--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধি হ’ব অত্যাৱশ্যকীয় ঔষধৰ মূল্য। ১২ শতাংশ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ১ এপ্ৰিলৰ পৰাই এয়া কাৰ্যকৰী হ’ব। চৰকাৰৰ সিদ্ধান্ত অনুসৰি, ১০০০ৰো অধিক অত্যাৱশ্যকীয় ঔষধ আৰু ৩৮৪টা দৰৱৰ মূল্য বৃদ্ধি হ’ব।য

চৰকাৰে অত্যাৱশ্যকীয় ঔষধ হিচাপে শ্ৰেণীভুক্ত কৰা ৩৮৪টা ঔষধ আৰু ১০০০ৰো অধিক প্ৰস্তুতিৰ মূল্য পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই)ৰ তীব্ৰ বৃদ্ধিৰ বাবেই বাৰ্ষিক সৰ্বাধিক ১২ শতাংশতকৈ অধিক বৃদ্ধি পাব।

ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাত তালিকাভুক্ত ঔষধৰ মূল্য বাৰ্ষিক বৃদ্ধি ডব্লিউ পি আইৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এই ঔষধসমূহ খুচুৰা গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰী কৰাৰ উপৰিও বিভিন্ন চৰকাৰী স্বাস্থ্য কাৰ্যসূচীত ব্যৱহাৰ কৰা হয়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ বিষয়াসকলে কয় যে যোৱা বছৰৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ভিতৰত ডব্লিউ পি আই ১২.১২ শতাংশত আছে। অৱশ্যে এই পৰিসংখ্যা আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাই।

১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি কাৰ্যকৰী হ’ব আৰু এতিয়া যিকোনো সময়তে ইয়াক অৱগত কৰাৰ সম্ভাৱনা আছে। একেৰাহে দ্বিতীয় বছৰৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ ব্যয় ১০ শতাংশতকৈ অধিক বৃদ্ধি হ’ব। যোৱা বছৰ এই ঔষধৰ দাম বাৰ্ষিক বৃদ্ধিৰ পৰিমাণ আছিল প্ৰায় ১১ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক