--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ বিবাহ বিতৰ্কই তোলপাৰ লগাইছে এখন বিজেপিশাসিত ৰাজ্যত। ভুৱা বিবাহেৰে চৰকাৰী আঁচনিৰ ধন সৰকাই নিয়াৰ ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যখনত। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ এখন জিলাতে কেইবা হাজাৰো কাগজে-কলমে হোৱা ভুৱ বিবাহৰ তথ্য পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই বিতৰ্কই এতিয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান চৰকাৰক অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে। বিৰোধী দল কংগ্ৰেছে ইয়াক ৰাজ্যজোৰা কেলেংকাৰী আখ্যা দিছে। কিন্তু চৰকাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, যদিহে তেনেধৰণৰ কোনো কেলেংকাৰী সংঘটিত হৈছে তেন্তে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতিৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু চৰকাৰী ব্যৱস্থাৰ ত্ৰুটি ধৰ পৰা মাত্ৰকে ব্যৱস্থা গ্ৰহণ কৰিব। ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ ‘মুখ্যমন্ত্ৰী কন্যা বিবাহ/ নিকাহ যোজনা’ক কেন্দ্ৰ কৰি। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ গৃহনিৰ্মাণ আৰু অন্যান্য নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকসকলক সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। অৰ্থনৈতিকভাৱে পিছপৰা এইসকল লোকৰ কন্যাৰ বিবাহত সহায়ক হোৱাকৈ ৫১হাজাৰকৈ চৰকাৰী অনুদান এই আঁচনিৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই আঁচনিৰ নামতে সংঘটিত হৈছে ব্যাপক অনিয়ম। ৰাজ্যখনৰ ইক’নমিক অ’ফেঞ্চেজ উইঙৰ এটা তদন্তত পোহৰলৈ আহিছে যে, একাংশ মধ্যভোগীয়ে এই আঁচনিৰ সুবিধা আদায়ৰ বাবে কূটকৌশলৰ সহায় লৈছিল আৰু একাংশ দুখীয়া গাঁওবাসীক প্ৰতাৰণাৰে তেওঁলোকৰ জালত সুমোৱাই লৈছিল। তেওঁলোকৰ বেংক ডিটেইল আৰু অন্যান্য তথ্য সংগ্ৰহ কৰাৰ জৰিয়তে কেলেংকাৰী সংঘটিত কৰিছিল এইসকল মধ্যভোগীয়ে। এখন জিলাতে এই আঁচনিৰ সুবিধা ৫০০০তকৈও অধিক দম্পতীয়ে লাভ কৰিছে। যাৰ ভিতৰত বহুতৰে অস্তিত্বই নাই। জানিব পৰা মতে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ আত্মীয়ও এই কেলেংকাৰীত জড়িত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু