--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাণ্ডিৰ লোকসভা নিৰ্বাচনৰ  বিজেপিৰ প্ৰাৰ্থী কংগনা ৰাণাৱটে এক কাৰ্যসূচীত কৈছিল, "নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল।" কংগনাৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ দেশতে হৈ-চৈৰ সৃষ্টি হৈছিল। বহুতে কংগনাৰ অজ্ঞতাকলৈ ফিচিঙা-ফিচিঙি কৰিবলৈ আৰম্ভ কৰিছিল। ছ’চিয়েল মিডিয়াতো বিষয়টোকলৈ সমালোচনা হৈছিল। এনে সময়তে কংগনাৰ সমৰ্থনত ওলাই আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 

 অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচন ২০২৪ত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী  হিচাবে থিয় দিয়া কংগনা ৰাণাৱতৰ বক্তব্যক সমৰ্থন কৰি কৈছে যে  ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু নহয়, সুভাষ চন্দ্ৰ বসু আছিল।ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত শৰ্মাই কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনত জৱাহৰলাল নেহৰুৱে দায়িত্ব গ্ৰহণ কৰাৰ প্ৰায় চাৰি বছৰ আগতে  আজাদ হিন্দ চৰকাৰ স্থাপন কৰিছিল  আৰু আজাদ হিন্দ চৰকাৰক নখন দেশে ভাৰতৰ বৈধ চৰকাৰ হিচাপে স্বীকৃতি দিছিল। 

সেয়ে সুভাষ চন্দ্ৰ বসুক  প্ৰথম প্ৰধানমন্ত্ৰী বুলি কোৱা কথাষাৰ ভুল নহয়। মুখ্যমন্ত্ৰী শৰ্মাই  ঔপনিৱেশিক দৃষ্টিভংগীৰে  ইতিহাসৰ ব্যাখ্যা কৰাৰ প্ৰৱণতাক সমালোচনা কৰি ইয়াক "দাসত্বৰ মানসিকতা" বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী  শৰ্মাই উল্লেখ কৰে  "ক্ষমতা হস্তান্তৰৰ পিছত (ব্ৰিটিছৰ পৰা), পণ্ডিত নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰায় চাৰি বছৰ আগতে নেতাজীয়ে আজাদ হিন্দ চৰকাৰ স্থাপন কৰিছিল, যাৰ তেওঁ মুৰব্বী আছিল। নখন দেশে আজাদ হিন্দ চৰকাৰক ভাৰতৰ বৈধ চৰকাৰ হিচাপে স্বীকৃতি দিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু