--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ফৰ্মৰ বাবে যুঁজ-বাগৰ চলাই থকা বিৰাট কোহলী কালি এক অভিলেখৰ গৰাকী হৈছে। 

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ আজিৰ খেলখনতে কোহলীয়ে এদিনীয়া আন্তর্জাতিকত দ্রুত গতিত ১৪,০০০ ৰান পূৰ কৰা বেটাৰত পৰিণত হয়। কোহলীয়ে ২৮৭টা ইনিংছত সেই মাইলৰ খুঁটিত উপনীত হয় আৰু তেনেদৰেই কিংবদন্তি শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। 

শচীনে ৩৫০টা ইনিংছত, শ্রীলংকাৰ কুমাৰ ছাংগাক্কাৰাই ৩৭৮টা ইনিংছত ১৪,০০০ ৰান গোটাইছিল। কালিৰ খেলখনত নমাৰ আগেয়ে কোহলীক ১৪,০০০ ৰানৰ ক্লাবত প্রৱেশ কৰিবলৈ মাথোঁ ১৫ ৰানৰ প্ৰয়োজন আছিল। পাকিস্তানৰ বিৰুদ্ধে খেলখনত কোহলী আন এক ৰেকৰ্ডৰ গৰাকী হয়। মহম্মদ আজহাৰউদ্দিনৰ ১৫৬টা কেচৰ অভিলেখ ম্লান কৰে কোহলীয়ে। তেওঁ কুলদীপ যাদৱৰ বলত নাছিম শ্বাহৰ কেচ আয়ত্ত কৰি নিজৰ কেচৰ সংখ্যা ১৫৭টালৈ বৃদ্ধি কৰে। ইয়াৰ পাছত খুছদিল শ্বাহক আউট কৰি ফিল্ডিঙত চিকাৰৰ সংখ্যা ১৫৮টালৈ বৃদ্ধি কৰে কোহলীয়ে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক