--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওছামা বিন লাডেনৰ নাম শুনিলে এসময়ত বিশ্ব কঁপি উঠিছিল। ইছলামিক সন্ত্ৰাসবাদীজনক অন্যতম ঘৃণীত ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। কিন্তু ভাৰতত লাভ কৰা গৈছে এই লাডেনৰে এজন অনুৰাগী। আনকি অনুৰাগীজন ইছলাম ধৰ্মাৱলম্বীও নহয়, বৰঞ্চ হিন্দু ধৰ্মৰ। বৃত্তিত চৰকাৰী কৰ্মচাৰী।

আল কায়দাৰ প্ৰতিষ্ঠাতা লাডেনৰ ছবি কাৰ্যালয়ত ওলোমাই ৰাখিছল অনুৰাগীজনে। ফলত চাকৰি হেৰুৱাবলগীয়া হৈছে তেওঁ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ এগৰাকী মহকুমা বিষয়াক নিজৰ কাৰ্যালয়ত লাডেনৰ ছবি ৰখাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ৰবীন্দ্ৰ প্ৰকাশ গৌতম নামৰ বিষয়াগৰাকীয়ে লাডেনক নিজৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছি। সেয়ে নিজ কাৰ্যালয়ত লাডেনৰ এখন ছবি ৰাখিছিল। ২০২২ বৰ্ষৰ জুন মাহত ফাৰুখাবাদ জিলাৰ কায়ামগঞ্জ মহকুমা-২ ত নিযুক্তি লাভ কৰিছিল তেওঁ। তেতিয়াৰে পৰা বিষয়াগৰাকীয়ে লাডেনৰ ছবিখন কাৰ্যালয়ত ৰাখিছিল।

তেওঁৰ কাৰ্যালয়ৰ এক ভিডিঅ’ ক্লিপ শেহতীয়াকৈ ভাইৰেল হয়। তাৰপাছতে দক্ষিণাঞ্চল বিদ্যুৎ বিত্ৰাণ নিগমে গৌতমক চাকৰিৰ পৰা নিলম্বন কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত উত্তৰ প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে। সোমবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

কিন্তু কিয় ওছামা বিন লাডেনৰ অনুৰাগী আছিল গৌতম? জানিব পৰা মতে, লাডেন এগৰাকী অভিযন্তাৰ ডিগ্ৰীধাৰী হোৱাৰ বাবেই গৌতমে লাডেনক আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু