--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ বিবাহ বিতৰ্কই তোলপাৰ লগাইছে এখন বিজেপিশাসিত ৰাজ্যত। ভুৱা বিবাহেৰে চৰকাৰী আঁচনিৰ ধন সৰকাই নিয়াৰ ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যখনত। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ এখন জিলাতে কেইবা হাজাৰো কাগজে-কলমে হোৱা ভুৱ বিবাহৰ তথ্য পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই বিতৰ্কই এতিয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান চৰকাৰক অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে। বিৰোধী দল কংগ্ৰেছে ইয়াক ৰাজ্যজোৰা কেলেংকাৰী আখ্যা দিছে। কিন্তু চৰকাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, যদিহে তেনেধৰণৰ কোনো কেলেংকাৰী সংঘটিত হৈছে তেন্তে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতিৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু চৰকাৰী ব্যৱস্থাৰ ত্ৰুটি ধৰ পৰা মাত্ৰকে ব্যৱস্থা গ্ৰহণ কৰিব। ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ ‘মুখ্যমন্ত্ৰী কন্যা বিবাহ/ নিকাহ যোজনা’ক কেন্দ্ৰ কৰি। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ গৃহনিৰ্মাণ আৰু অন্যান্য নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকসকলক সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। অৰ্থনৈতিকভাৱে পিছপৰা এইসকল লোকৰ কন্যাৰ বিবাহত সহায়ক হোৱাকৈ ৫১হাজাৰকৈ চৰকাৰী অনুদান এই আঁচনিৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই আঁচনিৰ নামতে সংঘটিত হৈছে ব্যাপক অনিয়ম। ৰাজ্যখনৰ ইক’নমিক অ’ফেঞ্চেজ উইঙৰ এটা তদন্তত পোহৰলৈ আহিছে যে, একাংশ মধ্যভোগীয়ে এই আঁচনিৰ সুবিধা আদায়ৰ বাবে কূটকৌশলৰ সহায় লৈছিল আৰু একাংশ দুখীয়া গাঁওবাসীক প্ৰতাৰণাৰে তেওঁলোকৰ জালত সুমোৱাই লৈছিল। তেওঁলোকৰ বেংক ডিটেইল আৰু অন্যান্য তথ্য সংগ্ৰহ কৰাৰ জৰিয়তে কেলেংকাৰী সংঘটিত কৰিছিল এইসকল মধ্যভোগীয়ে। এখন জিলাতে এই আঁচনিৰ সুবিধা ৫০০০তকৈও অধিক দম্পতীয়ে লাভ কৰিছে। যাৰ ভিতৰত বহুতৰে অস্তিত্বই নাই। জানিব পৰা মতে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ আত্মীয়ও এই কেলেংকাৰীত জড়িত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক