--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ দল ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকাই। কুইণ্টন ডি কক সেই দলটোত আছে। কিন্তু তেওঁ বিশ্বকাপৰ পূৰ্বে অৱসৰৰ কথা ঘোষণা কৰিছিল। উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে বিশ্বকাপৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব।

ডি ককৰ অৱসৰৰ কথা ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডে। এক বিবৃতিত তেওঁলোকে কয় যে, “বিশ্বকাপৰ লগে লগে ডি’ককে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ মনস্থ কৰিছে। আমি তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছো। কিন্তু আশা কৰিছো যে অনাগত দিনত ডি’ককে দক্ষিণ আফ্ৰিকাৰ হৈ টি-২০ ক্ৰিকেট খেলিব।’’

ইয়াৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ডি ককে। ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ মাজভাগতে হঠাতে তেওঁ নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। সেই সময়ত ডি ককে কৈছিল যে তেওঁ পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ এই সিদ্ধান্ত লৈছিল। অৱশ্যে ডি ককে এদিনীয়া ক্ৰিকেটৰ পৰা কিয় অৱসৰ ল’ব বিচাৰে সেই সন্দৰ্ভত একো কোৱা নাছিল।

বগা বল ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ আশাৰ নাম ডি’কক। তেওঁ দলটোৰ হৈ ১৪০ খন এদিনীয়া মেচ খেলি ৫৯৬৬ ৰান সংগ্ৰহ কৰে। এই বাওঁহাতৰ ক্ৰিকেটাৰগৰাকীয়ে গড়ে ৪৪.৮৬ ৰান আৰু ষ্ট্ৰাইক ৰেট ৯৬.০৮ ৰান সংগ্ৰহ কৰে। তেওঁ ১৭ শতক ৰান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু