--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কলকাতাত মমতা বেনাৰ্জীৰ প্ৰতিবাদত এটা আউটছাইজ ৱাশ্বিং মেচিনে কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ নেতাসকলে শ্লোগান চিঞৰি থকাৰ সময়তে বংগৰ মুখ্যমন্ত্ৰীয়ে ক’লা কাপোৰ পৰিধান কৰে, যিটো ক’লা কাপোৰ প্ৰতীকীভাৱে ৱাশ্বিং মেচিনত সোমাই “বগা হৈ পৰিল”।

"বিজেপি" লেবেলযুক্ত ৱাশ্বিং মেচিনটোৱেই আছিল মমতা বেনাৰ্জীয়ে সততে উত্থাপন কৰা এটা অভিযোগৰ সামগ্ৰী - যে দুৰ্নীতিগ্ৰস্ত নেতা বিজেপিত যোগদান কৰিলে দোষমুক্ত হৈ পৰে আৰু ৰক্ষা পৰে।

"বিজেপি ৱাশ্বিং মেচিনত পৰিণত হৈছে। সকলো চোৰ-ডকাইতৰ তালিকা এখন দিয়ক - তেওঁলোক সকলোৱে তাতেই বহি আছে। সংবিধানক লৈ তেওঁলোকৰ ধৰ্মধ্বনি শুনিব লাগিব?" বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই মন্তব্য প্ৰদান কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

লগতে মমতা বেনাৰ্জীয়ে কয় যে,"ধৰ্ণা দিয়াৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে।প্ৰয়োজন হ’লে মই প্ৰধানমন্ত্ৰীৰ ঘৰতো ধৰ্ণাত বহিব পাৰো।"

তৃণমূল কংগ্ৰেছে  কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিম বংগলৈ ধন প্ৰদান নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে৷ৰাজ্যত স্থানীয় সংস্থাৰ নিৰ্বাচন আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়৷

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা তৃণমূলৰ মুৰব্বীগৰাকীয়ে এইবাৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সমৰ্থন জনাই কয় যে,"পি এম মোডীৰ নিউ ইণ্ডিয়াত বিৰোধী নেতা বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে। অপৰাধমূলক পূৰ্বসূৰী থকা বিজেপি নেতাক কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বিৰোধী নেতাসকলক তেওঁলোকৰ ভাষণৰ বাবে অযোগ্য ঘোষণা কৰা হয়। আজি আমি আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে এক নতুন নিম্ন স্তৰৰ সাক্ষী হৈছো।" 

মুখ্যমন্ত্ৰীৰ ভতিজা তথা তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়েও এই সমাৱেশত ভাষণ দি ৰাহুল গান্ধীৰ অযোগ্য ঘোষণাক লৈ প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে, "ৰাজনৈতিক বক্তব্য দি থাকোঁতে তেওঁ কিবা এটা ক'লে আৰু তাৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড দিয়া হ'ল আৰু তেওঁৰ লোকসভাৰ সদস্যপদ কাঢ়ি লৈ গ'ল। ৰাহুল গান্ধীয়ে কি ক'লে? তেওঁ ক'লে নীৰৱ মোডী, ললিত মোডী আৰু নৰেন্দ্ৰ মোডী। মই সমৰ্থন এনে কাৰ্য সমৰ্থন নকৰো।কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে মই বংগক প্ৰশ্ন কৰিব বিচাৰিছো। কেৱল মোডী উপাধিৰ বিষয়ে কিবা কোৱাৰ বাবেই তেওঁৰ সদস্যপদ বাতিল হ’ল, তেন্তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক দিদি অ’ দিদি বুলি উপহাস কৰি নাৰীক অপমান কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সদস্যপদ বাতিল কৰা নহ’বনে?’ বুলি অভিষেক বেনাৰ্জীয়ে প্ৰশ্ন কৰে।

উক্ত সভাতেই মমতা বেনাৰ্জীয়ে,২০২৪ চনৰ লোকসভা নিৰ্বাচনত সকলো ৰাজনৈতিক দলকে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়।২০২৪ চনৰ সংসদীয় নিৰ্বাচনত দেশৰ নাগৰিক আৰু বিজেপিৰ মাজত যুঁজ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় গণতন্ত্ৰ ৰক্ষাৰ বাবে গেৰুৱা দলটোক পৰাস্ত কৰিবলৈ সকলো ধৰ্মৰ লোকে একত্ৰিত হ’ব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement