--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সততে চৰকাৰে জীৱ- জন্তু সুৰক্ষাৰ কথা কয় যদিও এইখন ভাৰতবৰ্ষতে এতিয়া চলিছে অবাধ গতিত কুকুৰ হত্যা যজ্ঞ৷এতিয়া বিহাৰৰ ৰাজপথত দেখা গৈছে এটাৰ পিছত আনটো গুলীবিদ্ধ কুকুৰ৷কুকুৰ হত্যাৰ  বাবে ৰাজ্য চৰকাৰে নিযুক্তি দিছে কৌশলী শ্বুটাৰক৷ এই দাবী স্পষ্ট কৰিছে  বিভিন্ন সংবাদ মাধ্যমে। যোৱা দুদিনত, বেগুচৰাই জিলাত ২৪ টা পথৰ কুকুৰ হত্যা কৰা হৈছে। এই ঘটনাটো বৃহস্পতিবাৰে পোহৰলৈ আহিছিল।

একেখন ৰাজ্যতে মঙলবাৰে হত্যা কৰা হৈছিল ১৫ টা কুকুৰ৷  বুধবাৰে আন ৯ টা কুকুৰৰ মৃত্যু হৈছিল। সমান্তৰালভাৱে যোৱা সপ্তাহত ১২ টা  কুকুৰ নিহত হৈছিল। এনেদৰে দৈনিক কুকুৰ নিহত হোৱা ঘটনাৰ বাবে এতিয়া গোমা উত্তেজনা বিৰাজ কৰিছে  বিহাৰত।

কিন্তু কুকুৰবোৰক কিয় হত্যা কৰা হৈছে?

 চৰকাৰী বিষয়াসকলৰ মতে, বেগুচৰাই জিলাৰ বাচচোৱা খণ্ডৰ বিভিন্ন গাঁৱৰ বাসিন্দাসকলক পথৰ কুকুৰে আক্ৰমণ কৰিছে। বিশেষকৈ, মহিলাসকল ক্ষতিগ্ৰস্ত হৈছে। দেওবাৰে, জিলা চিকিৎসালয়ত কুকুৰে কামোৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয়। সোমবাৰে, পথাৰত কাম কৰি থকা অৱস্থাত কুকুৰৰ আক্ৰমণত আৰু তিনিগৰাকী মহিলা আহত হয়। তেওঁলোকক চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

যোৱা এবছৰত, কুকুৰৰ আক্ৰমণত ৯ গৰাকী মহিলাৰ মৃত্যু হৈছে। আন বহুতো লোক আঘাতপ্ৰাপ্ত হৈছিল। শ শ গাওঁবাসীয়ে কুকুৰৰ ভয়ত জীয়াই আছে। যোৱা মাহত চাৰিজন লোকৰ মৃত্যু হৈছিল।গতিকে সমস্যা সমাধানৰ বাবে চৰকাৰে  কুকুৰবোৰক হত্যা কৰাৰ সিদ্ধান্ত লোৱা দেখা গৈছে৷ 

 বিশেষজ্ঞসকলৰ এটা দলৰ মতে, গাওঁবাসীয়ে মৃত জন্তুৰ মৃতদেহ মুকলিকৈ এৰি দিছে।সেই মৃতদেহবোৰ ভক্ষণ কৰাৰ বাবেই  কুকুৰবোৰৰ হিংসাত্মক হৈ উঠিছে বুলি মন্তব্য কৰিছে একাংশ গাওঁবাসীয়ে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু