--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ দল ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকাই। কুইণ্টন ডি কক সেই দলটোত আছে। কিন্তু তেওঁ বিশ্বকাপৰ পূৰ্বে অৱসৰৰ কথা ঘোষণা কৰিছিল। উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে বিশ্বকাপৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব।

ডি ককৰ অৱসৰৰ কথা ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডে। এক বিবৃতিত তেওঁলোকে কয় যে, “বিশ্বকাপৰ লগে লগে ডি’ককে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ মনস্থ কৰিছে। আমি তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছো। কিন্তু আশা কৰিছো যে অনাগত দিনত ডি’ককে দক্ষিণ আফ্ৰিকাৰ হৈ টি-২০ ক্ৰিকেট খেলিব।’’

ইয়াৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল ডি ককে। ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ মাজভাগতে হঠাতে তেওঁ নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। সেই সময়ত ডি ককে কৈছিল যে তেওঁ পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ এই সিদ্ধান্ত লৈছিল। অৱশ্যে ডি ককে এদিনীয়া ক্ৰিকেটৰ পৰা কিয় অৱসৰ ল’ব বিচাৰে সেই সন্দৰ্ভত একো কোৱা নাছিল।

বগা বল ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ আশাৰ নাম ডি’কক। তেওঁ দলটোৰ হৈ ১৪০ খন এদিনীয়া মেচ খেলি ৫৯৬৬ ৰান সংগ্ৰহ কৰে। এই বাওঁহাতৰ ক্ৰিকেটাৰগৰাকীয়ে গড়ে ৪৪.৮৬ ৰান আৰু ষ্ট্ৰাইক ৰেট ৯৬.০৮ ৰান সংগ্ৰহ কৰে। তেওঁ ১৭ শতক ৰান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক