--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱলৈ যাবলৈ বিমানত উঠিল এগৰাকী যাত্ৰী। দিল্লীৰ পৰা মুম্বাই হৈ চৌদি আৰৱলৈ যাত্ৰা কৰাৰ কথা আছিল যাত্ৰীগৰাকী। যাত্ৰীগৰাকীৰ নাম আমৰুদ্দিন। আমৰুদ্দিনৰ চৌদি আৰৱলৈ যোৱা সপোন পূৰণ নহল। তাৰ সলনি তেওঁক প্ৰেৰণ কৰা হ’ল জে’ললৈ। কিন্তু কিয়? কি ভুল কৰিলে আমৰুদ্দিনে?

জানিব পৰা মতে, বিমানৰ টয়লেটৰ ভিতৰত বিড়ি টানি বিপদ মাতিলে আমৰুদ্দিনে। মুম্বাই বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু বিড়ি আৰু লাইটাৰ লৈ আমৰুদ্দিন কিদৰে বিমানবন্দৰৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ বিমানত উঠিল, তাক লৈও প্ৰশ্ন উঠিছে।

দিল্লীৰ বাসিন্দা মহম্মদ আমৰুদ্দিন পেছাত এজন শ্ৰমিক। সপোন আছিল ছৌদি আৰবলৈ যাব, বিদেশত কাম কৰি উপাৰ্জন কৰিব ধন। সেইবাবেই আমৰুদ্দিন ইণ্ডিগ'ৰ বিমানেৰে উৰা মাৰিছিল ছৌদি আৰবলৈ। কিন্তু নিজৰ এটা সৰু ভুলৰ বাবেই বিদেশলৈ যোৱাৰ স্বপ্ন ভংগ হ'ল আমৰুদ্দিনৰ। বিদেশৰ পৰিৱৰ্তে তেওঁক প্ৰেৰণ কৰা হ'ল জে'ললৈ। তেওঁৰ সৈতে বিড়ি আৰু লাইটাৰ থকাৰ কথা ধৰিবই নোৱাৰিলে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে। বিড়ি, ছাদা, গুটখা আদিৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ বিমানত।

বিমান উৰাৰ পাছতে আমৰুদ্দিনে টয়লেটলৈ যায়। তেওঁ ওলাই অহাৰ পিছত এজন বিমানকৰ্মী তাত সোমাই ধোঁৱাৰ কুণ্ডলী দেখা পায়। সন্দেহ হোৱাত তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। তেওঁক সোধাপোছা কৰা পাছত বিড়ি খোৱাৰ কথা পোহৰলৈ আহে। লগে লগে তেওঁক আটক কৰা হয়। মুম্বাই বিমানবন্দৰত বিমানখন নমাৰ লগে লগে আমৰুদ্দিনক আৰক্ষীৰ হাতত গতাই দিয়া হয়। 

বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে, আৰক্ষীৰ জেৰাত ধূমপান কৰাৰ কথা স্বীকাৰ কৰিছে যাত্ৰীজনে। আমৰুদ্দিনে পেণ্টৰ পকেটৰ পৰা লাইটাৰ আৰু বিড়িৰ পেকেট উলিয়াই আৰক্ষীক জমা দিয়ে। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।  নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি কিদৰে বিড়িৰ পেকেট আৰু লাইটাৰ লৈ তেওঁ বিমানত সোমাল তাক লৈও প্ৰশ্ন উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক