--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৯০০০ ৰানৰ ক্লাবত প্রৱেশ কৰিছে। দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত সেই কৃতিত্ব অর্জন কৰে তাৰকা বেটাৰগৰাকীয়ে। এদিনীয়াত ৯০০০ অথবা ততোধিক ৰান কৰা ছগৰাকী অ'পেনাৰৰ তালিকাত স্থান লাভ কৰে ৰোহিতে। 

সেই এলিট তালিকাত আছে আন দুগৰাকী ভাৰতীয় ক্রিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলী। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত আজিৰ খেলখনত নমাৰ আগেয়ে সেই মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ ৰোহিতক মাথোঁ ১ ৰানৰ প্ৰয়োজন আছিল। 

চেম্পিয়নছ ট্ৰফীত ইয়াৰ আগেয়ে বাংলাদেশৰ বিৰুদ্ধে খেলখনত ৰোহিতে এদিনীয়াত ১১,০০০ ৰান পূৰ কৰিছিল। ৰোহিত তেনেদৰেই বিৰাট কোহলীৰ পাছত সেই অভিলেখ স্পর্শ কৰা দ্বিতীয় দ্রুততম বেটাৰত পৰিণত হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক