--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ নিষিদ্ধ বিহাৰত পুনৰ  বিষাক্ত সুৰা সেৱন কৰাৰ ফলত  দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷ বিষাক্ত সুৰা পান কৰাৰ ফলত  কমেও ১২ জন লোক অসুস্থ হৈ পৰাৰো খবৰ পোৱা গৈছে৷ দেওবাৰে এজন লোকক পেটৰ বিষত বিহাৰৰ চিৱান অঞ্চলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 


আন এজন লোকৰ  চিকিৎসালয়লৈ নিয়াৰ আগতেই মৃত্যু হয়৷ মৃত লোক দুজনৰ নাম  বিন ওৰফে জনক প্ৰসাদ আৰু নৰেশ বিন বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক চিৱানৰ নবিগঞ্জ উপ-জিলাৰ বালা গাঁৱৰ বাসিন্দা। দেওবাৰে সন্ধিয়া জনক আৰু নৰেশে  পেটত অসহনীয় বিষ অনুভৱ কৰিছিল। আত্মীয়সকলে তেওঁলোক দুয়োকে চিকিৎসালয়লৈ লৈ গৈছিল। 

কিন্তু চিকিৎসকে  তেওঁলোকক মৃত বুলি ঘোষণা কৰে।গাওঁখনৰ জিলা পৰিষদৰ সদস্য ৰমেশ কুমাৰে কয়  যে বিষাক্ত সুৰা  সেৱন কৰাৰ ফলতে তেওঁলোক  দুয়োজনৰ মৃত্যু হৈছে। কমেও ১২ জন লোক এতিয়াও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। 

যোৱা মাহত  আৰক্ষীয়ে বিহাৰৰ দানাপুৰ অঞ্চলৰ পৰা বহু বিষাক্ত সুৰাৰ  বটল উদ্ধাৰ কৰিছিল। কেইদিনমান আগতে বিহাৰৰ ছপ্ৰাত প্ৰায় ৭০ জন লোকৰ বিষাক্ত সুৰা পান কৰি  মৃত্যু  হৈছিল। আৰক্ষীয়ে ঘটনাৰ মুল অভিযুক্ত জনক  দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ২০১৬ চনৰ এপ্ৰিলমাহত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰিছিল। তেতিয়াৰে  পৰা ৰাজ্য খনত  বিষাক্ত সুৰাৰ  প্ৰচলন  বৃদ্ধি পাইছে বুলি অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ