--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বৰ্তমান তিহাৰ জে’লত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পাছতে  তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱা বুলি দাবী কৰিছে আম আদমি পাৰ্টীয়ে। যাক লৈ আপৰ প্ৰতিজন সদস্য উদ্বিগ্ন হৈ পৰিছে। মধুমেহ ৰোগৰ বাবে কেজৰিৱালৰ ওজন হ্ৰাস পাইছে বুলি চিন্তিত হৈ পৰিছে আপৰ সদস্যসকল।

পাছে আপৰ এই দাবী খণ্ডন কৰি তিহাৰ জেল কৰ্তৃক্ষই কয় যে অৰবিন্দ কেজৰিৱালৰ ওজন ৬৫ কেজি আৰু জেলত থকাৰ পাছতো তেওঁৰ ওজন ৬৫ কেজিয়েই হৈ আছে। ওজন কমা নাই কেজৰিৱালৰ। 

কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অহা ৭ এপ্ৰিল, দেওবাৰে সমূহীয়া উপবাস তথা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে আম আদমী পাৰ্টীয়ে।

দলটোৰ গনেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয় এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ মুখপাত্ৰ হেমন্ত ফুকনে এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ শ্ৰীমন্ত মাধৱদেৱ পথৰ সমীপৰ চচলস্থিত প্ৰতিবাদস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। 

দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হ’বলগীয়া এই সমূহীয়া উপবাসত আপ, অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীকে ধৰি বিষয়ববীয়াসকল, কামৰূপ (মহানগৰ) সমিতি, জি এম চি সমিতি, মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, অসমৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিয়ে নিজ নিজ স্থানত উক্ত দিনা সমূহীয়া প্ৰতিবাদ তথা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আম আদমি পাৰ্টীয়ে সাধাৰণ জনতাকো আহ্বান জনাইছে। যিয়ে এই স্থানলৈ গৈ উপবাস কৰিব নোৱাৰে তেওঁলোকক নিজ ঘৰতে বা কৰ্মস্থানত ৭ এপ্ৰিলৰ দিনটো উপবাসে থাকি অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনা কৰিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু