--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আগন্তুক সাধাৰণ নিৰ্বাচন-২০২৪ৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগে পূৰ্বৰ সাধাৰণ নিৰ্বাচনত ভোটদান কম হোৱা সংসদীয় সমষ্টিসমূহত  এইবাৰ ভোটদান বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টা তীব্ৰতৰ কৰিছে। আজি নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত এক দিনজোৰা ‘কনফাৰেন্স অন ল’ ভোটাৰ টাৰ্ণআউট’ত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰধান চহৰসমূহৰ পৌৰ আয়ুক্ত আৰু নিৰ্বাচিত জিলা নিৰ্বাচনী বিষয়াসকলে একেলগে আলোচনা কৰি  চিনাক্তকৃত নগৰীয়া আৰু গ্ৰামীণ সংসদীয় সমষ্টিসমূহত ভোটাৰক সংযোগ আৰু তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক কৰ্মপন্থা যুগুত কৰে। এই সন্মিলনত অধ্যক্ষতা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত  ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু  সুখবীৰ সিং সন্ধুৱে। ইয়াতে আয়োগে ভোটাৰৰ  এখন পুস্তিকাও উন্মোচন কৰা হয়।

১১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী-এনচিটি, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলেংগানা, গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ডত ভোট দানৰ হাৰ ২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় গড় ৬৭.৪০%তকৈ কম। ২০১৯ত ৰাষ্ট্ৰীয় গড়তকৈ কম ভোটদানৰ হাৰ লাভ কৰা চিনাক্তকৃত এই ১১খন ৰাজ্যৰ মুঠ ৫০টা গ্ৰামীণ সংসদীয় সমষ্টিৰ ভিতৰত ৪০টা সমষ্টি উত্তৰ প্ৰদেশৰ (২২টা সমষ্টি) আৰু বিহাৰৰ (১৮ টা সমষ্টি)। উত্তৰ প্ৰদেশত ৫১-ফুলপুৰ সমষ্টিত সৰ্বনিম্ন ভোটদান ৪৮.৭%, আনহাতে বিহাৰত ২৯-নালন্দা সমষ্টিত সৰ্বনিম্ন ভোটদান ৪৮.৭৯%।

পৌৰ আয়ুক্ত আৰু ডিইঅ’সকলক সম্বোধন কৰি  মুখ্য নিৰ্বাচন আয়ুক্ত  ৰাজীৱ কুমাৰে কয় যে ভোটদানৰ হাৰ নিম্ন মুঠ ২৬৬টা সমষ্টি (২১৫টা গ্ৰামীণ আৰু ৫১টা নগৰীয়া) চিনাক্ত কৰা হৈছে আৰু আজি সংশ্লিষ্ট সকলো পৌৰ আয়ুক্ত, ডিইঅ’ আৰু ৰাজ্যিক চিইঅ’ক আমন্ত্ৰণেৰে লক্ষ্য নিৰ্ধাৰণেৰে ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ উপায় নিৰ্ণয়ৰ প্ৰয়াস কৰা হৈছে। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰৰ সুবিধাৰাজিৰভিতৰত তিনিটা ক্ষেত্ৰৰ কৌশলত গুৰুত্ব আৰোপ কৰে,যথাঃভোটাৰৰ শাৰী ব্যৱস্থাপনা, জনবহুল অঞ্চলত পাৰ্কিঙৰ সুবিধা; লক্ষ্য নিৰ্ধাৰিত আউটৰিচ আৰু যোগাযোগতথা ভোটকেন্দ্ৰলৈ আহিবলৈ ভোটাৰসকলক বুজাবলৈ আৰডব্লিউএ, স্থানীয় আইকন আৰু যুৱ প্ৰভাৱশালীসকলৰ দৰে গুৰুত্বপূৰ্ণ অংশীদাৰসকল সংযুক্ত হোৱা।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু