ডিজিটেল ডেস্ক : তৃতীয় লিংগসকলৰ
জীৱন এজন সাধাৰণ লোকৰ দৰে স্বাভাৱিক হ’লেও কিন্তু মৃত্যুৰ সময়ত তেওঁলোকৰ শেষকৃত্যৰ
ৰীতি-নীতি সাধাৰণ মানুহৰ পৰা সম্পূৰ্ণ পৃথক। কিন্নৰ সমাজৰ কোনো সদস্যৰ মৃত্যু হ’লে
তেওঁৰ মৃতদেহ চেণ্ডেলেৰে ঢাকি দিয়া হয় আৰু আন আন কিন্নৰসকলে তেওঁৰ মৃত্যুৰ উৎসৱ হিচাপে
উদযাপন কৰে। কিন্তু কিয়? জানো আহক।
বহুতে বিশ্বাস কৰে যে কিন্নৰসকলৰ এক বিশেষ শক্তি থাকে যাৰ দ্বাৰা তেওঁলোকে নিজৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ ধাৰণা কৰিব পাৰে। এই সময়ছোৱাত তেওঁ আন লোকৰ পৰা আঁতৰি থাকে, বাহিৰলৈ অহা-যোৱা বন্ধ কৰাৰ লগতে খোৱা-বোৱাও নকৰে। কিন্তু কিন্নৰসকলৰ মৃত্যু হ’লে জ্বলাই দিয়া নহয়, ইয়াৰ পৰিৱৰ্তে সমাধিস্থ কৰা হয়। এই সময়ছোৱাত তেওঁৰ আন সংগীসকলে প্ৰাৰ্থনা কৰে যে তেওঁক কেতিয়াও কিন্নৰ সমাজত পুনৰ জন্ম নহয়। সেয়েহে তেওঁলোকৰ শেষকৃত্যৰ ৰীতি-নীতি প্ৰায়ে গভীৰ নিশা পালন কৰা হয়।
উল্লেখ্য যে কিন্নৰসকলৰ মৃতদেহ জোতা-চেণ্ডেলেৰে ঢাকি দিয়াৰ লগতে জ্বলাই নিদি সমাধিস্থ কৰে আৰু কিন্নৰ সমাজে তেওঁলোকৰ দেৱতাক প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ সংগী পুনৰ এই সমাজত জন্ম নহয়। অন্ত্যেষ্টিক্ৰিয়া শেষ হোৱাৰ পাছত বাকী সংগীসকল এসপ্তাহ ধৰি ব্ৰতত থাকে। সেয়েহে কিন্নৰৰ মৃত্যুৰ পাছত ইয়াক উৎসৱ হিচাপে গ্ৰহণ কৰে কাৰণ কিন্নৰসকলৰ জীৱনক নৰকৰ দৰে গণ্য কৰে আৰু মৃত্যুৰ পাছত তেওঁলোকৰ সংগীয়ে এই নৰক জীৱনৰ পৰা মুক্তি লাভ কৰে বুলি বিশ্বাস হয়।