--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যতো অব্যাহত আছে কংগ্ৰেছৰ বিপৰ্যয়। এইবাৰ কাৰ্যতঃ কংগ্ৰেছমুক্ত হৈছে উত্তৰ পূবৰ ৰাজ্য মেঘালয়। এইবাৰ মেঘালয়ত অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছ দল। ৰাজ্যখনৰ বিধানসভাত দলটোৰ উপস্থিতি কাৰ্যতঃ শূন্য হৈ পৰিছে। ৰাজ্যখনৰ অৱশিষ্ট ৫গৰাকী কংগ্ৰেছ বিধায়কে ‘নেচনেল পিপুলছ পাৰ্টী’ নেতৃত্বৰ মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সত যোগ দিয়াৰ সিদ্ধান্ত প্ৰকাশ কৰাৰ পাছতে ৰাজ্যখনৰ বিধানসভাত কংগ্ৰেছৰ উপস্থিতি শূন্য হৈ পৰিল। এই পৰিস্থিতিয়ে কংগ্ৰেছ নেতৃত্বক এতিয়া একপ্ৰকাৰ অস্বস্তিত পেলাইছে। কংগ্ৰেছৰ এই বিপৰ্যয় অৱশ্যে এদিনতে হোৱা নাই। যোৱা বছৰৰ নৱেম্বৰ মাহতে কংগ্ৰেছৰ ১২গৰাকী বিধায়কে দল ত্যাগ কৰি যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত। এইসকলৰ ভিতৰত আছিল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাও। তাৰ পাছত অৱশিষ্ট পাঁচগৰাকী বিধায়কে শাসকীয় মিত্ৰজোঁটত চামিল হোৱাৰ পাছত বিধানসভা কংগ্ৰেছমুক্ত হৈ পৰিল। এই পাঁচগৰাকী কংগ্ৰেছ বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পত্ৰ লিখি তেওঁলোকে শাসকীয় মিত্ৰজোঁটলৈ সমৰ্থন দিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী চাংমাক সম্বোধি লিখা পত্ৰখনত কংগ্ৰেছ বিধায়ককেইগৰাকীয়ে লিখিছে, ‘আমি আপোনাক আৰু মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সলৈ সমৰ্থন দিব বিচাৰিছোঁ। চৰকাৰক অধিক শক্তিশালী কৰা তথা ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আৰু সাধাৰণ মানুহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰৰ সৈতে চামিল হ’ব বিচাৰিছোঁ।’ দল এৰি শাসকীয় পক্ষলৈ যোৱা এই পাঁচগৰাকী বিধায়ক হৈছে, এম এমপাৰীন লেংদোহ, মেৰালব’ৰ্ন ছিয়েম, ম’হেন্দ্ৰ’ ৰাপছাং, কিমফা মাৰবানিয়াং আৰু পিটি শ্ব’কিমে। উল্লেখ্য যে, বিজেপিও এই মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে। এই পাঁচগৰাকী কংগ্ৰেছ বিধায়কে চৰকাৰত যোগ দিয়াৰ পাছত কনৰাড চাংমাৰ চৰকাৰে বিজেপি আৰু কংগ্ৰেছ উভয়ৰে সমৰ্থন লাভ কৰাৰ একক কৃতিত্বৰ অধিকাৰী হৈছে। ইফালে,কংগ্ৰেছৰ অৱৰ্তমানত কেৱল তৃণমূল কংগ্ৰেছেহে ৰাজ্যখনত বিৰোধীৰ ভূমিকা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু