--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাণ্ডিৰ লোকসভা নিৰ্বাচনৰ  বিজেপিৰ প্ৰাৰ্থী কংগনা ৰাণাৱটে এক কাৰ্যসূচীত কৈছিল, "নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল।" কংগনাৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ দেশতে হৈ-চৈৰ সৃষ্টি হৈছিল। বহুতে কংগনাৰ অজ্ঞতাকলৈ ফিচিঙা-ফিচিঙি কৰিবলৈ আৰম্ভ কৰিছিল। ছ’চিয়েল মিডিয়াতো বিষয়টোকলৈ সমালোচনা হৈছিল। এনে সময়তে কংগনাৰ সমৰ্থনত ওলাই আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 

 অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচন ২০২৪ত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী  হিচাবে থিয় দিয়া কংগনা ৰাণাৱতৰ বক্তব্যক সমৰ্থন কৰি কৈছে যে  ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু নহয়, সুভাষ চন্দ্ৰ বসু আছিল।ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত শৰ্মাই কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনত জৱাহৰলাল নেহৰুৱে দায়িত্ব গ্ৰহণ কৰাৰ প্ৰায় চাৰি বছৰ আগতে  আজাদ হিন্দ চৰকাৰ স্থাপন কৰিছিল  আৰু আজাদ হিন্দ চৰকাৰক নখন দেশে ভাৰতৰ বৈধ চৰকাৰ হিচাপে স্বীকৃতি দিছিল। 

সেয়ে সুভাষ চন্দ্ৰ বসুক  প্ৰথম প্ৰধানমন্ত্ৰী বুলি কোৱা কথাষাৰ ভুল নহয়। মুখ্যমন্ত্ৰী শৰ্মাই  ঔপনিৱেশিক দৃষ্টিভংগীৰে  ইতিহাসৰ ব্যাখ্যা কৰাৰ প্ৰৱণতাক সমালোচনা কৰি ইয়াক "দাসত্বৰ মানসিকতা" বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী  শৰ্মাই উল্লেখ কৰে  "ক্ষমতা হস্তান্তৰৰ পিছত (ব্ৰিটিছৰ পৰা), পণ্ডিত নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ প্ৰায় চাৰি বছৰ আগতে নেতাজীয়ে আজাদ হিন্দ চৰকাৰ স্থাপন কৰিছিল, যাৰ তেওঁ মুৰব্বী আছিল। নখন দেশে আজাদ হিন্দ চৰকাৰক ভাৰতৰ বৈধ চৰকাৰ হিচাপে স্বীকৃতি দিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ