--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিত আছে এতিয়া দুগৰাকী মামা৷ মামা অকল অসমতেই নাই, অসমৰ পৰিধি ভেদি বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহিছে আন এগৰাকী মামা৷ মামা অভিধাৰে খ্যাতি লাভ কৰা এগৰাকী বাৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ তেন্তে আনগৰাকী কোন? বিজেপিৰ আনগৰাকী মামাও পিছে আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ তেওঁ শিৱৰাজ সিং চৌহান৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চৌহান ৰাজ্যখনত মামা অভিধাৰে জনপ্ৰিয়৷ শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনৰ সময়ত হিতাধিকাৰী ৰাজনীতি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক চৰ্চিত বিষয় হৈ পৰিছিল৷ ভাৰতীয় জনতা পাৰ্টিয়ে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ মুখ্য কেন্দ্ৰীয় আঁচনিসমূহৰ প্ৰচাৰ কৰিছিল। কিন্তু, মধ্য প্ৰদেশত এইটো দীৰ্ঘদিন ধৰি দলটোৰ নিৰ্বাচনী ইচ্ছ্যু হৈ আহিছে৷ আৰু, দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আনকি জনকল্যাণমূলক আঁচনিৰ বাবে বিশেষকৈ ছোৱালী আৰু মহিলাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে ‘মামা’ অভিধাৰে জনপ্ৰিয় হৈ পৰিছে৷ চৰকাৰৰ আঁচনি জনতাৰ মাজত প্ৰচাৰ কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মামা অভিধাটোক বিজেপিয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল৷ একেই দৃশ্য দেখা গৈছিল অসমৰ ক্ষেত্ৰতো৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত অসমত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ৰাজ্যখনৰ এগৰাকী শিশুৱে ‘হিমন্ত মামা’ শীৰ্ষক এটা পদ্য লিখিছিল৷ আৰু, পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰা সেই পদ্যটোৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক মামাৰূপে প্ৰতিষ্ঠিত কৰিবলৈ উঠিপৰি লাগিছিল ৰাজ্যিক বিজেপি৷ আৰু, এইক্ষেত্ৰত সফল হৈছিল বিজেপিৰ ৰাজ্যিক নেতৃত্ব৷ নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পাছত মামা অভিধাটোক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰকাৰ্যত নামি পৰিছিল৷ উদাহৰণস্বৰূপে, নিৰ্বাচনীসভাত ভাগিনহঁতক বুলেট দিম, ভাগিনহঁতৰ সৈতে চেল্ফী ইত্যাদি কাৰ্যৰে একপ্ৰকাৰ চমক সৃষ্টিৰ চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাই৷ আৰু, এতিয়া মধ্য প্ৰদেশতো দেখা গ’ল আন এগৰাকী মামাৰ আবিৰ্ভাৱ৷ এতিয়া বিজেপিত দুগৰাকী মামা বিদ্যমান৷ এগৰাকী অসমৰ হিমন্ত বিশ্ব শৰ্মা, আনগৰাকী মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু