--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত সংবিধান বিতৰ্কৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আম্বেদকাৰ-মন্তব্যক লৈ সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত সংঘাত সংঘৰ্ষৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে দুয়োটা দলৰ মাজত হোৱা সংঘটত বিজেপিৰ সাংসদ প্ৰতাপ চন্দ্ৰ শৰংগী আহত হয়। 

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰে ওড়িশাৰ বালেশ্বৰ সাংসদ শৰংগীয়ে। প্ৰাপ্ত খবৰ অনুসৰি শৰংগীৰ মূৰত আঘাতপ্ৰাপ্ত হয়। সতীৰ্থ বিজেপি সাংসদ আৰু লোকসভাৰ কৰ্মীসকলে তেওঁক ধৰি অধিৱেশন কক্ষৰ পৰা উলিয়াই অনাৰ পিছতে ৰাহুলে শৰংগীক দেখা কৰে। ইয়াৰ পিছত আহত সাংসদজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰসংগক্ৰমে মঙলবাৰে ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰীয়া উপলক্ষত বিতৰ্কৰ শেষত ভাষণত অমিত শ্বাহে কয়, এতিয়া  আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ...লোৱাটো এটা ফেশ্বন, ইমানবাৰ ঈশ্বৰৰ নাম ল’লে সাতটা জন্মৰ স্বৰ্গ পালেহেঁতেন। অমিত শ্বাহৰ এই বতৰ্কিত মন্তব্যক লৈ সদনৰ পৰিৱেশ উত্তাল হৈ পৰে৷

সংসদ চৌহদত কংগ্ৰেছ তথা ইণ্ডিয়াগোট আৰু বিজেপিৰ সাংসদসকলৰ মাজত হোৱা সংঘটৰ পাছত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি বিজেপিৰ সাংসদে তেওঁৰ প্ৰৱেশত বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক চিৰিৰে ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইফালে আহত বিজেপি সাংসদ দুজনক আৰ এম এল হাস্পতাললৈ লৈ যোৱা হৈছে কাৰণ দলটোৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে বল প্ৰয়োগ আৰু হিংসা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

বিজেপিৰ দুজন সাংসদক লৈ হুলস্থুল আৰু ইণ্ডিয়া গোটৰ আৰু এন ডি এৰ সাংসদৰ মাজত হোৱা সংঘাটৰ পাছত ৰাজ্যসভা আৰু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হয়। আৰু ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা সংসদৰ পুনৰ কাৰ্যসূচী আৰম্ভ হ’ব বুলি সদৰী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ