--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নতুন শিক্ষানীতিৰ অচিলালৈ হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বাবে এটা চক্ৰ নামি পৰাৰ বিষয়টোকলৈ বিভিন্ন ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পশ্চিম বংগৰ লগতে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যই ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত   কেন্দ্ৰই  গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। 

অল ইণ্ডিয়া  ছেভ এডুকেছন কমিটিয়ে হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে দেশজুৰি  প্ৰতিবাদ অধিক শক্তিশালী কৰাৰ বাবে ২১ ফেব্ৰুৱাৰীৰ 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' ৰ দিনটোকে বাছনি কৰিছে। সংস্থাটোৰ কৰ্মকৰ্তাই কৈছে   যে সেই তাৰিখত সমগ্ৰ দেশতে প্ৰতিবাদ দিৱস উদযাপন কৰা হ'ব। সেইদিনা দেশৰ সকলো জিলাতে প্ৰতিবাদ অনুষ্ঠিত হ'ব। 

দক্ষিণ ভাৰতৰ লগতে এই প্ৰতিবাদ ভাৰতৰ পূব, উত্তৰ আৰু পশ্চিম অঞ্চলতো অনুষ্ঠিত হ'ব। সংস্থাটোৰ এখন বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। সমিতিখনে আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে নিৰন্তৰ আন্দোলন কৰি আহিছে।যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু সংগঠনটোৰ নৱ নিৰ্বাচিত সম্পাদক তৰুণ কান্তি নাস্কৰে কয় যে  হিন্দীক একমাত্ৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলা আৰু ইংৰাজীৰ গুৰুত্ব হ্ৰাস কৰাৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । 

তেওঁ কয় যে আন্দোলনৰ প্ৰথম পদক্ষেপ হিচাপে ১৭ ফেব্ৰুৱাৰীত চেন্নাইত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ প্ৰতিনিধিৰ এক যুটীয়া সন্মিলন আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব। তাৰ পিছত, আন্তৰ্জাতিক মাতৃভাষা দিৱসত সমগ্ৰ দেশতে প্ৰতিবাদ দিৱস উদযাপন কৰা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক