--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী পক্ষই কিছুদিনৰ পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ শেহতীয়া খবৰ অনুসৰি জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ কৰিছে ৰাজ্যসভাত। যোৱা সপ্তাহত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলে একত্ৰিত হৈ ধনখৰৰ বিৰুদ্ধে ৰাজ্যসভাত অনাস্থা প্ৰস্তাৱ আনিছিল। কিন্তু অনাস্থা প্ৰস্তাৱৰ ক্ৰটিৰ বাবে বৃহস্পতিবাৰে ৰাজ্যসভাৰ উপাধ্যক্ষ তথা জেডিইউৰ সাংসদ হৰিবংশ নাৰায়ণ সিঙে নাকচ কৰে। 

ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে কয় যে অনাস্থা প্ৰস্তাৱটোত ‘বহুত ত্ৰুটি’ আছে। ইয়াৰোপৰি উপাধ্যক্ষই কয়  যে ধনখৰৰ ‘সন্মান ধ্বংস কৰাৰ উদ্দেশ্যে খৰখেদাকৈ এই অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছে বুলি উল্লেখ কৰে।

উপ-ৰাষ্ট্ৰপতি পদটো দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদ। তেওঁ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰে। এই অনাস্থা প্ৰস্তাৱ অনাৰ ক্ষেত্ৰত ১৪ দিনৰ জাননী দিব লাগে। যিটো ধনখৰৰ এই ক্ষেত্ৰত কৰা হোৱা নাছিল। সেয়ে হৰিবংশে ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ নাকচ কৰে৷ তাৰোপৰি ধনখৰৰ নামৰ বানান শুদ্ধ নহয় বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ১০ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদে ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। কংগ্ৰেছ, তৃণমূল, আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি তথা ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো অংশগ্ৰহণকাৰী দলে একত্ৰিতভাৱে প্ৰস্তাৱ দাখিল কৰিছিল। অনাস্থা প্ৰস্তাৱত বিৰোধী শিবিৰৰ ৬০জন সাংসদে স্বাক্ষৰ কৰি সচিবালয়ত জমা দিছিল।

কিন্তু এই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যসভাৰ অধ্যক্ষক অপসাৰণ কৰাটো বিৰোধীৰ প্ৰয়াস হৈ ৰ’ল৷ ৰাজ্যসভাৰ সম্পাদক পিচি মোদীয়ে বিৰোধীয়ে অনা আস্থা প্রস্তাৱ উপ অধ্যক্ষ হৰিবংশৰ ওচৰত দাখিল কৰাৰ পাছত৷ ধনখৰক অপসাৰণৰ প্ৰস্তাৱটো বিচাৰ কৰাৰ পিছত এই প্ৰস্তাৱ দেশৰ সাংবিধানিক স্থিতি ‘কলংকিত’ কৰাৰ প্ৰয়াস বুলি উপাধ্যক্ষগৰাকীয়ে উল্লেখ কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ