--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ হোটেল উদ্যোগক নতুন গতি প্ৰদান কৰা 'অৱাইঅ' প্ৰতিষ্ঠাপক ৰীতেশ আগৰৱালাই বিয়া পাতিব৷ বিয়াৰ বাবে এতিয়া তেওঁ মানুহক নিমন্ত্ৰণ দি ফুৰিছে৷ শেহতীয়াকৈ ৰীতেশে প্ৰধানমন্ত্ৰী মোদীক লগ ধৰি তেওঁক বিয়ালৈ নিমন্ত্ৰণ জনাইছে৷ টুইটাৰত ২৯ বছৰীয়া ব্যৱসায়ীগৰাকীয়ে  প্ৰধানমন্ত্ৰীক বিয়ালৈ আমন্ত্ৰণ জনোৱাৰ প্ৰসংগত লিখিছে  "সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  আশীৰ্বাদত আমি এক নতুন আৰম্ভণিৰ বাবে সাজু হৈছো। তেওঁ আমাক যি আন্তৰিকতাৰে গ্ৰহণ  কৰিছিল তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰে," ।

 উল্লেখ্য অনলাইন হোটেল বুকিং শৃংখলা 'অৱাইঅ'ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰীতেশ আগৰৱালাই চলিত বছৰৰ মাৰ্চ মাহত বিবাহপাশত আবদ্ধ হ’ব৷ সেয়ে  বিয়ালৈ  আগৰৱালাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। ৰীতেশে কয় " মহিলা সৱলীকৰণৰ ক্ষেত্ৰত মোদীৰ  দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত মোৰ মাই  তেওঁক লগ পাই আনন্দিত হৈছে। আপোনাক  মূল্যৱান সময় দিয়াৰ  বাবে আৰু আপোনাক শুভকামনা জনোৱাৰ  বাবে আপোনাক ধন্যবাদ," ।

জানিব পৰা মতে ৰীতেশৰ বিবাহৰ পিছত দিল্লীৰ এখন ৫ তাৰকা হোটেলত অভ্যৰ্থনাঅনুষ্ঠানৰ আয়োজন কৰা  হ'ব৷ যুৱ উদ্যোগীগৰাকীৰ জন্ম ওৰিশাৰ এটা মাৰোৱাৰী পৰিয়ালত হৈছিল আৰু ২০১১ চনত মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ  বাবে দিল্লীলৈ গৈছিল৷ তেওঁ দুবছৰৰ পিছত মহাবিদ্যালয়ৰ পৰা  থিয়েল ফেলোশ্বিপ কাৰ্যসূচীত গ্ৰহণ কৰা হৈছিল। ফেলোশ্বিপ কাৰ্যসূচীৰ অন্যতম বিজয়ী হিচাপে, তেওঁ ১০০,০০০ ডলাৰৰ অনুদান লাভ কৰিছিল৷ 

সেই ধনেৰে তেওঁ ২০১৩ চনৰ  মে’ মাহত  'অৱাইঅ' মুকলি কৰিছিল৷ কোম্পানীটো কেৱল ভাৰততে নহয়, বিশ্বব্যাপী আটাইতকৈ সফল হস্পিলিটি  কোম্পানী হিচাপে জনপ্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ, আগৰৱালাই প্ৰকাশ কৰিছিল যে তেওঁৰ কোম্পানীটো ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ হস্পিলিটি  কোম্পানী হিচাবে পৰিগণিত হৈছে। তেওঁ কয় যে ১৮০ খনতকৈও অধিক চহৰত ২,৫০০ তকৈও অধিক একচেটিয়া 'অৱাইঅ'  হোটেল উপলব্ধ আছে। কোম্পানীটোৱে ২০১৮ চনৰ পৰা ১৩ নিযুতৰো অধিক লোকক হোটেল বুকিং কৰাত সহায় কৰি দিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক