--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ এজন, শিক্ষকো এজন। এনে পৰিস্থিতিতো অব্যাহত আছে বিদ্যালয়খনৰ পাঠদান কাৰ্যসূচী, আনকি পৰীক্ষাও অনুষ্ঠিত হয়। মহাৰাষ্ট্ৰৰ ৱাছিম ​​জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ কাহিনী এয়া।

 গণেশপুৰ মহাৰাষ্ট্ৰৰ ৱাছিম ​​জিলাৰ এখন সৰু গাঁও। আকাৰ আৰু জনসংখ্যা দুয়োটা দিশতে ই অঞ্চলটো এখন সৰু গাঁও। সমগ্ৰ গাঁওখনত মাত্ৰ ১৫০টা ঘৰহে আছে। প্ৰতিটো পৰিয়াল অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা। গাঁৱৰ এটা মূৰত জিলা পৰিষদৰ এই প্ৰাথমিক বিদ্যালয়খন। গাঁৱত সাক্ষৰতাৰ হাৰ অতি কম যদিও মাত্ৰ ৮ বছৰীয়া কাৰ্তিক ছেগোৰ ছাত্ৰ। কাৰ্তিক তৃতীয় শ্ৰেণীৰ ছাত্ৰ। বিদ্যালয়খন প্ৰতিদিনে খোলা থাকে কেৱল এজন ছাত্ৰৰ বাবে। পুৱাৰে পৰা জাতীয় সংগীত গাই আন পাঁচখন বিদ্যালয়ৰ দৰে ক্লাছ আৰম্ভ হয়।

 কাৰ্তিকক পঢ়াবলৈ কিশোৰ মানকাৰ নামৰ এজন শিক্ষক নিয়মীয়াভাৱে আহে বিদ্যালয়লৈ। তেওঁ কাৰ্তিকক গণিতৰ পৰা ইক’লজীলৈকে প্ৰতিটো বিষয়তে পাঠদান কৰে। কিশোৰে প্ৰতিদিনে ১২ কিলোমিটাৰ চাইকেলেৰে স্কুললৈ অহা-যোৱা কৰে কেৱল কাৰ্তিকক পাঠদান কৰাবলৈ। যোৱা দুবছৰ ধৰি তেওঁ এই ৰুটিন মানি চলি আহিছে। কিশোৰে কয় যে গাঁৱত প্ৰাথমিক বিদ্যালয়লৈ যাব পৰা কোনো নাই। কাৰ্তিক একমাত্ৰ। সেয়ে তেওঁক পাঠদান কৰোৱা হয়। বছৰত দুবাৰকৈও পৰীক্ষাও অনুষ্ঠিত কৰা হয়। কিন্তু কাৰ্তিক এজন ছাত্ৰ হৈও সকলো ধৰণৰ চৰকাৰী সা-সুবিধা পায়। আনকি, মধ্যাহ্ন ভোজনো কাৰ্তিকৰ বাবে ৰন্ধা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ