--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী পপ গীতৰ কথা উল্লেখ কৰিলেই আমাৰ মনলৈ অহা অন্যতম নাম দালেৰ মেহেন্দী। সংগীতৰ চখত ঘৰৰ পৰা বিদায় লোৱা দালেৰ মেহেন্দী কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ১৯৬৭ চনৰ ১৮ আগষ্টত বিহাৰৰ ৰাজধানী পাটনাত জন্মগ্ৰহণ কৰা দালেৰ মেহন্দীৰ গীতৰ উন্মাদনাই  অনুৰাগীক সদায় স্পৰ্শ কৰে। 

জানি আচৰিত হ’ব যে দালেৰ মেহন্দীৰ নামত থকা দুয়োটা শব্দই বিভিন্ন মানুহৰ লগত সম্পৰ্কিত। আচলতে তেওঁৰ নামৰ প্ৰথম শব্দটো দালেৰৰ সৈতে এজন ডকাইতৰ সম্পৰ্ক আছে। আচলতে দালেৰৰ জন্মৰ সময়ত ডকাইত দালেৰ সিঙৰ প্ৰতি মানুহৰ বহুত ভয় আছিল। এনে অৱস্থাত পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিলে দালেৰ। একে সময়তে যেতিয়া দালেৰ অলপ ডাঙৰ হ’ল, তেতিয়া তেওঁৰ নামত মেহেন্দী শব্দটো সংযোজন হ’ল, যিটো সেই সময়ৰ বিখ্যাত গায়ক পাৰভেজ মেহন্দীৰ নামটোৰ পৰা লোৱা হৈছে।

দালেৰ মেহন্দীয়ে সৰুৰে পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল, কাৰণ তেওঁৰ পৰিয়ালত সাতটা প্ৰজন্মৰ পৰা গান গোৱাৰ ধাৰা চলি আহিছিল। তেওঁৰ পিতৃ চৰ্দাৰ আজমেৰ সিং চন্দনে শৈশৱতে দালেৰক ৰাগ আৰু সবাদ শিকাইছিল। ১১ বছৰ বয়সত গায়নৰ বাবে ঘৰ এৰি গোৰখপুৰৰ ওস্তাদ ৰাহত আলী খানৰ ওচৰ পাইগৈ। একে সময়তে ১৩ বছৰ বয়সত জৌনপুৰত ২০ হাজাৰ মানুহৰ সন্মুখত প্ৰথম মঞ্চত সংগীত পৰিৱেশন কৰে।

পাঞ্জাবী সংগীত উদ্যোগত দালেৰ মেহন্দীয়ে ঢাপলি মেলিছিল যদিও তেওঁ বলীউডত অভিষেক ঘটাব নোৱাৰিলে। আচলতে তেওঁ বিচাৰিছিল অমিতাভ বচ্চনে তেওঁক ফোন কৰি গান গাবলৈ মাতিব। দালেৰে এই কথা কোৱাৰ দুমাহৰ পাছত বিগ বিয়ে তেওঁক ফোন কৰে, তাৰ পাছত তেওঁ অমিতাভৰ ছবি মৃত্যুদাতাত না না না ৰে গীতটো গাইছিল। ইয়াৰ পাছত তেওঁ বলীউডৰ শ্ৰেষ্ঠ গায়ক হিচাপেও পৰিগণিত হয়।

দালেৰ মেহন্দীৰ সম্পৰ্কতো বিতৰ্কৰ সৃষ্টি হৈছিল। টকা লৈ বিদেশলৈ মানুহ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপন হৈছিল, তাৰ পাছত দালেৰকো গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তত দালেৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা বুলি প্ৰমাণিত হয়, যাৰ বাবে তেওঁ দুবছৰৰ কাৰাদণ্ড দিয়া হয়। ইয়াৰ উপৰিও ঝুম বৰাবৰ ঝুম গীতত কণ্ঠৰ বাবে যশ ৰাজ ফিল্মছৰ সৈতে কাজিয়া হৈছিল। আচলতে এই গীতটোত দালেৰ মেহেন্দীৰ সলনি শংকৰ মহাদেৱনৰ কণ্ঠ ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে দালেৰে যশ ৰাজ ফিল্মছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু