--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ নিষিদ্ধ বিহাৰত পুনৰ  বিষাক্ত সুৰা সেৱন কৰাৰ ফলত  দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ বিষাক্ত সুৰা পান কৰাৰ ফলত  কমেও ১২ জন লোক অসুস্থ হৈ পৰাৰো খবৰ পোৱা গৈছে৷ দেওবাৰে এজন লোকক পেটৰ বিষত বিহাৰৰ চিৱান অঞ্চলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 


আন এজন লোকৰ  চিকিৎসালয়লৈ নিয়াৰ আগতেই মৃত্যু হয়৷ মৃত লোক দুজনৰ নাম  বিন ওৰফে জনক প্ৰসাদ আৰু নৰেশ বিন বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক চিৱানৰ নবিগঞ্জ উপ-জিলাৰ বালা গাঁৱৰ বাসিন্দা। দেওবাৰে সন্ধিয়া জনক আৰু নৰেশে  পেটত অসহনীয় বিষ অনুভৱ কৰিছিল। আত্মীয়সকলে তেওঁলোক দুয়োকে চিকিৎসালয়লৈ লৈ গৈছিল। 

কিন্তু চিকিৎসকে  তেওঁলোকক মৃত বুলি ঘোষণা কৰে।গাওঁখনৰ জিলা পৰিষদৰ সদস্য ৰমেশ কুমাৰে কয়  যে বিষাক্ত সুৰা  সেৱন কৰাৰ ফলতে তেওঁলোক  দুয়োজনৰ মৃত্যু হৈছে। কমেও ১২ জন লোক এতিয়াও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। 

যোৱা মাহত  আৰক্ষীয়ে বিহাৰৰ দানাপুৰ অঞ্চলৰ পৰা বহু বিষাক্ত সুৰাৰ  বটল উদ্ধাৰ কৰিছিল। কেইদিনমান আগতে বিহাৰৰ ছপ্ৰাত প্ৰায় ৭০ জন লোকৰ বিষাক্ত সুৰা পান কৰি  মৃত্যু  হৈছিল। আৰক্ষীয়ে ঘটনাৰ মুল অভিযুক্ত জনক  দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ২০১৬ চনৰ এপ্ৰিলমাহত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰিছিল। তেতিয়াৰে  পৰা ৰাজ্য খনত  বিষাক্ত সুৰাৰ  প্ৰচলন  বৃদ্ধি পাইছে বুলি অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক