--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৌদি আৰৱলৈ যাবলৈ বিমানত উঠিল এগৰাকী যাত্ৰী। দিল্লীৰ পৰা মুম্বাই হৈ চৌদি আৰৱলৈ যাত্ৰা কৰাৰ কথা আছিল যাত্ৰীগৰাকী। যাত্ৰীগৰাকীৰ নাম আমৰুদ্দিন। আমৰুদ্দিনৰ চৌদি আৰৱলৈ যোৱা সপোন পূৰণ নহ’ল। তাৰ সলনি তেওঁক প্ৰেৰণ কৰা হ’ল জে’ললৈ। কিন্তু কিয়? কি ভুল কৰিলে আমৰুদ্দিনে?

জানিব পৰা মতে, বিমানৰ টয়লেটৰ ভিতৰত বিড়ি টানি বিপদ মাতিলে আমৰুদ্দিনে। মুম্বাই বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু বিড়ি আৰু লাইটাৰ লৈ আমৰুদ্দিন কিদৰে বিমানবন্দৰৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ বিমানত উঠিল, তাক লৈও প্ৰশ্ন উঠিছে।

দিল্লীৰ বাসিন্দা মহম্মদ আমৰুদ্দিন পেছাত এজন শ্ৰমিক। সপোন আছিল ছৌদি আৰবলৈ যাব, বিদেশত কাম কৰি উপাৰ্জন কৰিব ধন। সেইবাবেই আমৰুদ্দিন ইণ্ডিগ'ৰ বিমানেৰে উৰা মাৰিছিল ছৌদি আৰবলৈ। কিন্তু নিজৰ এটা সৰু ভুলৰ বাবেই বিদেশলৈ যোৱাৰ স্বপ্ন ভংগ হ'ল আমৰুদ্দিনৰ। বিদেশৰ পৰিৱৰ্তে তেওঁক প্ৰেৰণ কৰা হ'ল জে'ললৈ। তেওঁৰ সৈতে বিড়ি আৰু লাইটাৰ থকাৰ কথা ধৰিবই নোৱাৰিলে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে। বিড়ি, ছাদা, গুটখা আদিৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ বিমানত।

বিমান উৰাৰ পাছতে আমৰুদ্দিনে টয়লেটলৈ যায়। তেওঁ ওলাই অহাৰ পিছত এজন বিমানকৰ্মী তাত সোমাই ধোঁৱাৰ কুণ্ডলী দেখা পায়। সন্দেহ হোৱাত তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। তেওঁক সোধাপোছা কৰা পাছত বিড়ি খোৱাৰ কথা পোহৰলৈ আহে। লগে লগে তেওঁক আটক কৰা হয়। মুম্বাই বিমানবন্দৰত বিমানখন নমাৰ লগে লগে আমৰুদ্দিনক আৰক্ষীৰ হাতত গতাই দিয়া হয়। 

বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে, আৰক্ষীৰ জেৰাত ধূমপান কৰাৰ কথা স্বীকাৰ কৰিছে যাত্ৰীজনে। আমৰুদ্দিনে পেণ্টৰ পকেটৰ পৰা লাইটাৰ আৰু বিড়িৰ পেকেট উলিয়াই আৰক্ষীক জমা দিয়ে। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।  নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি কিদৰে বিড়িৰ পেকেট আৰু লাইটাৰ লৈ তেওঁ বিমানত সোমাল তাক লৈও প্ৰশ্ন উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু