--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত উপ-নিৰ্বাচনৰ ৰণডংকা বাজিছে। বিজেপিয়ে ভূৱন গামক সোণোৱালৰ উত্তৰসূৰী হিচাপে নিৰ্বাচন কৰিছে । কংগ্ৰেছৰ দিনৰে পৰা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা ভূৱন গামে বিজেপিৰ টিকট লাভ কৰাটো তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে। অতি সংগোপনে বিজেপিৰে ঘনিষ্ঠতা বৃদ্ধিৰ জৰিয়তে তেওঁ এই গুৰুত্বপূৰ্ণ আসনখনত শাসকীয় দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হ’ল। মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত তেওঁ ইতিমধ্যে মাজুলী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন দাখিল কৰিছে। মনোনয়নৰ সময়ত এইগৰাকী কোটিপতি ব্যৱসায়ীয়ে নীতিমতে দাখিল কৰিছে তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ। তেওঁ নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁ আয়কৰ পৰিশোধৰ সময়ত বিভিন্ন বিত্তীয় বৰ্ষত তেওঁ উপৰ্জনৰ পৰিমান এনেধৰণে উল্লেখ কৰিছে—২০২১-২২বিত্তীয় বৰ্ষত ১৪,৭৪,৫৫০টকা। ২০২০-২১ বিত্তীয় বৰ্ষত ২৩,৫০,৭০০টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ১৮,২১,২৬৬, ১৮-১৯ বিত্তীয় বৰ্ষত ২১,৯৩,৭৪৯ আৰু ১৭-১৮ বিত্তীয় বৰ্ষত ১৯,৩৪,৮২৪টকা বুলি দেখুৱাইছে। আনহাতে তেওঁৰ হাতেজনা নগদ ধনৰ পৰিমাণ হৈছে ২,৫৭৫৩৬।আনহাতে তেওঁৰ বিভিন্ন বেংক একাউণ্টত থকা জমা ধনৰ পৰিমাণৰ হিচাপ দি তেওঁ উল্লেখ কৰিছে যে, ষ্টেট বেংক অব ইণ্ডিয়াৰ গড়চুক শাখাত থকা একাউণ্টত তেওঁৰ জমা আছে ১,১১৭.৬৯টকা। অসম গ্ৰামীণ বিকাশ বেংকৰ গোগামুখ শাখাত তেওঁৰ জমা আছে ১,৩৪,৩৪৫.২৫টকা, আইডিবিআই বেংকৰ খ্ৰীষ্টানবস্তি শাখাত তেওঁৰ জমা আছে ১,৩২,০২৩টকা। তদুপৰি একাধিক এফডিতো আছে তেওঁৰ জমা ধন। ইফালে তেওঁৰ পত্নী পূন্যৱতী কামান গামৰ নামতো আছে কেইবালাখ টকাৰ বেংক জমা। তেওঁৰ বিভিন্ন প্ৰতিষ্ঠান থকা শ্বেয়াৰ আদিৰ হিচাপ দাঙি ধৰি তেওঁ ভূৱন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড, গামছ ডেলিকেচী প্ৰাইভেট লিমিটেড, এফএনবি কিটচেন প্ৰাইভেট লিমিটেড আদিত অংশীদাৰিত্ব থকাৰ কথা উল্লেখ কৰিছে। ভূৱন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড গণেগুৰিত তেওঁৰ দহ টকা মূল্যৰ ৫০০০ৰ শ্বেয়াৰ আছে। একেদৰে গামছ ডেলিকেচীতো সমান মূল্যৰ ৫০০০শ্বেয়াৰ আছে। এফএনবি কিটচেনত তেওঁ মুঠ ২লাখ টকা মূল্যৰ ২০০০শ্বেয়াৰ আছে। ইফালে, ভূৱন কনষ্ট্ৰাকচন আৰু গামছ ডেলিকেচীত তেওঁৰ পত্নীৰো আছে সমান পৰিমাণৰ শ্বেয়াৰ। এলআইচিকে ধৰি বিভিন্ন জীৱন বীমা কোম্পানীতো তেওঁৰ আছে পলিচী। এলআইচিত তেওঁ ১৮,৮৭,৬০৪টকা মূল্যৰ পলিচী ক্ৰয় কৰি ৰাখিছে। এছবিআই লাইফ ইঞ্চুৰেন্সত তেওঁ আছে ৬লাখ টকাৰ পলিচী। ৰিলায়েন্স লাইফ ইঞ্চুৰেঞ্চত তেওঁৰ ১১,৯৯,৯৪০টকাৰ পলিচী আছে। আভিভা লাইফ ইন্সুৰেন্সত ৬লাখ ২৭ হাজাৰ, মেক্স লাইফত ১লাখ ৪৩হাজাৰ ৫২০ টকাৰ পলিচী তেওঁৰ নামত আছে। তেওঁ শপতনামাত তেওঁৰ প্ৰতিষ্ঠানৰ নামত থকা বিভিন্ন ঋণ আৰু ব্যৱসায়িক বিনিয়োগৰো তথ্য দাঙি ধৰিছে। অস্থাৱৰ সম্পত্তিৰ ভিতৰত তেওঁৰ নামত ১৪লাখ টকা দামৰ এখন ভাৰ্না গাড়ী থকাৰ কথা তেওঁ উল্লেখ কৰিছে। আনহাতে তেওঁৰ পত্নীৰ নামত আছে প্ৰায় সমমূল্যৰ এখন মহিন্দ্ৰা স্কৰপিঅ’ গাড়ী। পত্নীৰ নামত চাৰে পাঁচ লাখ টকা দামৰ এখন ৰেন’ কুইড গাড়ীও থকাৰ কথা তেওঁ উল্লেখ কৰিছে। আনহাতে তেওঁৰ নামত সোণৰ মুদ্ৰাসহ ২লাখ ২০হাজাৰ টকা মূল্যৰ আ-অলংকাৰ আছে। পত্নীৰ নামত আছে ৫,৮০হাজাৰ টকা মূল্যৰ সোণৰ অলংকাৰ। আনহাতে গামছ ডেলিকেচীত তেওঁৰ মুঠ বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে ১,৪০,৪৬, ৭০৯.১১টকা। সকলো সামৰি ভূৱন গামৰ মুঠ সম্পত্তিৰ মূল্য তেওঁ ২ কোটি, ৭৩ লাখ, ৮৭ হাজাৰ, ৬৮৫.১৫ বুলি শপতনামাত উল্লেখ কৰিছে। তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ পৰিমাণ হৈছে ৭৪,০৭,২৩৮.০৪। আনহাতে তেওঁ সদৰি কৰা তথ্য অনুসৰি তেওঁৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূ্ল্য হৈছে ৩,৯৩,৪০,০০০ টকা। ইয়াৰ ভিতৰত গোগামুখত থকা একাধিক ব্যৱসায়িত ভৱন, গুৱাহাটীত থকা বিভিন্ন সম্পত্তি আৰু মাজুলীত থকা সম্পত্তিও আছে। তেওঁৰ পত্নীৰ নামতো আছে ১,২৩,৬৪হাজাৰ টকা মূল্যৰ স্থাৱৰ সম্পত্তি আছে। এই সম্পত্তিসমূহৰ দাম এতিয়াৰ হিচাপত বহু বেছি হ’ব। মনোনয়ন দাখিলৰ সময়ত সম্পত্তিৰ এই খতিয়ান দাঙি ধৰিছে ভূৱন গামে। তেওঁৰ শপতনামাৰ পৰা থূলমূলকৈ গুৰুত্বপূ্ৰ্ণ অংশখিনি তুলি ধৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু