--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে অব্যাহত আছে কৃষক আন্দোলন। আজি ২৩ দিনত ভৰি দিলে কৃষক বিদ্ৰোহে। আন্দোলনৰ ২৩সংখ্যক দিনটোত বিদ্ৰোহী কৃষকে গ্ৰহণ কৰিলে দিল্লী চলো কাৰ্যসূচী।

সংযুক্ত কৃষক মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ আহ্বানত আজিৰে পৰা পদযাত্ৰা আৰু বাছ অথবা ৰে’লৰ জৰিয়তে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে সমগ্ৰ দেশৰ কৃষকে। তাৰ বিপৰীতে পঞ্জাব–হাৰিয়ানা সীমান্তৰ শম্ভু আৰু খনৌৰিত অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে। ইতিমধ্যে উত্তৰ প্ৰদেশ. ৰাজস্থান, মধ্য প্ৰদেশৰ পৰা ৰে’লযোগে দিল্লী অভিমুখে যাত্ৰা কৰিছে বহুসংখ্যক কৃষকে। তাৰ বিপৰীতে শম্ভু আৰু খনৌৰি সীমান্তত পূৰ্বৰ দৰেই ধৰ্ণা অব্যাহত ৰাখিছে প্ৰতিবাদী কৃষকসকলে। 

ইপিনে, আন্দোলনকাৰী কৃষকলৈ সমৰ্থন আগবঢ়াইছে হাৰিয়ানা খাপ পঞ্চায়তে। কৃষকৰ দাবী মানি লোৱাৰ বাবে ১৬ মাৰ্চলৈ চূড়ান্ত সময়সীমা প্ৰদান কৰি হাৰিয়ানাৰ সকলো জিলাতে প্ৰতিবাদৰ হুমকী খাপ পঞ্চায়তৰ। ইপিনে বিগত এটা মাহে বন্ধ হৈ থকা বহুকেইটা ৰাষ্ট্রীয় ঘাইপথ মুকলি কৰাৰ যো–জা চলাইছে প্ৰশাসনে। 

কৃষকৰ দিল্লী চলো কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বৃহৎ বৃহৎ বেৰিকেডেৰে বন্ধ কৰি দিয়া হৈছিল ৰাষ্ট্রীয় ঘাইপথ। যাৰ ফলত কিছু পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই। ইতিমধ্যে আৰক্ষীয়ে পুনৰ মুকলি কৰিছে হিছাৰ–আম্বালা–চণ্ডীগড় ৰাষ্ট্রীয় ঘাইপথ। 

ইপিনে, ১০ মাৰ্চত সমগ্ৰ দেশতে ৰে’ল অৱৰোধ কাৰ্যসূচী ঘোষণা প্ৰতিবাদকাৰী কৃষকৰ। ১৪ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব মহাপঞ্চায়ত। য’ত ট্ৰেক্টৰ, বাছ, ৰে’লৰ জৰিয়তে সমৱেত হ’ব হাজাৰ হাজাৰ কৃষক। আনহাতে, অহা ৮ মাৰ্চত মহিলা কৃষক সংগঠনে উদযাপন কৰিব আন্তঃৰাষ্ট্রীয় মহিলা দিৱসৰ কাৰ্যসূচী। আজিৰ পৰা আৰম্ভ হোৱা কৃষকৰ দিল্লী চলোক লৈ সষ্টম হৈ পৰিছিল দিল্লীৰ আৰক্ষীৰ লগতে পাঞ্জাব–হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থানৰ আৰক্ষী তথা প্ৰশাসন। পৰৱৰ্তী সময়ত কৃষকৰ এই প্ৰতিবাদে কেনেধৰণৰ ৰূপ ধাৰণ কৰে সেয়া হৈ পৰিছে লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু