--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দৰে এখন দেশত কোনোবাই কঠোৰ অধ্যয়ন কৰি উচ্চ শিক্ষিত হোৱাৰ পিছত চাহৰ দোকান খুলিব বুলি ভবাটো অন্যায়। কিন্তু দিল্লীৰ শৰ্মিষ্ঠা ঘোষ ব্যতিক্ৰম! উচ্চশিক্ষিতা এই যুৱতীগৰাকীয়ে সপোন দেখিছে যে কোনোবা দিনা তাইৰ সৰু চাহৰ দোকানখনে দেশজুৰি বিয়পি পৰিব। বিভিন্ন ৰাজ্যত চাহৰ দোকানখনৰ শাখা থাকিব।

ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিদেশী শিক্ষানুষ্ঠানত কেইবাদিনো কাম কৰিছিল। কিন্তু নিজাকৈ এখন চাহৰ দোকানৰ সপোন দেখি হঠাতে চাকৰিটো এৰি দিলে শৰ্মিষ্ঠাই। অৱশ্যে, শৰ্মিষ্ঠা এইক্ষেত্ৰত অকলশৰীয়া নহয়, ভাৱনা ৰাও নামৰ এগৰাকী যুৱতীয়েও তেওঁৰ এই কামত অংশগ্ৰহণ কৰিছে। ভাৱনা পেছাত এজন এয়াৰলাইন কৰ্মচাৰী।

শৰ্মিষ্ঠাৰ জীৱনৰ বিষয়ে প্ৰথমে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সঞ্জয় খান্নাই জনায়। তেওঁ কয়, "এই ঘটনা দেখি মই উৎসাহিত। মই জানিব বিচাৰো যে তেওঁলোকে তেওঁলোকৰ অৰ্হতা স্বত্বেও কিয় এনে চাকৰি বাছনি কৰিছিল?"

শৰ্মিষ্ঠাৰ কাম আৰু চিন্তা দেখি নেটিজেনসকল আনন্দিত হৈছে। ছ'চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰি পৰিছে। সকলোৱে তেওঁলোকৰ প্ৰচেষ্টাক অনুপ্ৰেৰণাদায়ক হিচাপে চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক