--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম তাৰকা হৈছে ছলমান খান। বলীউড জগতখনত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলো জনপ্ৰিয়। তেওঁৰ ভাতৃ আৰবাজ খানেও একেদৰেই বলীউড জগতত নিজৰ নাম উজলাইছে। ডাবাংগ বা আন বলীউডৰ ছুপাৰহিট চিনেমা তেওঁৰ পৰিচালনা আৰু প্ৰযোজনা। অৱশ্যে তেওঁৰ ব্যক্তিগত জীৱনৰ চৰ্চা বহু ব্যাপক। মালাইকা অৰোৰাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত তেওঁৰ জীৱন বহু সলনি হৈছে।যিহেতু মলাইকাৰ এতিয়া অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছে, আৰবাজ খানৰ জীৱনলৈও আহিছে এগৰাকী নতুন নাৰী। তেওঁৰ নাম জৰ্জিয়া। তেওঁ নিজেই এগৰাকী পেছাদাৰী মডেল আৰু অভিনেত্ৰী।

Arbaaz Khan is beaming with happiness on dinner date with girlfriend  Giorgia Adriani. See pictures

দুয়োকে  মাজে মাজে একেলগে দেখা যায়। কেতিয়াবা একেলগে পাৰ্টিলৈ যায়, জৰ্জিয়া বৰ্তমান এতিয়া ফেশ্বন চেন্সেশনত পৰিণত হৈছে। যেতিয়াই তেওঁ বাহিৰলৈ ওলাই যায় তেতিয়াই তেওঁক পাপাৰাজীয়ে আগুৰি থাকে। সাধাৰণতে তাই ইনষ্টাগ্ৰামত কিছুমান ছবি পোষ্ট কৰি থাকে, যাৰ বাবে সকলোৱে তেওঁৰ অনুৰাগী হৈ পৰে। এই মডেলগৰাকীৰ ইনষ্টাগ্ৰামতো ভাল ফেন ফ’ল’ৱাৰ আছে।

Model Giorgia Andriani Hot Photos viral on social media

কিন্তু মলাইকা অৰোৰাৰ সৈতে ব্ৰেকআপৰ পাছত আহিছে এই নতুন মহিলাগৰাকী। তাৰ পাছত আৰবাজ খানৰ জীৱন কেনেকুৱা? নতুন প্ৰেমিকা জৰ্জিয়াৰ সৈতে আৰ্বাজ ব্যক্তিগত জীৱনত সুখী নে?  এই প্ৰসংগত আৰবাজক যেতিয়া প্ৰশ্ন কৰা হৈছিল।  সাংবাদিকসকলৰ এই প্ৰশ্নৰ উত্তৰত আৰবাজে কয় যে, তেওঁৰ বাবেই এতিয়া অতি উত্তম সময় পাৰ কৰিছোঁ। যদি মই মোৰ সম্পৰ্কটো লুকুৱাই ৰাখিলোহেঁতেন, এই সম্পৰ্কৰ কথা নক’লোহেঁতেন, তেন্তে মোৰ জীৱনটো হয়তো ইমান সহজ নহ’লহেঁতেন। মই ভালকৈয়ে লৈছিলো আৰু ক’ব পাৰো যে প্ৰেমিকা হিচাপে মালাইকাতকৈ জৰ্জিয়া বহুত ভাল।

মালাইকাৰ লগত মোৰ সম্পৰ্ক শেষৰ ফালে ইমান ভাল নাছিল। আমাৰ মাজত সদায় কিবা নহয় কিবা এটা সমস্যা আছিল, যেতিয়াই কিবা এটা হৈছিল তেতিয়াই কাজিয়া হৈছিল। গতিকে সম্পৰ্কত যদি ইমান কাজিয়া হয়, তেন্তে আগবাঢ়ি নোযোৱাটোৱেই ভাল। গতিকে মালাইকা আৰু মই এই সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিলো। আৰু তাৰ পিছত জৰ্জিয়াই মোৰ জীৱনত প্ৰৱেশ কৰিলে। এতিয়া গৰ্বৰে ক'ব পাৰিছো যে জীৱনত আগতকৈ বেছি সুখী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু