--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এগৰাকী আগশাৰীৰ অৰ্থনীতিবিদ ড° মনমোহন সিঙে আজি এক ভিডিঅ’বাৰ্তা ৰাজহুৱা কৰিছে৷ ৯ মিনিটজোৰা ভিডিঅ’বাৰ্তাৰ জৰিয়তে ড° সিঙে দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত ভূমুকি মাৰিলে৷ পঞ্জাব নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড° সিঙৰ এই ভিডিঅ’বাৰ্তা দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট চৰ্চিত হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবোহাৰ ৰেলীৰ পূৰ্বে তেওঁ ভিডিঅ’বাৰ্তাটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে মোদী চৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদ ভুৱা৷ চীনে ভাৰতৰ ওপৰত চলোৱা ধাৰাবাহিক আগ্ৰাসনৰ বিষয়টোতো মনমোহন সিঙে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে৷ তেওঁ কয় যে, এবছৰ ধৰি চীনা সেনাই ভাৰতৰ ভূমিত অৱস্থান কৰি আছে। তেওঁ লগতে কয়, এই চৰকাৰে সংবিধানক বিশ্বাস নকৰে। বৰ্তমানৰ চৰকাৰখন কেৱল দেশৰ ভিতৰতেই নহয় বৈদেশিক নীতিৰ ক্ষেত্ৰতো বিফল হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কৃষি আইনৰ বিষয়তো কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে আৰু অভিযোগ কৰি কয় যে, চৰকাৰৰ নীতিৰ ফলত ধনীসকল অধিক ধনী হৈ গৈ আছে, আনহাতে দৰিদ্ৰসকল অধিক দৰিদ্ৰ হৈ পৰিছে। ভিডিঅ’বাৰ্তাটোত তেওঁ লগতে বিজেপি নেতাসকলক তীব্ৰ সমালোচনা কৰি কয়, ৰাজনীতিবিদসকলক আলিংগন কৰি বা বিনামূলীয়াকৈ বিৰিয়ানী খাবলৈ গ’লেই সম্পৰ্ক উন্নত নহয়। মানুহে আমাৰ (কংগ্ৰেছ) ভাল কামৰ কথা মনত ৰাখিছে। বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বিষয়টোক লৈ পঞ্জাবৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যবাসীক অসন্মান কৰিবলৈ চেষ্টা কৰিছিল। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অৰ্থনৈতিক নীতিৰ সৈতে কোনো স্পষ্ট ধাৰণা নাই বুলি স্পষ্ট মন্তব্য কৰে ড°মনমোহন সিঙে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু