--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰি উপলক্ষে ভগৱান শিৱৰ বহুভক্তই কঠোৰ যাত্ৰা কৰে , যাক কানৱাৰ যাত্ৰা বুলি কোৱা হয়। এই সময়ছোৱাত  ভক্তসকলে গংগা নদীৰ পৰা পানী আনি ভগৱান শিৱক আগবঢ়াবলৈ কেইবাশ মাইল খোজকাঢ়ে।এই সময়ছোৱাত বহুতে ভক্তসকলক খাদ্য বা অন্যান্য জলপান আগবঢ়ায়। কিন্তু  উত্তৰ প্ৰদেশৰ আলিগড়ৰ এজন ব্যক্তিয়ে প্ৰসাদৰ নামত জলপানৰ পৰিৱৰ্তে কানৱাৰিয়াসকলক  বিয়েৰ যোগান ধৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷ । বিয়েৰ বিতৰণ কৰাৰ  ক্লিপ ভাইৰেল হোৱাৰ পিছতে তেওঁক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কানৱাৰিয়াসকলক বিয়েৰ আগবঢ়োৱাৰ বাবে মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা হৈছে তাকে লৈ প্ৰশ্ন কৰাৰ লগতে বহুতে আকৌ লোক জনক সমালোচনাও কৰিছে৷বহুতে যুক্তি দিছে যে মানুহজনে প্ৰকৃততে বিয়েৰ  বিক্ৰী কৰা নাছিল। ভক্ৰ মাজত বিনামূলীয়াকৈ বিতৰণহে কৰিছিল৷ 

আন এটা টুইটত লিখা হৈছে, "কেৱল কানৱাৰিয়াসকলক বিয়েৰ আগবঢ়োৱা সকলক কিয় গ্ৰেপ্তাৰ কৰা হ'ব? বীয়েৰ গ্ৰহণ কৰা লোকসকলৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিব লাগে। আৰু প্ৰাৰ্থনা কৰিবলৈ যাওঁতে কোনে সুৰা সেৱন কৰে?"

আলিগড় আৰক্ষীয়ে যোগেশ নামৰ এজন ব্যক্তিক কানৱাৰিয়াসকলক বিয়েৰ বিতৰণ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে লগতে এখন মটৰচাইকেল, ১৪  টা বিয়েৰৰ কেন জব্দ কৰিছে৷  

প্ৰতিটো চন্দ্ৰ মাহৰ চতুৰ্দশ দিন বা নতুন চন্দ্ৰৰ আগদিনটোক শিৱৰাত্ৰি বুলি জনা যায়। এই সময়তে বহুতে কানৱাৰিয়া যাত্ৰা কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক