--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধি হ’ব অত্যাৱশ্যকীয় ঔষধৰ মূল্য। ১২ শতাংশ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ১ এপ্ৰিলৰ পৰাই এয়া কাৰ্যকৰী হ’ব। চৰকাৰৰ সিদ্ধান্ত অনুসৰি, ১০০০ৰো অধিক অত্যাৱশ্যকীয় ঔষধ আৰু ৩৮৪টা দৰৱৰ মূল্য বৃদ্ধি হ’ব।য

চৰকাৰে অত্যাৱশ্যকীয় ঔষধ হিচাপে শ্ৰেণীভুক্ত কৰা ৩৮৪টা ঔষধ আৰু ১০০০ৰো অধিক প্ৰস্তুতিৰ মূল্য পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই)ৰ তীব্ৰ বৃদ্ধিৰ বাবেই বাৰ্ষিক সৰ্বাধিক ১২ শতাংশতকৈ অধিক বৃদ্ধি পাব।

ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাত তালিকাভুক্ত ঔষধৰ মূল্য বাৰ্ষিক বৃদ্ধি ডব্লিউ পি আইৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এই ঔষধসমূহ খুচুৰা গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰী কৰাৰ উপৰিও বিভিন্ন চৰকাৰী স্বাস্থ্য কাৰ্যসূচীত ব্যৱহাৰ কৰা হয়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ বিষয়াসকলে কয় যে যোৱা বছৰৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ভিতৰত ডব্লিউ পি আই ১২.১২ শতাংশত আছে। অৱশ্যে এই পৰিসংখ্যা আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাই।

১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি কাৰ্যকৰী হ’ব আৰু এতিয়া যিকোনো সময়তে ইয়াক অৱগত কৰাৰ সম্ভাৱনা আছে। একেৰাহে দ্বিতীয় বছৰৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ ব্যয় ১০ শতাংশতকৈ অধিক বৃদ্ধি হ’ব। যোৱা বছৰ এই ঔষধৰ দাম বাৰ্ষিক বৃদ্ধিৰ পৰিমাণ আছিল প্ৰায় ১১ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল