--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীত জড়িত থকাৰ কোনো তথ্য-প্ৰমাণ ইডিয়ে দিব নোৱৰাত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কাৰাগাৰৰ পৰা ওলায়েই আক্ৰমণাত্মক হৈ পৰা দেখা গ'ল৷ 

কালি নিশা জনতাক সম্বোধন কৰি তেওঁ বিজেপি কৰ্মীসকললৈ পুতৌ উপজিছে বুলি মন্তব্য কৰে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতা হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ বিশদ বিৱৰণেৰে পুস্তিকা উলিয়াই বিজেপিয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ কৰ্মীসকলে আৰক্ষীৰ লাঠীৰ কোব খোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আঁকোৱালি ল'লে। 

একেই ঘটনা ঘটিল ৭০ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা বুলি খোদ প্ৰধানমন্ত্ৰীয়ে জনসভাত ভাষণ দিয়া অজিত পাৱাৰৰ ক্ষেত্ৰত। আদৰ্শ হাউছিং কেলেংকাৰীত অভিযুক্ত অশোক চৌহান, পশ্চিমবংগৰ মুকুল ৰায়, সুভেন্দু অধিকাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে আন্দোলন কৰি থাকোতেই তেওঁলোকক মোদীয়ে দললৈ ৰঙা দলিচা পাৰি আদৰি আনিলে। 

প্ৰধানমন্ত্ৰী মোদীৰ শ্ল’গান দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য’তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিয়াৰ সন্দৰ্ভত সঞ্জয় সিঙে বক্ৰোক্তি কৰি কয়, দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য'তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিওঁ, এজন এজন ভ্ৰষ্টাচাৰীক বিজেপিত চামিল কৰিম। এয়া হৈছে কাৰ্যতঃ ভ্ৰষ্টাচাৰবিৰোধী নীতি।

অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব লাগে বুলি বিজেপিয়ে কৰা দাবীৰ প্ৰত্যুত্তৰত তেওঁ কয় যে বিজেপিয়ে কেজৰিৱালৰ পদত্যাগ বিচৰা নাই, তেওঁলোকে বিচাৰিছে দিল্লীৰ দুই কোটি জনতাই পাই থকা বিনামূলীয়া স্বাস্থ্যসেৱা, বিনামূলীয়া শিক্ষা, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা, বয়স্কসকলৰ বিনামূলীয়া তীৰ্থ যাত্ৰা কিয় বন্ধ কৰা নাই! দিল্লীৰ মুখ্যমন্ত্ৰীয়ে যদি বিজেপিৰ চক্ৰান্তত পৰি পদত্যাগ কৰে তেন্তে বিৰোধী দলৰ প্ৰতিজন মুখ্যমন্ত্ৰীকে পদত্যাগ কৰিবলৈ বিজেপিয়ে বাধ্য কৰাব। 

সেই পৰিকল্পনাতে কেৰালাৰ মুখ্যমন্ত্ৰীৰ জীয়ৰী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ ভতিজাকৰ বিৰুদ্ধে মোদী বাহিনীয়ে তদন্ত আৰম্ভ কৰিছেই। 

ওছামা বিন লাডেনে শান্তিৰ কথা পতা আৰু বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা একেই বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিৰোধী নেতাক আক্ৰোশমূলকভাৱে মোদী চৰকাৰে জে'ললৈ নিক্ষেপ কৰা কাৰ্যৰ প্ৰতিবাদত চলিত লোকসভা নিৰ্বাচনত সকলোকে ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ দিবলৈ তেওঁ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ