--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৰত সেন্দূৰ লোৱাটো এগৰাকী মহিলাৰ ধৰ্মীয় দায়িত্ব তথা কৰ্তব্য। সেন্দূৰৰ দ্বাৰাই বুজা যায় মহিলাগৰাকী বিবাহিতা হয় নে নহয়। এই মন্তব্য পাৰিবাৰিক আদালতৰ।

সেন্দূৰ হৈছে বিয়া হোৱাৰ চিন, সেন্দূৰৰ বাবেই মহিলাগৰাকী বিবাহিত‌ হয়‌ নহয়‌ সেয়া বুজা যায়। শেহতীয়াকৈ স্বামী-স্ত্ৰীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ এক ৰায়দান দি ইন্দোৰৰ পাৰিবাৰিক আদালতে সেন্দুৰ লগোৱাটো মহিলাৰ ধৰ্মীয় কৰ্তব্য বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, এই মন্তব্যৰ লগতে আদালতে স্বামীৰ সপক্ষে ৰায় দি পত্নীক সেন্দূৰ লগাই তৎক্ষণাত স্বামীৰ ওচৰলৈ উভতি যাবলৈও নিৰ্দেশ দিয়ে।

সমগ্ৰ বিষয়টো এনেকুৱা যে পৱন যাদৱ নামৰ এজন লোকে হিন্দু বিবাহ আইনৰ ৯ নং ধাৰাত দম্পতী সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে ইন্দোৰ পৰিয়াল আদালতত অধিবক্তাৰ জৰিয়তে আবেদন দাখিল কৰিছিল। এই আবেদনত পৱনে কৈছিল যে বিগত ৫ বছৰ ধৰি তেওঁৰ পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ পৰা পৃথকে বসবাস কৰি আহিছে আৰু এতিয়া তেওঁ আনকি সেন্দুৰ লগোৱাও বন্ধ কৰি দিছে। 

যেতিয়া পত্নীয়ে আদালতলৈ বক্তব্য দিবলৈ আহিছিল তেতিয়াও তেওঁ সেন্দুৰ লগোৱা নাছিল। আদালতে পত্নীগৰাকীক সেন্দূৰৰ প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ এই কথা স্বীকাৰ কৰি কয় যে তেওঁ পৃথকে থকাৰ বাবে শিৰত সেন্দূৰ লগোৱা বন্ধ কৰি দিছে। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে মন্তব্য কৰে যে সেন্দূৰ বিবাহিত হোৱাৰ চিন আৰু সেন্দূৰ লগালে মহিলাগৰাকী বিবাহিতা বুলি বুজা যায়। সেন্দূৰ হৈছে এগৰাকী মহিলাৰ গাম্ভীৰ্যপূৰ্ণ অলংকাৰ। এগৰাকী মহিলাই বিবাহিত হৈও সেন্দূৰ নোলোৱাটো এক প্ৰকাৰৰ নিষ্ঠুৰতা। 

১১ পৃষ্ঠাৰ এই সিদ্ধান্তত আদালতে ৰায় দিয়ে যে স্বামীয়ে পত্নীক পৰিত্যাগ কৰা নাই যদিও পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ স্বামীক এৰি থৈ গৈছে, সেয়েহে আদালতে পত্নীক তৎক্ষণাত স্বামীৰ ওচৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ