--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নতুন শিক্ষানীতিৰ অচিলালৈ হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বাবে এটা চক্ৰ নামি পৰাৰ বিষয়টোকলৈ বিভিন্ন ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পশ্চিম বংগৰ লগতে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যই ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত   কেন্দ্ৰই  গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। 

অল ইণ্ডিয়া  ছেভ এডুকেছন কমিটিয়ে হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে দেশজুৰি  প্ৰতিবাদ অধিক শক্তিশালী কৰাৰ বাবে ২১ ফেব্ৰুৱাৰীৰ 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' ৰ দিনটোকে বাছনি কৰিছে। সংস্থাটোৰ কৰ্মকৰ্তাই কৈছে   যে সেই তাৰিখত সমগ্ৰ দেশতে প্ৰতিবাদ দিৱস উদযাপন কৰা হ'ব। সেইদিনা দেশৰ সকলো জিলাতে প্ৰতিবাদ অনুষ্ঠিত হ'ব। 

দক্ষিণ ভাৰতৰ লগতে এই প্ৰতিবাদ ভাৰতৰ পূব, উত্তৰ আৰু পশ্চিম অঞ্চলতো অনুষ্ঠিত হ'ব। সংস্থাটোৰ এখন বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। সমিতিখনে আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে নিৰন্তৰ আন্দোলন কৰি আহিছে।যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু সংগঠনটোৰ নৱ নিৰ্বাচিত সম্পাদক তৰুণ কান্তি নাস্কৰে কয় যে  হিন্দীক একমাত্ৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলা আৰু ইংৰাজীৰ গুৰুত্ব হ্ৰাস কৰাৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । 

তেওঁ কয় যে আন্দোলনৰ প্ৰথম পদক্ষেপ হিচাপে ১৭ ফেব্ৰুৱাৰীত চেন্নাইত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ প্ৰতিনিধিৰ এক যুটীয়া সন্মিলন আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব। তাৰ পিছত, আন্তৰ্জাতিক মাতৃভাষা দিৱসত সমগ্ৰ দেশতে প্ৰতিবাদ দিৱস উদযাপন কৰা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন