--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সততে চৰকাৰে জীৱ- জন্তু সুৰক্ষাৰ কথা কয় যদিও এইখন ভাৰতবৰ্ষতে এতিয়া চলিছে অবাধ গতিত কুকুৰ হত্যা যজ্ঞ৷এতিয়া বিহাৰৰ ৰাজপথত দেখা গৈছে এটাৰ পিছত আনটো গুলীবিদ্ধ কুকুৰ৷কুকুৰ হত্যাৰ  বাবে ৰাজ্য চৰকাৰে নিযুক্তি দিছে কৌশলী শ্বুটাৰক৷ এই দাবী স্পষ্ট কৰিছে  বিভিন্ন সংবাদ মাধ্যমে। যোৱা দুদিনত, বেগুচৰাই জিলাত ২৪ টা পথৰ কুকুৰ হত্যা কৰা হৈছে। এই ঘটনাটো বৃহস্পতিবাৰে পোহৰলৈ আহিছিল।

একেখন ৰাজ্যতে মঙলবাৰে হত্যা কৰা হৈছিল ১৫ টা কুকুৰ৷  বুধবাৰে আন ৯ টা কুকুৰৰ মৃত্যু হৈছিল। সমান্তৰালভাৱে যোৱা সপ্তাহত ১২ টা  কুকুৰ নিহত হৈছিল। এনেদৰে দৈনিক কুকুৰ নিহত হোৱা ঘটনাৰ বাবে এতিয়া গোমা উত্তেজনা বিৰাজ কৰিছে  বিহাৰত।

কিন্তু কুকুৰবোৰক কিয় হত্যা কৰা হৈছে?

 চৰকাৰী বিষয়াসকলৰ মতে, বেগুচৰাই জিলাৰ বাচচোৱা খণ্ডৰ বিভিন্ন গাঁৱৰ বাসিন্দাসকলক পথৰ কুকুৰে আক্ৰমণ কৰিছে। বিশেষকৈ, মহিলাসকল ক্ষতিগ্ৰস্ত হৈছে। দেওবাৰে, জিলা চিকিৎসালয়ত কুকুৰে কামোৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয়। সোমবাৰে, পথাৰত কাম কৰি থকা অৱস্থাত কুকুৰৰ আক্ৰমণত আৰু তিনিগৰাকী মহিলা আহত হয়। তেওঁলোকক চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

যোৱা এবছৰত, কুকুৰৰ আক্ৰমণত ৯ গৰাকী মহিলাৰ মৃত্যু হৈছে। আন বহুতো লোক আঘাতপ্ৰাপ্ত হৈছিল। শ শ গাওঁবাসীয়ে কুকুৰৰ ভয়ত জীয়াই আছে। যোৱা মাহত চাৰিজন লোকৰ মৃত্যু হৈছিল।গতিকে সমস্যা সমাধানৰ বাবে চৰকাৰে  কুকুৰবোৰক হত্যা কৰাৰ সিদ্ধান্ত লোৱা দেখা গৈছে৷ 

 বিশেষজ্ঞসকলৰ এটা দলৰ মতে, গাওঁবাসীয়ে মৃত জন্তুৰ মৃতদেহ মুকলিকৈ এৰি দিছে।সেই মৃতদেহবোৰ ভক্ষণ কৰাৰ বাবেই  কুকুৰবোৰৰ হিংসাত্মক হৈ উঠিছে বুলি মন্তব্য কৰিছে একাংশ গাওঁবাসীয়ে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক