--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এগৰাকী আগশাৰীৰ অৰ্থনীতিবিদ ড° মনমোহন সিঙে আজি এক ভিডিঅ’বাৰ্তা ৰাজহুৱা কৰিছে৷ ৯ মিনিটজোৰা ভিডিঅ’বাৰ্তাৰ জৰিয়তে ড° সিঙে দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত ভূমুকি মাৰিলে৷ পঞ্জাব নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড° সিঙৰ এই ভিডিঅ’বাৰ্তা দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট চৰ্চিত হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবোহাৰ ৰেলীৰ পূৰ্বে তেওঁ ভিডিঅ’বাৰ্তাটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে মোদী চৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদ ভুৱা৷ চীনে ভাৰতৰ ওপৰত চলোৱা ধাৰাবাহিক আগ্ৰাসনৰ বিষয়টোতো মনমোহন সিঙে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে৷ তেওঁ কয় যে, এবছৰ ধৰি চীনা সেনাই ভাৰতৰ ভূমিত অৱস্থান কৰি আছে। তেওঁ লগতে কয়, এই চৰকাৰে সংবিধানক বিশ্বাস নকৰে। বৰ্তমানৰ চৰকাৰখন কেৱল দেশৰ ভিতৰতেই নহয় বৈদেশিক নীতিৰ ক্ষেত্ৰতো বিফল হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কৃষি আইনৰ বিষয়তো কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে আৰু অভিযোগ কৰি কয় যে, চৰকাৰৰ নীতিৰ ফলত ধনীসকল অধিক ধনী হৈ গৈ আছে, আনহাতে দৰিদ্ৰসকল অধিক দৰিদ্ৰ হৈ পৰিছে। ভিডিঅ’বাৰ্তাটোত তেওঁ লগতে বিজেপি নেতাসকলক তীব্ৰ সমালোচনা কৰি কয়, ৰাজনীতিবিদসকলক আলিংগন কৰি বা বিনামূলীয়াকৈ বিৰিয়ানী খাবলৈ গ’লেই সম্পৰ্ক উন্নত নহয়। মানুহে আমাৰ (কংগ্ৰেছ) ভাল কামৰ কথা মনত ৰাখিছে। বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বিষয়টোক লৈ পঞ্জাবৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যবাসীক অসন্মান কৰিবলৈ চেষ্টা কৰিছিল। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অৰ্থনৈতিক নীতিৰ সৈতে কোনো স্পষ্ট ধাৰণা নাই বুলি স্পষ্ট মন্তব্য কৰে ড°মনমোহন সিঙে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ