--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দৰে এখন দেশত কোনোবাই কঠোৰ অধ্যয়ন কৰি উচ্চ শিক্ষিত হোৱাৰ পিছত চাহৰ দোকান খুলিব বুলি ভবাটো অন্যায়। কিন্তু দিল্লীৰ শৰ্মিষ্ঠা ঘোষ ব্যতিক্ৰম! উচ্চশিক্ষিতা এই যুৱতীগৰাকীয়ে সপোন দেখিছে যে কোনোবা দিনা তাইৰ সৰু চাহৰ দোকানখনে দেশজুৰি বিয়পি পৰিব। বিভিন্ন ৰাজ্যত চাহৰ দোকানখনৰ শাখা থাকিব।

ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিদেশী শিক্ষানুষ্ঠানত কেইবাদিনো কাম কৰিছিল। কিন্তু নিজাকৈ এখন চাহৰ দোকানৰ সপোন দেখি হঠাতে চাকৰিটো এৰি দিলে শৰ্মিষ্ঠাই। অৱশ্যে, শৰ্মিষ্ঠা এইক্ষেত্ৰত অকলশৰীয়া নহয়, ভাৱনা ৰাও নামৰ এগৰাকী যুৱতীয়েও তেওঁৰ এই কামত অংশগ্ৰহণ কৰিছে। ভাৱনা পেছাত এজন এয়াৰলাইন কৰ্মচাৰী।

শৰ্মিষ্ঠাৰ জীৱনৰ বিষয়ে প্ৰথমে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সঞ্জয় খান্নাই জনায়। তেওঁ কয়, "এই ঘটনা দেখি মই উৎসাহিত। মই জানিব বিচাৰো যে তেওঁলোকে তেওঁলোকৰ অৰ্হতা স্বত্বেও কিয় এনে চাকৰি বাছনি কৰিছিল?"

শৰ্মিষ্ঠাৰ কাম আৰু চিন্তা দেখি নেটিজেনসকল আনন্দিত হৈছে। ছ'চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰি পৰিছে। সকলোৱে তেওঁলোকৰ প্ৰচেষ্টাক অনুপ্ৰেৰণাদায়ক হিচাপে চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু