--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মোহময়ী অভিনেত্ৰী মাহিৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক চেলিম কৰিমক সৈতে অতি সোনকালে বিয়া হ’ব বুলি বাতৰি প্ৰকাশ পাইছে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিয়া পাতিবলৈ সাজু হৈছে মাহিৰা।

দৈনিক পাকিস্তানত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে দ্বিতীয়বাৰৰ বাবে বিবাহৰ বাবে সাজু হৈছে মহিৰা খান। অহা মাহত তেওঁৰ প্ৰেমিক চেলিমৰ সৈতে বিয়াত বহিব। পাকিস্তানৰ পঞ্জাৱৰ এটা হিল ষ্টেচনত বিবাহ অনুষ্ঠানত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ২০১৯ চনত মাহিৰা আৰু চেলিমৰ বিষয়ে খবৰ আহিছিল যে দুয়োৰে তুৰস্কত এংগেজমেণ্ট হৈছিল। যদিও বিবাহ সন্দৰ্ভত চলি থকা আলোচনাত অভিনেত্ৰীগৰাকীয়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু বহু সময়ত মাহিৰাক চেলিমৰ লগত দেখা গৈছে। চেলিমৰ কথা ক’বলৈ গ’লে তেওঁ পেছাত এজন ব্যৱসায়ী।

চলিত মাহৰ আৰম্ভণিতে ইনষ্টাগ্ৰামত লাইভ আহিছিল এগৰাকী মহিৰা খান আৰু এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে প্ৰেমিকৰ বিষয়ে কথা পাতিছিল। ছেপ্টেম্বৰ মাহত মাহিৰাই প্ৰেমিক চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ সন্দৰ্ভত চৰ্চালৈ আহিছে তেওঁৰ মেনেজাৰ অনুষে তলহা খানৰ প্ৰতিক্ৰিয়া। জিঅ’ ৱেবৰ মতে, অনুষেক যেতিয়া মহিৰাৰ বিয়াৰ উৰাবাতৰি সন্দৰ্ভত সোধা হৈছিল, তেতিয়া তেওঁ এই বাতৰিসমূহক ‘দায়বদ্ধতাহীন সাংবাদিকতা’ বুলি অভিহিত কৰিছিল। অনুষে কয় যে মাহিৰাৰ ঘোষণা অবিহনে এই খবৰ প্ৰচাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ