--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মোহময়ী অভিনেত্ৰী মাহিৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক চেলিম কৰিমক সৈতে অতি সোনকালে বিয়া হ’ব বুলি বাতৰি প্ৰকাশ পাইছে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিয়া পাতিবলৈ সাজু হৈছে মাহিৰা।

দৈনিক পাকিস্তানত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে দ্বিতীয়বাৰৰ বাবে বিবাহৰ বাবে সাজু হৈছে মহিৰা খান। অহা মাহত তেওঁৰ প্ৰেমিক চেলিমৰ সৈতে বিয়াত বহিব। পাকিস্তানৰ পঞ্জাৱৰ এটা হিল ষ্টেচনত বিবাহ অনুষ্ঠানত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ২০১৯ চনত মাহিৰা আৰু চেলিমৰ বিষয়ে খবৰ আহিছিল যে দুয়োৰে তুৰস্কত এংগেজমেণ্ট হৈছিল। যদিও বিবাহ সন্দৰ্ভত চলি থকা আলোচনাত অভিনেত্ৰীগৰাকীয়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু বহু সময়ত মাহিৰাক চেলিমৰ লগত দেখা গৈছে। চেলিমৰ কথা ক’বলৈ গ’লে তেওঁ পেছাত এজন ব্যৱসায়ী।

চলিত মাহৰ আৰম্ভণিতে ইনষ্টাগ্ৰামত লাইভ আহিছিল এগৰাকী মহিৰা খান আৰু এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে প্ৰেমিকৰ বিষয়ে কথা পাতিছিল। ছেপ্টেম্বৰ মাহত মাহিৰাই প্ৰেমিক চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ সন্দৰ্ভত চৰ্চালৈ আহিছে তেওঁৰ মেনেজাৰ অনুষে তলহা খানৰ প্ৰতিক্ৰিয়া। জিঅ’ ৱেবৰ মতে, অনুষেক যেতিয়া মহিৰাৰ বিয়াৰ উৰাবাতৰি সন্দৰ্ভত সোধা হৈছিল, তেতিয়া তেওঁ এই বাতৰিসমূহক ‘দায়বদ্ধতাহীন সাংবাদিকতা’ বুলি অভিহিত কৰিছিল। অনুষে কয় যে মাহিৰাৰ ঘোষণা অবিহনে এই খবৰ প্ৰচাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?