--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিত আছে এতিয়া দুগৰাকী মামা৷ মামা অকল অসমতেই নাই, অসমৰ পৰিধি ভেদি বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহিছে আন এগৰাকী মামা৷ মামা অভিধাৰে খ্যাতি লাভ কৰা এগৰাকী বাৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ তেন্তে আনগৰাকী কোন? বিজেপিৰ আনগৰাকী মামাও পিছে আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ তেওঁ শিৱৰাজ সিং চৌহান৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চৌহান ৰাজ্যখনত মামা অভিধাৰে জনপ্ৰিয়৷ শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনৰ সময়ত হিতাধিকাৰী ৰাজনীতি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক চৰ্চিত বিষয় হৈ পৰিছিল৷ ভাৰতীয় জনতা পাৰ্টিয়ে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ মুখ্য কেন্দ্ৰীয় আঁচনিসমূহৰ প্ৰচাৰ কৰিছিল। কিন্তু, মধ্য প্ৰদেশত এইটো দীৰ্ঘদিন ধৰি দলটোৰ নিৰ্বাচনী ইচ্ছ্যু হৈ আহিছে৷ আৰু, দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আনকি জনকল্যাণমূলক আঁচনিৰ বাবে বিশেষকৈ ছোৱালী আৰু মহিলাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে ‘মামা’ অভিধাৰে জনপ্ৰিয় হৈ পৰিছে৷ চৰকাৰৰ আঁচনি জনতাৰ মাজত প্ৰচাৰ কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মামা অভিধাটোক বিজেপিয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল৷ একেই দৃশ্য দেখা গৈছিল অসমৰ ক্ষেত্ৰতো৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত অসমত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ৰাজ্যখনৰ এগৰাকী শিশুৱে ‘হিমন্ত মামা’ শীৰ্ষক এটা পদ্য লিখিছিল৷ আৰু, পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰা সেই পদ্যটোৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক মামাৰূপে প্ৰতিষ্ঠিত কৰিবলৈ উঠিপৰি লাগিছিল ৰাজ্যিক বিজেপি৷ আৰু, এইক্ষেত্ৰত সফল হৈছিল বিজেপিৰ ৰাজ্যিক নেতৃত্ব৷ নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পাছত মামা অভিধাটোক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰকাৰ্যত নামি পৰিছিল৷ উদাহৰণস্বৰূপে, নিৰ্বাচনীসভাত ভাগিনহঁতক বুলেট দিম, ভাগিনহঁতৰ সৈতে চেল্ফী ইত্যাদি কাৰ্যৰে একপ্ৰকাৰ চমক সৃষ্টিৰ চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাই৷ আৰু, এতিয়া মধ্য প্ৰদেশতো দেখা গ’ল আন এগৰাকী মামাৰ আবিৰ্ভাৱ৷ এতিয়া বিজেপিত দুগৰাকী মামা বিদ্যমান৷ এগৰাকী অসমৰ হিমন্ত বিশ্ব শৰ্মা, আনগৰাকী মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ