--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৰত সেন্দূৰ লোৱাটো এগৰাকী মহিলাৰ ধৰ্মীয় দায়িত্ব তথা কৰ্তব্য। সেন্দূৰৰ দ্বাৰাই বুজা যায় মহিলাগৰাকী বিবাহিতা হয় নে নহয়। এই মন্তব্য পাৰিবাৰিক আদালতৰ।

সেন্দূৰ হৈছে বিয়া হোৱাৰ চিন, সেন্দূৰৰ বাবেই মহিলাগৰাকী বিবাহিত‌ হয়‌ নহয়‌ সেয়া বুজা যায়। শেহতীয়াকৈ স্বামী-স্ত্ৰীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ এক ৰায়দান দি ইন্দোৰৰ পাৰিবাৰিক আদালতে সেন্দুৰ লগোৱাটো মহিলাৰ ধৰ্মীয় কৰ্তব্য বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, এই মন্তব্যৰ লগতে আদালতে স্বামীৰ সপক্ষে ৰায় দি পত্নীক সেন্দূৰ লগাই তৎক্ষণাত স্বামীৰ ওচৰলৈ উভতি যাবলৈও নিৰ্দেশ দিয়ে।

সমগ্ৰ বিষয়টো এনেকুৱা যে পৱন যাদৱ নামৰ এজন লোকে হিন্দু বিবাহ আইনৰ ৯ নং ধাৰাত দম্পতী সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে ইন্দোৰ পৰিয়াল আদালতত অধিবক্তাৰ জৰিয়তে আবেদন দাখিল কৰিছিল। এই আবেদনত পৱনে কৈছিল যে বিগত ৫ বছৰ ধৰি তেওঁৰ পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ পৰা পৃথকে বসবাস কৰি আহিছে আৰু এতিয়া তেওঁ আনকি সেন্দুৰ লগোৱাও বন্ধ কৰি দিছে। 

যেতিয়া পত্নীয়ে আদালতলৈ বক্তব্য দিবলৈ আহিছিল তেতিয়াও তেওঁ সেন্দুৰ লগোৱা নাছিল। আদালতে পত্নীগৰাকীক সেন্দূৰৰ প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ এই কথা স্বীকাৰ কৰি কয় যে তেওঁ পৃথকে থকাৰ বাবে শিৰত সেন্দূৰ লগোৱা বন্ধ কৰি দিছে। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে মন্তব্য কৰে যে সেন্দূৰ বিবাহিত হোৱাৰ চিন আৰু সেন্দূৰ লগালে মহিলাগৰাকী বিবাহিতা বুলি বুজা যায়। সেন্দূৰ হৈছে এগৰাকী মহিলাৰ গাম্ভীৰ্যপূৰ্ণ অলংকাৰ। এগৰাকী মহিলাই বিবাহিত হৈও সেন্দূৰ নোলোৱাটো এক প্ৰকাৰৰ নিষ্ঠুৰতা। 

১১ পৃষ্ঠাৰ এই সিদ্ধান্তত আদালতে ৰায় দিয়ে যে স্বামীয়ে পত্নীক পৰিত্যাগ কৰা নাই যদিও পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ স্বামীক এৰি থৈ গৈছে, সেয়েহে আদালতে পত্নীক তৎক্ষণাত স্বামীৰ ওচৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু