--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছনু সুদক ভগৱানৰ দূত বুলি জনা যায়। তেওঁ অলেখ অভাৱগ্ৰস্ত লোকক সহায়ৰ হাত আগবঢ়াই সমস্যাৰ সমাধান কৰি আহিছে। বিশেষকৈ লক ডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিকসকলক নিজ বাসগৃহলৈ প্ৰেৰণ কৰিবলৈ অভিনেতাগৰাকীয়ে লোৱা প্ৰচেষ্টাক দেশবাসীয়ে আজীৱন মনত ৰাখিব। ছনু সুদে বিভিন্ন সমাজসেৱামূলক তথা মানৱদৰদী কাম-কাজ কৰি দেশবাসীৰ মৰম আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মানৱদৰদী ছনু সুদৰ কথা কেৱল দেশতে নহয় বিদেশতো চৰ্চা হয়।

পাছে সদায়ে প্ৰশংসা লাভ কৰা ছনু সুদে শেহতীয়াকৈ সন্মুখীন হৈছে সমালোচনাৰ। কোনে সমালোচনা কৰিলে ছনু সুদক? দেশৰ ৰে’ল বিভাগে ছনু সুদৰ প্ৰতি প্ৰেৰণ কৰিছে এক সতৰ্কবাণী। 

যোৱা ১৩ ডিচেম্বৰত ছনু সুদে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এক ভিডিঅ’। ভিডিঅ’টোত তেওঁক চলন্ত ৰে’ল এখনৰ এটা ডবাৰ দৰ্জাত ধৰি বহি যোৱা দেখিবলৈ পোৱা গৈছিল।

শেহতীয়াকৈ এই ভিডিঅ’টো ৰে’ল বিভাগৰ দৃষ্টিগোচৰ হয় আৰু বুধবাৰে নৰ্থাৰ্ণ ৰে’লৱেই ভিডিঅ’টো ৰি-টুইট কৰি এইদৰে যাত্ৰা কৰাৰ বাবে ছনু সুদক সমালোচনা কৰি এনে কাৰ্যক বিপজ্জনক বুলি সোঁৱৰাই দিয়ে আৰু লগতে পুনৰ এনে নকৰিবলৈও পৰামৰ্শ দিয়ে।

নৰ্থাৰ্ণ ৰে’লৱে লিখিছিল, ‘‘প্ৰিয় ছনু সুদ.. দেশ আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ মানুহে আপোনাক আদৰ্শ বুলি ভাবে। ৰেলৰ দৰ্জামুখত এনেদৰে বহি যাত্ৰা কৰাটো অতি বিপদজনক। এনেধৰণৰ ভিডিঅ’ই ভুল বাৰ্তা বিয়পাব পাৰে। অনুগ্ৰহ কৰি এই কাম নকৰিব। এক সুগম আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক।”

ইয়াৰ পিছত অৱশ্যে ৰে’লৱেৰ ওচৰত ক্ষমা খুজি ছনু সুদে ৰিটুইট কৰে। তেওঁ কয়, ‘‘মই ক্ষমাপ্ৰাৰ্থী। মই মাত্ৰ চাবলৈ চেষ্টা কৰিছিলো সেই লাখ লাখ দুখীয়া মানুহে কেনে অনুভৱ কৰে যাৰ জীৱন এতিয়াও ৰে’লত এনেদৰে বহিয়েই পাৰ হৈ গৈছে। মোক দিয়া এই বাৰ্তাৰ বাবে দেশৰ ৰে’ল বিভাগক ধন্যবাদ।” আচলতে অভিনেতাজনে দৰিদ্ৰ লোকসকলৰ যন্ত্ৰণা বুজিবলৈ চেষ্টা কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু