--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰে বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰাবাহিকভাৱে ঋণ লৈ থকাৰ সময়তে বছৰি বছৰি বাঢ়িছে জনমূৰি ঋণৰ পৰিমাণ৷ ৰাজ্যৰ জনসাধাৰণৰ জনমূৰি আয় সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে জনমূৰি ঋণৰ পৰিমাণ অধিক বৃদ্ধি হৈছে৷ ২০১৫-১৬ বিত্তীয় বৰ্ষত এজন ব্যক্তিৰ জনমূৰি উপাৰ্জন ৬০,৮১৭ টকাৰ বিপৰীতে ঋণৰ পৰিমাণ আছিল মাত্ৰ ১০,৭৬০ টকা৷ একেদৰে, ২০১৯-২০ বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জন ৯৬,২৪০ টকালৈ বৃদ্ধি হ’ল যদিও জনমূৰি ঋণৰ পৰিমাণো ১৯,৩৪১ টকালৈ বৃদ্ধি হ’ল৷ সেই বৰ্ষটোৰ তুলনাত চলিত বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জনৰ পৰিমাণ ৯৫,৩০৯ টকালৈ হ্ৰাসহে হ’ল কিন্তু ঋণৰ পৰিমাণ এটা বছৰতে ৪,২৭০ কোটি টকালৈ বৃদ্ধি হয়৷ ৰাজ্য চৰকাৰে লৈ থকা ঋণৰ বাবেই অসমৰ এজন ব্যক্তিৰ জনমূৰি ঋণৰ বোজা হৈছেগৈ ২৩,৬১১ টকা৷ ৰাজ্য চৰকাৰে লোৱা ঋণৰ বাবত প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত ঋণৰ বোজাৰ এই তথ্য কালি বিধানসভাত সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিধানসভাৰ মজিয়াত অজন্তা নেওগে দাখিল কৰা তথ্য-পাতিয়েই উন্মোচন কৰিলে ৰাজ্যৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ বাস্তৱ ছবিখন৷ অসমত কংগ্ৰেছ চৰকাৰ চলি থকা সময়ৰ তুলনাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যখনৰ অভূতপূৰ্ব বিকাশৰ চমকপ্ৰদ প্ৰচাৰ চলাই থকাৰ সময়তে বিত্ত বিভাগৰ তথ্যই বিজেপিৰে ভুৱা আৱৰণ আৰু মিথ্যা উদঙাই দিলে৷ বিগত পাঁচ বছৰত ঋণৰ পৰিমাণো বৃদ্ধি হ’ল আৰু ৰাজ্যখনত জিডিপি বৃদ্ধিৰ হাৰো পূৰ্বৰ তুলনাত হ্ৰাস পালে৷ উদাহৰণস্বৰূপে, ২০১৫-১৬ বৰ্ষত ৰাজ্যৰ জিডিপি ১৬.৪৭ শতাংশ বৃদ্ধি হৈছিল যদিও ২০২০-২১ বৰ্ষত সেই বৃদ্ধিৰ হাৰ ০.৯৫ শতাংশ৷ একমাত্ৰ ২০১৯-২০ বৰ্ষতহে জিডিপি বৃদ্ধিৰ হাৰ ২২ শতাংশ হৈছিল৷ ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত জিডিপি বৃদ্ধিৰ শতাংশ আছিল ক্ৰমে ১১.৫৬ শতাংশ, ৯.৫৯ শতাংশ আৰু ১০.৯৯ শতাংশহে৷ অৰ্থাৎ, এয়া কংগ্ৰেছ চৰকাৰৰ তুলনাত কম৷ তথ্যমতে, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যখনলৈ কেন্দ্ৰীয় পুঁজি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত ক্ৰমাগত বৃদ্ধি হোৱা সত্ত্বেও বাৰ্ষিক ঋণ সংগ্ৰহৰ পৰিমাণহে বৃদ্ধি পালে৷ এতিয়া ঋণৰ বোজাত কোঙা হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামো৷ বিজেপিশাসিত ৰাজ্য চৰকাৰখনে ভোটৰ স্বাৰ্থত হিতাধিকাৰীক সন্তুষ্ট কৰি ৰাখিবলৈ গ্ৰহণ কৰিছে ঋণ৷ আৰু বৃদ্ধি হৈ গৈ আছে জনমূৰি ঋণৰ বোজা৷ এনেকৈয়ে চলিছে চৰকাৰ৷ ভাগি পৰা অৰ্থনীতিৰ বুকুত চলিছে প্ৰচাৰ আৰু চমকৰ ৰাজনীতি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ