰিলে ৭ পোৱা যায়। গতিকে যেতিয়া মোক প্ৰথমবাৰৰ বাবে সোধা হৈছিল, ‘আপুনি কি নম্বৰৰ জাৰ্চি বিচাৰে’, তেতিয়া মোৰ উত্তৰ আছিল অতি সহজ।"

অহা মাহত পুনৰ খেলপথাৰত দেখা যাব ধোনীক। তেওঁ চি এছ কেৰ ষষ্ঠ ট্ৰফী লাভ কৰাৰ লক্ষ্য ৰাখিব। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়েও প্রস্তুতি আৰম্ভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ