--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰে বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰাবাহিকভাৱে ঋণ লৈ থকাৰ সময়তে বছৰি বছৰি বাঢ়িছে জনমূৰি ঋণৰ পৰিমাণ৷ ৰাজ্যৰ জনসাধাৰণৰ জনমূৰি আয় সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে জনমূৰি ঋণৰ পৰিমাণ অধিক বৃদ্ধি হৈছে৷ ২০১৫-১৬ বিত্তীয় বৰ্ষত এজন ব্যক্তিৰ জনমূৰি উপাৰ্জন ৬০,৮১৭ টকাৰ বিপৰীতে ঋণৰ পৰিমাণ আছিল মাত্ৰ ১০,৭৬০ টকা৷ একেদৰে, ২০১৯-২০ বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জন ৯৬,২৪০ টকালৈ বৃদ্ধি হ’ল যদিও জনমূৰি ঋণৰ পৰিমাণো ১৯,৩৪১ টকালৈ বৃদ্ধি হ’ল৷ সেই বৰ্ষটোৰ তুলনাত চলিত বিত্তীয় বৰ্ষত জনমূৰি উপাৰ্জনৰ পৰিমাণ ৯৫,৩০৯ টকালৈ হ্ৰাসহে হ’ল কিন্তু ঋণৰ পৰিমাণ এটা বছৰতে ৪,২৭০ কোটি টকালৈ বৃদ্ধি হয়৷ ৰাজ্য চৰকাৰে লৈ থকা ঋণৰ বাবেই অসমৰ এজন ব্যক্তিৰ জনমূৰি ঋণৰ বোজা হৈছেগৈ ২৩,৬১১ টকা৷ ৰাজ্য চৰকাৰে লোৱা ঋণৰ বাবত প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত ঋণৰ বোজাৰ এই তথ্য কালি বিধানসভাত সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিধানসভাৰ মজিয়াত অজন্তা নেওগে দাখিল কৰা তথ্য-পাতিয়েই উন্মোচন কৰিলে ৰাজ্যৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ বাস্তৱ ছবিখন৷ অসমত কংগ্ৰেছ চৰকাৰ চলি থকা সময়ৰ তুলনাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যখনৰ অভূতপূৰ্ব বিকাশৰ চমকপ্ৰদ প্ৰচাৰ চলাই থকাৰ সময়তে বিত্ত বিভাগৰ তথ্যই বিজেপিৰে ভুৱা আৱৰণ আৰু মিথ্যা উদঙাই দিলে৷ বিগত পাঁচ বছৰত ঋণৰ পৰিমাণো বৃদ্ধি হ’ল আৰু ৰাজ্যখনত জিডিপি বৃদ্ধিৰ হাৰো পূৰ্বৰ তুলনাত হ্ৰাস পালে৷ উদাহৰণস্বৰূপে, ২০১৫-১৬ বৰ্ষত ৰাজ্যৰ জিডিপি ১৬.৪৭ শতাংশ বৃদ্ধি হৈছিল যদিও ২০২০-২১ বৰ্ষত সেই বৃদ্ধিৰ হাৰ ০.৯৫ শতাংশ৷ একমাত্ৰ ২০১৯-২০ বৰ্ষতহে জিডিপি বৃদ্ধিৰ হাৰ ২২ শতাংশ হৈছিল৷ ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত জিডিপি বৃদ্ধিৰ শতাংশ আছিল ক্ৰমে ১১.৫৬ শতাংশ, ৯.৫৯ শতাংশ আৰু ১০.৯৯ শতাংশহে৷ অৰ্থাৎ, এয়া কংগ্ৰেছ চৰকাৰৰ তুলনাত কম৷ তথ্যমতে, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যখনলৈ কেন্দ্ৰীয় পুঁজি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত ক্ৰমাগত বৃদ্ধি হোৱা সত্ত্বেও বাৰ্ষিক ঋণ সংগ্ৰহৰ পৰিমাণহে বৃদ্ধি পালে৷ এতিয়া ঋণৰ বোজাত কোঙা হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামো৷ বিজেপিশাসিত ৰাজ্য চৰকাৰখনে ভোটৰ স্বাৰ্থত হিতাধিকাৰীক সন্তুষ্ট কৰি ৰাখিবলৈ গ্ৰহণ কৰিছে ঋণ৷ আৰু বৃদ্ধি হৈ গৈ আছে জনমূৰি ঋণৰ বোজা৷ এনেকৈয়ে চলিছে চৰকাৰ৷ ভাগি পৰা অৰ্থনীতিৰ বুকুত চলিছে প্ৰচাৰ আৰু চমকৰ ৰাজনীতি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু