--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে অব্যাহত আছে কৃষক আন্দোলন। আজি ২৩ দিনত ভৰি দিলে কৃষক বিদ্ৰোহে। আন্দোলনৰ ২৩সংখ্যক দিনটোত বিদ্ৰোহী কৃষকে গ্ৰহণ কৰিলে দিল্লী চলো কাৰ্যসূচী।

সংযুক্ত কৃষক মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ আহ্বানত আজিৰে পৰা পদযাত্ৰা আৰু বাছ অথবা ৰে’লৰ জৰিয়তে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে সমগ্ৰ দেশৰ কৃষকে। তাৰ বিপৰীতে পঞ্জাব–হাৰিয়ানা সীমান্তৰ শম্ভু আৰু খনৌৰিত অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে। ইতিমধ্যে উত্তৰ প্ৰদেশ. ৰাজস্থান, মধ্য প্ৰদেশৰ পৰা ৰে’লযোগে দিল্লী অভিমুখে যাত্ৰা কৰিছে বহুসংখ্যক কৃষকে। তাৰ বিপৰীতে শম্ভু আৰু খনৌৰি সীমান্তত পূৰ্বৰ দৰেই ধৰ্ণা অব্যাহত ৰাখিছে প্ৰতিবাদী কৃষকসকলে। 

ইপিনে, আন্দোলনকাৰী কৃষকলৈ সমৰ্থন আগবঢ়াইছে হাৰিয়ানা খাপ পঞ্চায়তে। কৃষকৰ দাবী মানি লোৱাৰ বাবে ১৬ মাৰ্চলৈ চূড়ান্ত সময়সীমা প্ৰদান কৰি হাৰিয়ানাৰ সকলো জিলাতে প্ৰতিবাদৰ হুমকী খাপ পঞ্চায়তৰ। ইপিনে বিগত এটা মাহে বন্ধ হৈ থকা বহুকেইটা ৰাষ্ট্রীয় ঘাইপথ মুকলি কৰাৰ যো–জা চলাইছে প্ৰশাসনে। 

কৃষকৰ দিল্লী চলো কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বৃহৎ বৃহৎ বেৰিকেডেৰে বন্ধ কৰি দিয়া হৈছিল ৰাষ্ট্রীয় ঘাইপথ। যাৰ ফলত কিছু পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই। ইতিমধ্যে আৰক্ষীয়ে পুনৰ মুকলি কৰিছে হিছাৰ–আম্বালা–চণ্ডীগড় ৰাষ্ট্রীয় ঘাইপথ। 

ইপিনে, ১০ মাৰ্চত সমগ্ৰ দেশতে ৰে’ল অৱৰোধ কাৰ্যসূচী ঘোষণা প্ৰতিবাদকাৰী কৃষকৰ। ১৪ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব মহাপঞ্চায়ত। য’ত ট্ৰেক্টৰ, বাছ, ৰে’লৰ জৰিয়তে সমৱেত হ’ব হাজাৰ হাজাৰ কৃষক। আনহাতে, অহা ৮ মাৰ্চত মহিলা কৃষক সংগঠনে উদযাপন কৰিব আন্তঃৰাষ্ট্রীয় মহিলা দিৱসৰ কাৰ্যসূচী। আজিৰ পৰা আৰম্ভ হোৱা কৃষকৰ দিল্লী চলোক লৈ সষ্টম হৈ পৰিছিল দিল্লীৰ আৰক্ষীৰ লগতে পাঞ্জাব–হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থানৰ আৰক্ষী তথা প্ৰশাসন। পৰৱৰ্তী সময়ত কৃষকৰ এই প্ৰতিবাদে কেনেধৰণৰ ৰূপ ধাৰণ কৰে সেয়া হৈ পৰিছে লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক