--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী পপ গীতৰ কথা উল্লেখ কৰিলেই আমাৰ মনলৈ অহা অন্যতম নাম দালেৰ মেহেন্দী। সংগীতৰ চখত ঘৰৰ পৰা বিদায় লোৱা দালেৰ মেহেন্দী কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ১৯৬৭ চনৰ ১৮ আগষ্টত বিহাৰৰ ৰাজধানী পাটনাত জন্মগ্ৰহণ কৰা দালেৰ মেহন্দীৰ গীতৰ উন্মাদনাই  অনুৰাগীক সদায় স্পৰ্শ কৰে। 

জানি আচৰিত হ’ব যে দালেৰ মেহন্দীৰ নামত থকা দুয়োটা শব্দই বিভিন্ন মানুহৰ লগত সম্পৰ্কিত। আচলতে তেওঁৰ নামৰ প্ৰথম শব্দটো দালেৰৰ সৈতে এজন ডকাইতৰ সম্পৰ্ক আছে। আচলতে দালেৰৰ জন্মৰ সময়ত ডকাইত দালেৰ সিঙৰ প্ৰতি মানুহৰ বহুত ভয় আছিল। এনে অৱস্থাত পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিলে দালেৰ। একে সময়তে যেতিয়া দালেৰ অলপ ডাঙৰ হ’ল, তেতিয়া তেওঁৰ নামত মেহেন্দী শব্দটো সংযোজন হ’ল, যিটো সেই সময়ৰ বিখ্যাত গায়ক পাৰভেজ মেহন্দীৰ নামটোৰ পৰা লোৱা হৈছে।

দালেৰ মেহন্দীয়ে সৰুৰে পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল, কাৰণ তেওঁৰ পৰিয়ালত সাতটা প্ৰজন্মৰ পৰা গান গোৱাৰ ধাৰা চলি আহিছিল। তেওঁৰ পিতৃ চৰ্দাৰ আজমেৰ সিং চন্দনে শৈশৱতে দালেৰক ৰাগ আৰু সবাদ শিকাইছিল। ১১ বছৰ বয়সত গায়নৰ বাবে ঘৰ এৰি গোৰখপুৰৰ ওস্তাদ ৰাহত আলী খানৰ ওচৰ পাইগৈ। একে সময়তে ১৩ বছৰ বয়সত জৌনপুৰত ২০ হাজাৰ মানুহৰ সন্মুখত প্ৰথম মঞ্চত সংগীত পৰিৱেশন কৰে।

পাঞ্জাবী সংগীত উদ্যোগত দালেৰ মেহন্দীয়ে ঢাপলি মেলিছিল যদিও তেওঁ বলীউডত অভিষেক ঘটাব নোৱাৰিলে। আচলতে তেওঁ বিচাৰিছিল অমিতাভ বচ্চনে তেওঁক ফোন কৰি গান গাবলৈ মাতিব। দালেৰে এই কথা কোৱাৰ দুমাহৰ পাছত বিগ বিয়ে তেওঁক ফোন কৰে, তাৰ পাছত তেওঁ অমিতাভৰ ছবি মৃত্যুদাতাত না না না ৰে গীতটো গাইছিল। ইয়াৰ পাছত তেওঁ বলীউডৰ শ্ৰেষ্ঠ গায়ক হিচাপেও পৰিগণিত হয়।

দালেৰ মেহন্দীৰ সম্পৰ্কতো বিতৰ্কৰ সৃষ্টি হৈছিল। টকা লৈ বিদেশলৈ মানুহ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপন হৈছিল, তাৰ পাছত দালেৰকো গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তত দালেৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা বুলি প্ৰমাণিত হয়, যাৰ বাবে তেওঁ দুবছৰৰ কাৰাদণ্ড দিয়া হয়। ইয়াৰ উপৰিও ঝুম বৰাবৰ ঝুম গীতত কণ্ঠৰ বাবে যশ ৰাজ ফিল্মছৰ সৈতে কাজিয়া হৈছিল। আচলতে এই গীতটোত দালেৰ মেহেন্দীৰ সলনি শংকৰ মহাদেৱনৰ কণ্ঠ ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে দালেৰে যশ ৰাজ ফিল্মছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক