--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছনু সুদক ভগৱানৰ দূত বুলি জনা যায়। তেওঁ অলেখ অভাৱগ্ৰস্ত লোকক সহায়ৰ হাত আগবঢ়াই সমস্যাৰ সমাধান কৰি আহিছে। বিশেষকৈ লক ডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিকসকলক নিজ বাসগৃহলৈ প্ৰেৰণ কৰিবলৈ অভিনেতাগৰাকীয়ে লোৱা প্ৰচেষ্টাক দেশবাসীয়ে আজীৱন মনত ৰাখিব। ছনু সুদে বিভিন্ন সমাজসেৱামূলক তথা মানৱদৰদী কাম-কাজ কৰি দেশবাসীৰ মৰম আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মানৱদৰদী ছনু সুদৰ কথা কেৱল দেশতে নহয় বিদেশতো চৰ্চা হয়।

পাছে সদায়ে প্ৰশংসা লাভ কৰা ছনু সুদে শেহতীয়াকৈ সন্মুখীন হৈছে সমালোচনাৰ। কোনে সমালোচনা কৰিলে ছনু সুদক? দেশৰ ৰে’ল বিভাগে ছনু সুদৰ প্ৰতি প্ৰেৰণ কৰিছে এক সতৰ্কবাণী। 

যোৱা ১৩ ডিচেম্বৰত ছনু সুদে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এক ভিডিঅ’। ভিডিঅ’টোত তেওঁক চলন্ত ৰে’ল এখনৰ এটা ডবাৰ দৰ্জাত ধৰি বহি যোৱা দেখিবলৈ পোৱা গৈছিল।

শেহতীয়াকৈ এই ভিডিঅ’টো ৰে’ল বিভাগৰ দৃষ্টিগোচৰ হয় আৰু বুধবাৰে নৰ্থাৰ্ণ ৰে’লৱেই ভিডিঅ’টো ৰি-টুইট কৰি এইদৰে যাত্ৰা কৰাৰ বাবে ছনু সুদক সমালোচনা কৰি এনে কাৰ্যক বিপজ্জনক বুলি সোঁৱৰাই দিয়ে আৰু লগতে পুনৰ এনে নকৰিবলৈও পৰামৰ্শ দিয়ে।

নৰ্থাৰ্ণ ৰে’লৱে লিখিছিল, ‘‘প্ৰিয় ছনু সুদ.. দেশ আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ মানুহে আপোনাক আদৰ্শ বুলি ভাবে। ৰেলৰ দৰ্জামুখত এনেদৰে বহি যাত্ৰা কৰাটো অতি বিপদজনক। এনেধৰণৰ ভিডিঅ’ই ভুল বাৰ্তা বিয়পাব পাৰে। অনুগ্ৰহ কৰি এই কাম নকৰিব। এক সুগম আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক।”

ইয়াৰ পিছত অৱশ্যে ৰে’লৱেৰ ওচৰত ক্ষমা খুজি ছনু সুদে ৰিটুইট কৰে। তেওঁ কয়, ‘‘মই ক্ষমাপ্ৰাৰ্থী। মই মাত্ৰ চাবলৈ চেষ্টা কৰিছিলো সেই লাখ লাখ দুখীয়া মানুহে কেনে অনুভৱ কৰে যাৰ জীৱন এতিয়াও ৰে’লত এনেদৰে বহিয়েই পাৰ হৈ গৈছে। মোক দিয়া এই বাৰ্তাৰ বাবে দেশৰ ৰে’ল বিভাগক ধন্যবাদ।” আচলতে অভিনেতাজনে দৰিদ্ৰ লোকসকলৰ যন্ত্ৰণা বুজিবলৈ চেষ্টা কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক