--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যতো অব্যাহত আছে কংগ্ৰেছৰ বিপৰ্যয়। এইবাৰ কাৰ্যতঃ কংগ্ৰেছমুক্ত হৈছে উত্তৰ পূবৰ ৰাজ্য মেঘালয়। এইবাৰ মেঘালয়ত অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছ দল। ৰাজ্যখনৰ বিধানসভাত দলটোৰ উপস্থিতি কাৰ্যতঃ শূন্য হৈ পৰিছে। ৰাজ্যখনৰ অৱশিষ্ট ৫গৰাকী কংগ্ৰেছ বিধায়কে ‘নেচনেল পিপুলছ পাৰ্টী’ নেতৃত্বৰ মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সত যোগ দিয়াৰ সিদ্ধান্ত প্ৰকাশ কৰাৰ পাছতে ৰাজ্যখনৰ বিধানসভাত কংগ্ৰেছৰ উপস্থিতি শূন্য হৈ পৰিল। এই পৰিস্থিতিয়ে কংগ্ৰেছ নেতৃত্বক এতিয়া একপ্ৰকাৰ অস্বস্তিত পেলাইছে। কংগ্ৰেছৰ এই বিপৰ্যয় অৱশ্যে এদিনতে হোৱা নাই। যোৱা বছৰৰ নৱেম্বৰ মাহতে কংগ্ৰেছৰ ১২গৰাকী বিধায়কে দল ত্যাগ কৰি যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত। এইসকলৰ ভিতৰত আছিল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাও। তাৰ পাছত অৱশিষ্ট পাঁচগৰাকী বিধায়কে শাসকীয় মিত্ৰজোঁটত চামিল হোৱাৰ পাছত বিধানসভা কংগ্ৰেছমুক্ত হৈ পৰিল। এই পাঁচগৰাকী কংগ্ৰেছ বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পত্ৰ লিখি তেওঁলোকে শাসকীয় মিত্ৰজোঁটলৈ সমৰ্থন দিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী চাংমাক সম্বোধি লিখা পত্ৰখনত কংগ্ৰেছ বিধায়ককেইগৰাকীয়ে লিখিছে, ‘আমি আপোনাক আৰু মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সলৈ সমৰ্থন দিব বিচাৰিছোঁ। চৰকাৰক অধিক শক্তিশালী কৰা তথা ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আৰু সাধাৰণ মানুহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰৰ সৈতে চামিল হ’ব বিচাৰিছোঁ।’ দল এৰি শাসকীয় পক্ষলৈ যোৱা এই পাঁচগৰাকী বিধায়ক হৈছে, এম এমপাৰীন লেংদোহ, মেৰালব’ৰ্ন ছিয়েম, ম’হেন্দ্ৰ’ ৰাপছাং, কিমফা মাৰবানিয়াং আৰু পিটি শ্ব’কিমে। উল্লেখ্য যে, বিজেপিও এই মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে। এই পাঁচগৰাকী কংগ্ৰেছ বিধায়কে চৰকাৰত যোগ দিয়াৰ পাছত কনৰাড চাংমাৰ চৰকাৰে বিজেপি আৰু কংগ্ৰেছ উভয়ৰে সমৰ্থন লাভ কৰাৰ একক কৃতিত্বৰ অধিকাৰী হৈছে। ইফালে,কংগ্ৰেছৰ অৱৰ্তমানত কেৱল তৃণমূল কংগ্ৰেছেহে ৰাজ্যখনত বিৰোধীৰ ভূমিকা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু