--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তৃতীয় লিংগসকলৰ জীৱন এজন সাধাৰণ লোকৰ দৰে স্বাভাৱিক হ’লেও কিন্তু মৃত্যুৰ সময়ত তেওঁলোকৰ শেষকৃত্যৰ ৰীতি-নীতি সাধাৰণ মানুহৰ পৰা সম্পূৰ্ণ পৃথক। কিন্নৰ সমাজৰ কোনো সদস্যৰ মৃত্যু হ’লে তেওঁৰ মৃতদেহ চেণ্ডেলেৰে ঢাকি দিয়া হয় আৰু আন আন কিন্নৰসকলে তেওঁৰ মৃত্যুৰ উৎসৱ হিচাপে উদযাপন কৰে। কিন্তু কিয়? জানো আহক।

 বহুতে বিশ্বাস কৰে যে কিন্নৰসকলৰ এক বিশেষ শক্তি থাকে যাৰ দ্বাৰা তেওঁলোকে নিজৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ ধাৰণা কৰিব পাৰে। এই সময়ছোৱাত তেওঁ আন লোকৰ পৰা আঁতৰি থাকে, বাহিৰলৈ অহা-যোৱা বন্ধ কৰাৰ লগতে খোৱা-বোৱাও নকৰে। কিন্তু কিন্নৰসকলৰ মৃত্যু হ’লে জ্বলাই দিয়া নহয়, ইয়াৰ পৰিৱৰ্তে সমাধিস্থ কৰা হয়। এই সময়ছোৱাত তেওঁৰ আন সংগীসকলে প্ৰাৰ্থনা কৰে যে তেওঁক কেতিয়াও কিন্নৰ সমাজত পুনৰ জন্ম নহয়। সেয়েহে তেওঁলোকৰ শেষকৃত্যৰ ৰীতি-নীতি প্ৰায়ে গভীৰ নিশা পালন কৰা হয়।

 উল্লেখ্য যে কিন্নৰসকলৰ মৃতদেহ জোতা-চেণ্ডেলেৰে ঢাকি দিয়াৰ লগতে জ্বলাই নিদি সমাধিস্থ কৰে আৰু কিন্নৰ সমাজে তেওঁলোকৰ দেৱতাক প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ সংগী পুনৰ এই সমাজত জন্ম নহয়। অন্ত্যেষ্টিক্ৰিয়া শেষ হোৱাৰ পাছত বাকী সংগীসকল এসপ্তাহ ধৰি ব্ৰতত থাকে। সেয়েহে কিন্নৰৰ মৃত্যুৰ পাছত ইয়াক উৎসৱ হিচাপে গ্ৰহণ কৰে কাৰণ কিন্নৰসকলৰ জীৱনক নৰকৰ দৰে গণ্য কৰে আৰু মৃত্যুৰ পাছত তেওঁলোকৰ সংগীয়ে এই  নৰক জীৱনৰ পৰা মুক্তি লাভ কৰে বুলি বিশ্বাস হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২