--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদিও ক্ৰিকেট বিশ্বত নেপাল শিশুসদৃশ, তথাপিও ভাৰতৰ বিৰুদ্ধে সন্তোষজনক বেটিং প্ৰদৰ্শন কৰে দেশখনৰ যুৱ ক্ৰিকেটাৰসকলে। সোমবাৰে এছিয়া কাপৰ মেচত ভাৰতৰ বিৰুদ্ধে নেপালৰ ক্ৰিকেটাৰসকলে আত্মবিশ্বাস অৰ্জন কৰে।

নেপালৰ খেলুৱৈ আছিফ শইখ আৰু সোমপাল কামিয়ে খেলৰ অন্তত ছচিয়েল মিডিয়াত ভাৰতৰ ছুপাৰষ্টাৰ বিৰাট কোহলীৰ সৈতে ছবি পোষ্ট কৰে। আছিফে কোহলীৰ সৈতে ফটো তুলি ‘উইথ দ্য মেন হু ৰুলছ দ্য ক্ৰিকেটিং কিংডম’ বুলি কেপচন দিয়ে। তাত দেখা গৈছে যে সোমপাল কামিয়ে তেওঁৰ বুটত কোহলীৰ অটোগ্ৰাফ লাভ কৰে, আৰু তাৰ পিছত অটোগ্ৰাফযুক্ত বুটখনৰ ছবি তেওঁৰ টুইটাৰ হেণ্ডেলত লগায়।

‘বিৰাট কোহলী কেৱল এজন ক্ৰিকেটাৰ নহয়, তেওঁ এজন আৱেগ।’ কামীয়ে কোহলীৰ সৈতে হোৱা মত বিনিময়ৰ বিষয়ে এইদৰে লিখিছে।

ভাৰতৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হৈ নেপালে এছিয়া কাপ ২০২৩ৰ অভিযান সমাপ্ত কৰাৰ পাছত নেপালৰ অধিনায়ক ৰোহিত পৌডেলে প্ৰকাশ কৰে যে তেওঁৰ দলটোৱে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু বেটছমেন কোহলীৰ সৈতে কথা পাতিছিল যিটো এক উপযোগী কথা-বতৰা আছিল।

মেচৰ পিছৰ সংবাদমেলত নেপালৰ অধিনায়কে কয় যে আমি ৰোহিত আৰু বিৰাটৰ সৈতে কথা পাতিলোঁ আৰু তেওঁলোকে আমাৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাগ কৰিলে আৰু ই আমাৰ বাবে অতি উপযোগী হ’ব।

তেওঁ কয়- ‘সামগ্ৰিকভাৱে মই মোৰ দলৰ প্ৰদৰ্শনত বিশেষকৈ বেটিঙত সুখী। মই ভাবো অ’পেনাৰসকলে বহুত ভাল কাম কৰিলে। মধ্যম ক্ৰমত আমি আৰু ভাল কৰিব পাৰিলোঁহেঁতেন। মই ভাবিলোঁ ক’ৰবাত ২৬০-২৭০ৰ ওচৰত ভাল স্ক’ৰ হ’লহেঁতেন৷ যদি আপুনি সামগ্ৰিকভাৱে কথা কয়, তেন্তে মই প্ৰদৰ্শনত সুখী।”





FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু