--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ এগৰাকী কণমানি ছাত্ৰীৰ নাম এইবাৰ অন্তৰ্ভুক্ত হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত৷ পুনেৰ ভাৰতী বিদ্যাপীঠ ৰবীন্দ্ৰনাথ ঠাকুৰ স্কুল অৱ এক্সেলেন্স (বিভিআৰটিএছই)ৰ পঞ্চম শ্ৰেণীৰ অক্ষিতা চাংকাকোটিয়ে ৫ মাহৰ ভিতৰত দুখন কিতাপ লিখি আটাইতকৈ কম বয়সীয়া লেখিকা হিচাবে পৰিগণিত হৈছে৷ এই কৃতিত্বৰ বাবেই অক্ষিতাৰ নাম  ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভু্ত হৈছে৷ 

১১  বছৰীয়া অক্ষিতাৰ পিতৃ-মাতৃ হৈছে ক্ৰমে অংশু চাংকাকতি  আৰু প্ৰাৰ্থনা বৰদলৈ ৷ তেওঁলোকে বৰ্তমান কৰ্মসূত্ৰে পুনেত বাস কৰি আছে৷ অক্ষিতাৰ প্ৰথম গল্পপুথি "মিমিছ মেজিকেল  এডভেঞ্চাৰছ"ৰ বৃহৎ সফলতাৰ পিছত অক্ষিতাই "দ্য আনবিটেবল ফ্ৰেইণ্ডছ – দ্য ডিফিট অফ ইভিল" নামৰ এখন কাল্পনিক কাহিনীৰ  গ্ৰন্থ প্ৰকাশ কৰিছে৷ ২০২২ চনৰ জুলাইত তেওঁৰ প্ৰথম খন কিতাপ প্ৰকাশ হোৱাৰ পাঁচ মাহৰ ভিতৰত তেওঁ দ্বিতীয় খন কিতাপ সম্পূৰ্ণ কৰি  প্ৰকাশ কৰিছে। 


দ্বিতীয় কিতাপখন ১৯ ডিচেম্বৰ, ২০২২ তাৰিখে প্ৰকাশ পাইছিল। 



নচন প্ৰেছৰ দ্বাৰা প্ৰকাশিত, "দ্য আনবিটেবল ফ্ৰেইণ্ডছ – দ্য ডিফিট অফ ইভিল" শীৰ্ষক কিতাপখনত ৩৯ টা অধ্যায় আছে আৰু "মিমিছ মেজিকেল  এডভেঞ্চাৰছ" নামৰ কিতাপখন হৈছে এজনী ছোৱালীৰ কাহিনীৰ সংকলন, যিয়ে  তেওঁৰ যাদুকৰী বন্ধুসকলৰ সহায়ত বিভিন্ন দেশলৈ যাদুকৰী অনুসন্ধান আৰু দুঃসাহসিক অভিযানলৈ  যায়।অক্ষিতাৰ দুয়োখন কিতাপ আমাজন আৰু ফ্লিপকাৰ্টত কিণ্ডল আৰু পেপাৰবেক দুয়োটা ফৰ্মেটত উপলব্ধ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে