--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীব্ৰ বাক-বিতণ্ডাৰ মাজতে লোকসভাত উত্থাপন হ’ল ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে মঙলবাৰে লোকসভাত ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইনৰ সংশোধনী বিধেয়ক উত্থাপন কৰে৷ 

বিধেয়ক দুখনৰ বিৰুদ্ধে বিৰোধীৰ আপত্তিক যটায় যদিও। চৰকাৰৰ সপক্ষে সংখ্যাগৰিষ্ঠ ভোটৰ বাবে বিধেয়কখন দাখিল কৰা হয়৷অৱশ্যে বিধেয়ক দুখন সদনত গৃহীত হোৱা নাই৷ বিধেয়ক দুখন আইনত পৰিণত হ’ব নে নাই এই লৈ অনিশ্চয়তাত আছে। এনে পৰিস্থিতিত সংশোধনী বিধেয়কখন আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰসংগক্ৰমে সাধাৰণতে সংসদৰ এনে যৌথ সমিতিত সৰ্বাধিক ৩১ জন সদস্য থাকে। ইয়াৰে ২১ জন লোক সভাৰ সদস্য।ৰাজ্যসভাৰ সদস্যসকলো এই সমিতিত থাকে। আৰু যৌথ সমিতিত এটা দলৰ সদস্যৰ সংখ্যা নিৰ্ভৰ কৰে সেই দলটোৰ মুঠ সাংসদৰ সংখ্যাৰ ওপৰত।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৪৮ ঘন্টাৰ ভিতৰত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিব। কাৰণ শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশন শেষ হয়। ইতিমধ্যে ৰাজনৈতিক দলসমূহক নিজৰ সদস্যসকলক মনোনীত কৰিবলৈ আহ্বন জনোৱা হৈছে। যিহেতু সাংসদৰ ক্ষেত্ৰত বিজেপি লোকসভা একক সমখ্যাগৰীষ্ঠতা থকাৰ বাবে কমিটীত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থাকিব। কমিটীৰ অধ্যক্ষ পদতো বিজেপি সাংসদে থাকিব।

এই যুটীয়া সমিতিৰ কাৰ্যকাল ৯০ দিন। প্ৰয়োজন হ’লে সমিতিৰ কাৰ্যকাল  বৃদ্ধি কৰিব পাৰি। এই কমিটীয়ে বিধেয়ক দুখনৰ কৰবাত কোনো সংশোধনী, সংযোজন, বিলোপৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব। ইয়াৰ পিছতে লোকসভাত বিধেয়ক দুখনৰ ওপৰত ভোটদান কৰা হ’ব। লোকসভাত গৃহীত হ’লে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব। আৰু গৃহিত হ’লে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ