--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওছামা বিন লাডেনৰ নাম শুনিলে এসময়ত বিশ্ব কঁপি উঠিছিল। ইছলামিক সন্ত্ৰাসবাদীজনক অন্যতম ঘৃণীত ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। কিন্তু ভাৰতত লাভ কৰা গৈছে এই লাডেনৰে এজন অনুৰাগী। আনকি অনুৰাগীজন ইছলাম ধৰ্মাৱলম্বীও নহয়, বৰঞ্চ হিন্দু ধৰ্মৰ। বৃত্তিত চৰকাৰী কৰ্মচাৰী।

আল কায়দাৰ প্ৰতিষ্ঠাতা লাডেনৰ ছবি কাৰ্যালয়ত ওলোমাই ৰাখিছল অনুৰাগীজনে। ফলত চাকৰি হেৰুৱাবলগীয়া হৈছে তেওঁ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ এগৰাকী মহকুমা বিষয়াক নিজৰ কাৰ্যালয়ত লাডেনৰ ছবি ৰখাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ৰবীন্দ্ৰ প্ৰকাশ গৌতম নামৰ বিষয়াগৰাকীয়ে লাডেনক নিজৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছি। সেয়ে নিজ কাৰ্যালয়ত লাডেনৰ এখন ছবি ৰাখিছিল। ২০২২ বৰ্ষৰ জুন মাহত ফাৰুখাবাদ জিলাৰ কায়ামগঞ্জ মহকুমা-২ ত নিযুক্তি লাভ কৰিছিল তেওঁ। তেতিয়াৰে পৰা বিষয়াগৰাকীয়ে লাডেনৰ ছবিখন কাৰ্যালয়ত ৰাখিছিল।

তেওঁৰ কাৰ্যালয়ৰ এক ভিডিঅ’ ক্লিপ শেহতীয়াকৈ ভাইৰেল হয়। তাৰপাছতে দক্ষিণাঞ্চল বিদ্যুৎ বিত্ৰাণ নিগমে গৌতমক চাকৰিৰ পৰা নিলম্বন কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত উত্তৰ প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে। সোমবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

কিন্তু কিয় ওছামা বিন লাডেনৰ অনুৰাগী আছিল গৌতম? জানিব পৰা মতে, লাডেন এগৰাকী অভিযন্তাৰ ডিগ্ৰীধাৰী হোৱাৰ বাবেই গৌতমে লাডেনক আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক