ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট জগতৰ দুটি উজ্জ্বল তৰা। দুয়ো নিজৰ প্ৰতিভাৰে চুবলৈ সক্ষম হৈছে সফলতাৰ সৰ্বোচ্চ শিখৰ। বিৰাট কোহলী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হোৱাৰ বিপৰীতে ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক। বিৰাট আৰু ৰোহিতে পেছাগত জীৱনৰ লগতে খুব সুন্দৰকৈ চম্ভালি আছে নিজৰ ব্যক্তিগত জীৱন। দুয়ো পৰিয়ালক খুব সুন্দৰকৈ সময় দিয়ে। বিৰাট আৰু ৰোহিতৰ বাবে পত্নীয়েই তেওঁলোকৰ প্ৰেৰণাৰ উৎস। বহু সময়ত তেওঁলোকে মুকলিকৈ এই কথা প্ৰকাশ কৰে।
বিৰাট কোহলীৰ পত্নী কোন সেয়া সকলোৱে জানে। বলীউডৰ বিখ্যাত অভিনেত্ৰী অনুষ্কা শর্মাৰ পাণিগ্ৰহণ কৰে বহু যুৱতীৰ নয়নৰ মণি বিৰাট কোহলীয়ে। প্ৰায় ৫ বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত বিবাহপাশত আৱদ্ধ হয় বিৰাট আৰু অনুষ্কা। ২০১৭ চনৰ ১১ ডিচেম্বৰত দুয়ো চিৰজীৱনৰ বাবে এক হয়। বিৰাট আৰু অনুষ্কাৰ বৈবাহিক জীৱন অতি মধুৰ। দুয়ো দুয়োকে প্ৰতিটো ক্ষেত্ৰতে আগবঢ়ায় সাহস, প্ৰেৰণা আৰু সহযোগিতা। জীৱন যুদ্ধত হাজাৰবাৰ ভাগৰি পৰে বিৰাট কোহলী। সেই সময়তে প্ৰেৰণাৰ অমল সুঘ্ৰাণ হৈ স্বামী বিৰাটক পুনৰ তুলি ধৰে অনুষ্কা শর্মাই। সেয়েহে হাজাৰ ভাগৰিও নাভাগৰে বিৰাট কোহলী।

২০২১ চনৰ ১১ জানুৱাৰীত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে বিৰাট আৰু অনুষ্কাই। কন্যাৰ নাম ভামিকা কোহলী। ভামিকাৰ আগমনৰ পাছত তেওঁলোকৰ সংসাৰখন আৰু অধিক জীপাল হৈ উঠিল। অনুষ্কাই শৰ্মাই নিজৰ জীৱনৰ লগতে, স্বামীৰ জীৱন আৰু ঘৰুৱা সাংসাৰিক জীৱন খুব সুন্দৰকৈ চম্ভালি ৰাখিছে। যাৰবাবে বিৰাট কোহলীৰ মুখত সদায় ফুটি উঠে নিৰ্মল সতেজ হাঁহি। বিৰাট কোহলীয়ে নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি গণ্য কৰে অনুষ্কা শৰ্মাক। দুয়ো দুয়োৰে পৰিপূৰক হোৱাৰ বাবে তেওঁলোকৰ ব্যক্তিগত জীৱন আৰু কেৰিয়াৰ খুব সুন্দৰকৈ মসৃণ গতিত চলি আছে।

ৰোহিত শৰ্মাৰ জীৱনো ঠিক বিৰাট কোহলীৰ দৰেই। ৰোহিত শৰ্মাৰ পত্নীৰ নাম ঋতিকা ছাজদেহ। হিটমেন ৰোহিত শৰ্মাৰ স্প’ৰ্টছ ইভেণ্ট মেনেজাৰ আছিল ঋতিকা। প্ৰায় ৫ বছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল। ঋতিকা স্প’ৰ্টছ ইভেণ্ট মেনেজাৰ হৈ থকাৰ সময়তে দুয়োৰে ঘনিষ্ঠতা বাঢ়িল। লাহে লাহে এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। ইয়াৰ পিছত এই মৰমলগা যুটিটোৱে ২০১৫ চনৰ ১৩ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হয়। ৰোহিত আৰু ঋতিকাৰ সংসাৰখনতো উপচি আছে মৰম আৰু ভালপোৱা, ঠিক বিৰাট-অনুস্কাৰ সংসাৰৰ দৰেই।

২০১৮ চনৰ ৩০ ডিচেম্বৰত ৰোহিত-ঋতিকাৰ সংসাৰলৈ আগমন ঘটে সামাইৰা নামৰ এটি কন্যা দেৱশিশুৰ। যেতিয়া ঋতিকাই তেওঁলোকৰ কন্যা সামাইৰাক জন্ম দিছিল, তেতিয়া ৰোহিত শৰ্মা টিম ইণ্ডিয়াৰ হৈ অষ্ট্ৰেলিয়া ভ্ৰমণত আছিল, কিন্তু তেওঁ পিতৃ হোৱাৰ খবৰ পোৱাৰ লগে লগে সকলো এৰি ভাৰতলৈ গুচি আহিছিল। ভাৰতলৈ আহি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল ৰোহিত শৰ্মাই।

ৰোহিত শৰ্মাই মৰমিয়াল পত্নী ঋতিকা আৰু কন্যা সামাইৰাৰ সৈতে নিজৰ জীৱনটো অতি সুন্দৰকৈ উপভোগ কৰি আছে। নিজৰ সংসাৰখনক লৈ অতি সুখী ৰোহিত শৰ্মা, যি কথা তেওঁ সময়ে সময়ে প্ৰকাশ কৰি আহিছে। ৰোহিত শৰ্মাৰ জীৱনটো সুন্দৰকৈ ফুলি উঠাত অনেক অৰিহনা আছে পত্নী ঋতিকাৰ।