--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ হোটেল উদ্যোগক নতুন গতি প্ৰদান কৰা 'অৱাইঅ' প্ৰতিষ্ঠাপক ৰীতেশ আগৰৱালাই বিয়া পাতিব৷ বিয়াৰ বাবে এতিয়া তেওঁ মানুহক নিমন্ত্ৰণ দি ফুৰিছে৷ শেহতীয়াকৈ ৰীতেশে প্ৰধানমন্ত্ৰী মোদীক লগ ধৰি তেওঁক বিয়ালৈ নিমন্ত্ৰণ জনাইছে৷ টুইটাৰত ২৯ বছৰীয়া ব্যৱসায়ীগৰাকীয়ে  প্ৰধানমন্ত্ৰীক বিয়ালৈ আমন্ত্ৰণ জনোৱাৰ প্ৰসংগত লিখিছে  "সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  আশীৰ্বাদত আমি এক নতুন আৰম্ভণিৰ বাবে সাজু হৈছো। তেওঁ আমাক যি আন্তৰিকতাৰে গ্ৰহণ  কৰিছিল তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰে," ।

 উল্লেখ্য অনলাইন হোটেল বুকিং শৃংখলা 'অৱাইঅ'ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰীতেশ আগৰৱালাই চলিত বছৰৰ মাৰ্চ মাহত বিবাহপাশত আবদ্ধ হ’ব৷ সেয়ে  বিয়ালৈ  আগৰৱালাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। ৰীতেশে কয় " মহিলা সৱলীকৰণৰ ক্ষেত্ৰত মোদীৰ  দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত মোৰ মাই  তেওঁক লগ পাই আনন্দিত হৈছে। আপোনাক  মূল্যৱান সময় দিয়াৰ  বাবে আৰু আপোনাক শুভকামনা জনোৱাৰ  বাবে আপোনাক ধন্যবাদ," ।

জানিব পৰা মতে ৰীতেশৰ বিবাহৰ পিছত দিল্লীৰ এখন ৫ তাৰকা হোটেলত অভ্যৰ্থনাঅনুষ্ঠানৰ আয়োজন কৰা  হ'ব৷ যুৱ উদ্যোগীগৰাকীৰ জন্ম ওৰিশাৰ এটা মাৰোৱাৰী পৰিয়ালত হৈছিল আৰু ২০১১ চনত মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ  বাবে দিল্লীলৈ গৈছিল৷ তেওঁ দুবছৰৰ পিছত মহাবিদ্যালয়ৰ পৰা  থিয়েল ফেলোশ্বিপ কাৰ্যসূচীত গ্ৰহণ কৰা হৈছিল। ফেলোশ্বিপ কাৰ্যসূচীৰ অন্যতম বিজয়ী হিচাপে, তেওঁ ১০০,০০০ ডলাৰৰ অনুদান লাভ কৰিছিল৷ 

সেই ধনেৰে তেওঁ ২০১৩ চনৰ  মে’ মাহত  'অৱাইঅ' মুকলি কৰিছিল৷ কোম্পানীটো কেৱল ভাৰততে নহয়, বিশ্বব্যাপী আটাইতকৈ সফল হস্পিলিটি  কোম্পানী হিচাপে জনপ্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ, আগৰৱালাই প্ৰকাশ কৰিছিল যে তেওঁৰ কোম্পানীটো ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ হস্পিলিটি  কোম্পানী হিচাবে পৰিগণিত হৈছে। তেওঁ কয় যে ১৮০ খনতকৈও অধিক চহৰত ২,৫০০ তকৈও অধিক একচেটিয়া 'অৱাইঅ'  হোটেল উপলব্ধ আছে। কোম্পানীটোৱে ২০১৮ চনৰ পৰা ১৩ নিযুতৰো অধিক লোকক হোটেল বুকিং কৰাত সহায় কৰি দিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু