--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কলকাতাত মমতা বেনাৰ্জীৰ প্ৰতিবাদত এটা আউটছাইজ ৱাশ্বিং মেচিনে কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ নেতাসকলে শ্লোগান চিঞৰি থকাৰ সময়তে বংগৰ মুখ্যমন্ত্ৰীয়ে ক’লা কাপোৰ পৰিধান কৰে, যিটো ক’লা কাপোৰ প্ৰতীকীভাৱে ৱাশ্বিং মেচিনত সোমাই “বগা হৈ পৰিল”।

"বিজেপি" লেবেলযুক্ত ৱাশ্বিং মেচিনটোৱেই আছিল মমতা বেনাৰ্জীয়ে সততে উত্থাপন কৰা এটা অভিযোগৰ সামগ্ৰী - যে দুৰ্নীতিগ্ৰস্ত নেতা বিজেপিত যোগদান কৰিলে দোষমুক্ত হৈ পৰে আৰু ৰক্ষা পৰে।

"বিজেপি ৱাশ্বিং মেচিনত পৰিণত হৈছে। সকলো চোৰ-ডকাইতৰ তালিকা এখন দিয়ক - তেওঁলোক সকলোৱে তাতেই বহি আছে। সংবিধানক লৈ তেওঁলোকৰ ধৰ্মধ্বনি শুনিব লাগিব?" বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই মন্তব্য প্ৰদান কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

লগতে মমতা বেনাৰ্জীয়ে কয় যে,"ধৰ্ণা দিয়াৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে।প্ৰয়োজন হ’লে মই প্ৰধানমন্ত্ৰীৰ ঘৰতো ধৰ্ণাত বহিব পাৰো।"

তৃণমূল কংগ্ৰেছে  কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিম বংগলৈ ধন প্ৰদান নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে৷ৰাজ্যত স্থানীয় সংস্থাৰ নিৰ্বাচন আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়৷

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা তৃণমূলৰ মুৰব্বীগৰাকীয়ে এইবাৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সমৰ্থন জনাই কয় যে,"পি এম মোডীৰ নিউ ইণ্ডিয়াত বিৰোধী নেতা বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে। অপৰাধমূলক পূৰ্বসূৰী থকা বিজেপি নেতাক কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বিৰোধী নেতাসকলক তেওঁলোকৰ ভাষণৰ বাবে অযোগ্য ঘোষণা কৰা হয়। আজি আমি আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে এক নতুন নিম্ন স্তৰৰ সাক্ষী হৈছো।" 

মুখ্যমন্ত্ৰীৰ ভতিজা তথা তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়েও এই সমাৱেশত ভাষণ দি ৰাহুল গান্ধীৰ অযোগ্য ঘোষণাক লৈ প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে, "ৰাজনৈতিক বক্তব্য দি থাকোঁতে তেওঁ কিবা এটা ক'লে আৰু তাৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড দিয়া হ'ল আৰু তেওঁৰ লোকসভাৰ সদস্যপদ কাঢ়ি লৈ গ'ল। ৰাহুল গান্ধীয়ে কি ক'লে? তেওঁ ক'লে নীৰৱ মোডী, ললিত মোডী আৰু নৰেন্দ্ৰ মোডী। মই সমৰ্থন এনে কাৰ্য সমৰ্থন নকৰো।কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে মই বংগক প্ৰশ্ন কৰিব বিচাৰিছো। কেৱল মোডী উপাধিৰ বিষয়ে কিবা কোৱাৰ বাবেই তেওঁৰ সদস্যপদ বাতিল হ’ল, তেন্তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক দিদি অ’ দিদি বুলি উপহাস কৰি নাৰীক অপমান কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সদস্যপদ বাতিল কৰা নহ’বনে?’ বুলি অভিষেক বেনাৰ্জীয়ে প্ৰশ্ন কৰে।

উক্ত সভাতেই মমতা বেনাৰ্জীয়ে,২০২৪ চনৰ লোকসভা নিৰ্বাচনত সকলো ৰাজনৈতিক দলকে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়।২০২৪ চনৰ সংসদীয় নিৰ্বাচনত দেশৰ নাগৰিক আৰু বিজেপিৰ মাজত যুঁজ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় গণতন্ত্ৰ ৰক্ষাৰ বাবে গেৰুৱা দলটোক পৰাস্ত কৰিবলৈ সকলো ধৰ্মৰ লোকে একত্ৰিত হ’ব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন