--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্টেচনৰ প্লেটফৰ্মত ৰেল ধৰিবলৈ যাত্ৰীৰ ভীৰ। প্লেটফৰ্মৰ ডিছপ্লে স্ক্ৰীণত বিভিন্ন বিজ্ঞাপন চলি আছে। হঠাৎ বিজ্ঞাপনৰ ভিৰৰ মাজত নীলা ছবিৰ এটা মুহূৰ্ত চলিব ধৰিলে। যাত্ৰীসকল হতভম্ব হৈ পৰিল। প্লেটফৰ্মৰ ডিছপ্লে স্ক্ৰীণত পৰ্ণ ছৱি চলি আছে!

হয়, শেহতীয়াকৈ বিহাৰৰ পাটনা ষ্টেচনত এনে ঘটনা সংঘটিত হৈছে। দেওবাৰে পুৱা ১০ বজাত পাটনা জংচনত এনে ঘটনা দেখি সকলোৱে স্তম্ভিত হৈ পৰে। ষ্টেচনৰ ডিছপ্লে স্ক্ৰীণত প্ৰায় ৩ মিনিটমান নীলা ছবি এখন চলি আছিল। এই দৃশ্য বহু যাত্ৰীয়ে মোবাইলত ৰেকৰ্ডিং কৰিলে। কিছুমানে আপত্তিও কৰে।

প্ৰায় ৩ মিনিটৰ পাছতহে হুঁচ আহিল কৰ্তৃপক্ষৰ। ৰেলৱে প্ৰটেকচন ফৰ্চ (আৰ পি এফ)ৰ জোৱান তালৈ গৈ ডিছপ্লে স্ক্ৰীণখন বন্ধ কৰি দিলে। ষ্টেচনৰ প্লেটফৰ্মৰ ডিছপ্লে স্ক্ৰীণত নীলা ছবি কেনেকৈ দেখুওৱা হৈছিল সেই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

এই ঘটনাত তথ্য প্ৰযুক্তি আইনৰ অধীনত ২টা এফআইআৰ দাখিল কৰা হৈছে। ৰে’লৱেৰ এক বিবৃতি অনুসৰি বিজ্ঞাপন সংস্থাটোক ব্লেকলিষ্ট কৰা হৈছে।

অৱশ্যে এনেধৰণৰ অদ্ভূত কাণ্ড প্ৰথমবাৰৰ বাবে ঘটা নাই। ইয়াৰ আগতেও পৃথিৱীৰ বিভিন্ন প্ৰান্তত এনেকুৱা হৈছে। যাৰ বাবে প্ৰশাসন বিদ্ৰুপৰ মাজত পৰিবলগীয়া হৈছে। মুম্বাইতো ডিছপ্লে ব’ৰ্ডত অপ্ৰিয় বাৰ্তা ওলাইছিল।

যোৱা বছৰৰ ডিচেম্বৰ মাহত মুম্বাইৰ ৱৰ্লিলৈ যোৱা পথত এল ই ডি ডিছপ্লে ব’ৰ্ডত ‘Consume Marijuana Daily’ বুলি এটা বাৰ্তা দিয়া দেখা গৈছিল। অৰ্থাৎ প্ৰতিদিনে গাঞ্জা সেৱন কৰক! সেই সময়ত এই বাৰ্তাটো পথৰ বহু বাইকাৰ আৰু মটৰচাইকেল আৰোহীয়ে লক্ষ্য কৰিছিল। পিছত ডিছপ্লে ব’ৰ্ড স্থাপন কৰা কোম্পানীটোৱে দাবী কৰে যে এই বাৰ্তাটো যান্ত্ৰিক বিজুতিৰ বাবেই হৈছে।

নৱী মুম্বাই অঞ্চলতো পুনৰাবৃত্তি হৈছে একেধৰণৰ ঘটনা। পাম বিচ ৰোডৰ নৱী মুম্বাই পৌৰ নিগমৰ ডিছপ্লে ব’ৰ্ডত হিন্দী ভাষাত অশ্লীল বাৰ্তা দিয়া দেখা গৈছিল।

কেৱল এই দেশতে নহয়। বহিঃদেশতো এনে ঘটনা সংঘটিত হোৱাৰ উদাহৰণ পোৱা যায়। পাটনা ষ্টেচনৰ দৰেই ব্ৰাজিলৰ ছান্টোছ ডুমন্ট বিমানবন্দৰৰ ডিছপ্লে বৰ্ডত নীলা ছবি দেখা গৈছিল। ২০২২ চনৰ মে’ মাহ। বিমানবন্দৰৰ ডিছপ্লে ব’ৰ্ডত দেখা গ’ল নীলা ৰঙৰ গ্ৰাফিক। যিটো দেখি যাত্ৰীসকল কেইমুহূৰ্তমানৰ বাবে স্তম্ভিত হৈ পৰিল। বিমানবন্দৰৰ নীলা ছবিখন দেখি বহু যাত্ৰীয়ে সেই সময়ত কেমেৰাত বন্দী কৰিছিল। কিছুমানে ল’ৰা-ছোৱালীক ডিছপ্লে ব’ৰ্ড দেখাৰ পৰা লুকুৱাই ৰাখিছিল। পিছত বিমানবন্দৰ কৰ্তৃপক্ষই কয় যে দোষ সংশ্লিষ্ট কোম্পানীটোৰ।

জুম কল মিটিঙৰ সময়ত দেখা দিয়া নীলা ছবিৰ ঘটনাও পোহৰলৈ আহিল। যোৱা বছৰৰ মে’ মাহত আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ গৱৰ্ণৰ ক্রিষ্টোফাৰে জুম মিটিং অনুষ্ঠিত কৰিছিল৷ সেই সভাৰ সময়ত এজন সদস্যৰ ডিছপ্লেত নীলা ছবি এখন ওলাল। যাৰ চাৰিওফালে হুলস্থুল। পিছত দাবী কৰা হৈছিল যে সভাত উপস্থিত থকা এজন সদস্যই ডিছপ্লেটো ‘হেক’ কৰিছিল।

চলিত বৰ্ষৰ জানুৱাৰী মাহত এগৰাকী পৰ্ণ ষ্টাৰে লাছ ভেগাছলৈ যোৱা বিমানত নীলা ছবিৰ ভিডিঅ’ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। পিছত তেওঁ ইয়াৰ বাবে ক্ষমা খুজিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক